ETV Bharat / state

ঔৰংগজেৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ পাৰ্থক্য বিচাৰি হায়ৰাণ ৰিপুণ বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 5:25 PM IST

অমৃত কলহ নহয়, এইবাৰ অমৃত গলহ যাত্ৰা ৷ তৃণমূল কংগ্ৰেছে অমৃত গলহ নামাকৰণেৰে হাতত কলহ লৈ কৰিলে প্ৰতিবাদ ৷ অৱশ্যে উক্ত কলহত মাটি নাই, আছে জনসাধাৰণৰ সমস্যাবোৰ ৷

assam tmc protest in guwahati
তৃণমূল কংগ্ৰেছৰ অমৃত গলহ যাত্ৰা

তৃণমূল কংগ্ৰেছৰ অমৃত গলহ যাত্ৰা

গুৱাহাটী, ২৩ নৱেম্বৰ : চৰকাৰৰ অমৃত কলহ যাত্ৰাৰ পাচত এইবাৰ অসম তৃণমূল মহিলাৰ কংগ্ৰেছৰ অমৃত গলহ যাত্ৰা । জয়ানগৰস্থিত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অমৃত গলহ যাত্ৰা কাৰ্যসূচী ৰূপায়ন তৃণমূল মহিলা কংগ্ৰেছৰ ।

এক প্ৰতীকি প্ৰতিবাদ হিচাবে ৰূপায়ন কৰা হয় অমৃত গলহ যাত্ৰা । বৃহস্পতিবাৰে দলটোৰ মুখ্য কাৰ্যালয়ৰ পৰা তৃণমূল কংগ্ৰেছৰ শতাধিক মহিলা কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ । য’ত অংশগ্ৰহণ কৰে দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মীয়ে ।

শেহতীয়াকৈ চৰকাৰে জনসাধাৰণৰ ওপৰত অত্যধিক কৰৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰে উক্ত প্ৰতিবাদ ৷ হাতে-হাতে কলহ লৈ প্ৰতিবাদকাৰীসকলে দলটোৰ কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে ধাৱমান হয় যদিও কাৰ্যসূচীৰ আৰম্ভণিতে আৰক্ষীয়ে বাধা দিয়ে । ইয়াৰ পাচতে প্ৰতিবাদকাৰীসকলে জাতি-মাতি-ভেটি গ’ল, মামা-মামী ধনী হ’ল, বিজেপি চৰকাৰ হায় হয়, অসম পুলিচ গ’ বেক আদি শ্লোগানৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ।

প্ৰতিবাদকাৰীসকলে কয়, ‘‘ হিমন্ত বিশ্ব শৰ্মাই অমৃত কলহ যাত্ৰা কৰিছিল । আমিও গলহ যাত্ৰা কৰিছোঁ, কিন্তু মাটি নিবলৈ মাটি নাই । সকলো মাটি মামা আৰু মামীয়ে লৈ ল’লে । সেয়েহে আমি আমাৰ কলহত জনসাধাৰণৰ সমস্যাবোৰ এই কলহত ভৰাই দিছোঁ । সমস্যবোৰ যাতে সমাধান কৰে ।’’

আনহাত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ৰিপুণ বৰাই কয় যে, আজি বিহু পাতিলে কৰ দিব লাগে, খেল-ধেমালি কৰিলে কৰ দিব লাগে, ৰাজনৈতিক দলে সভা-সমিতি অনুষ্ঠিত কৰিলে কৰ দিব লাগে ৷ গতিকে ঔৰংজেৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাৰ্থক্য ক’ত বুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই ৷

লগতে পঢ়ক : কৰৰ বোজাৰে জনতাক টেঁটুচেপা চৰকাৰৰ বিৰুদ্ধে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.