ETV Bharat / state

অসম ৰাজ্যিক চিৰিয়াখানা বণিয়াৰ হাতত বিক্ৰী কৰিব চৰকাৰে

author img

By

Published : Oct 10, 2020, 6:28 PM IST

বিক্ৰী হোৱাৰ পথত অসম ৰাজ্যিক চিৰিয়াখানা ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চই উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ ৷

Assam State Zoo will be privatize by govt
Assam State Zoo will be privatize by govt

গুৱাহাটী, 10 অক্টোবৰ : অসম ৰাজ্যিক চিৰিয়াখানা বণিয়াৰ হাতত বিক্ৰী কৰিব চৰকাৰে ৷ এই অভিযোগ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৷ সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি এই বিস্ফোৰক অভিযোগ তোলে ৷ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই কয় যে বহু দিনৰে পৰা চিৰিয়াখানা খন ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত চলি আছে ৷

Assam State Zoo
চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সংবাদ মেল

আমি ইয়াৰ বিৰোধিতা কৰি আহিছো ৷ যদি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে ব্যাপক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷ ইয়াৰ লগতে কয় যে, চিৰিয়াখানাৰ ভগা ৱালেৰে পাৰ হৈ অহা জীৱ-জন্তু কলৈ যায় তাৰো হিচাপ নাই কৰ্তৃপক্ষৰ হাতত ৷

লগতে পঢ়ক : বদৰুদ্দিন আজমলে বিচাৰিলেই কংগ্ৰেছে এৰি নিদিয়ে বৰপেটাৰ পাঁচখন আসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.