ETV Bharat / state

লক ডাউনৰ মাজতে চিৰিয়াখানাত জন্ম দুটা ঘোঙৰ পোৱালি

author img

By

Published : Jun 23, 2021, 11:10 PM IST

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰণা মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ মাজতে পশুপ্ৰেমীৰ বাবে আহিছে এটা ভাল খবৰ । শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ মাজতে চিৰিয়াখানাত জন্ম পাইছে 2 টাকৈ ঘোঙৰ পোৱালি ৷ তাৰোপৰি এই সময়চোৱাত জন্ম পাইছে ১০ টাৰো অধিক হৰিণ পোৱালি ৷

assam-state-zoo-welcomes-newborn-member-amid-covid-19-pandemic
চিৰিয়াখানালৈ আহিছে নতুন আলহী

গুৱাহাটী,23 জুন : মহামাৰী, লকডাউন, ভেকচিন আদি সমস্যাৰ মাজতেই ৰাজ্যবাসীলৈ এটা ভাল খবৰ ৷ চিম্বাৰ পিছতেই নতুন আলহী আহিছে অসম ৰাজ্যিক চিৰিয়াখানালৈ । শেহতীয়াকৈ ক’ভিড পৰিস্থিতিৰ মাজতে চিৰিয়াখানাত জন্ম পাইছে 2 টাকৈ ঘোঙৰ পোৱালি ৷ বৰ্তমানলৈ মাকৰ লগতে থকা পোৱালি দুটাৰ অৱশ্যে লিংগ নিৰ্ণয় কৰিব পৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই ৷ তাৰোপৰি এই সময়চোৱাত জন্ম পাইছে ১০ টাৰো অধিক হৰিণ পোৱালি ৷

চিৰিয়াখানালৈ আহিছে নতুন আলহী

উল্লেখ্য যে, বিগত বৰ্ষতো চিৰিয়াখানাত বৃদ্ধি পাইছিল বন্য প্ৰাণীৰ সংখ্য ৷ 2020 বৰ্ষৰ জুন মাহত চিৰিয়াখানাত জন্ম পাইছিল এটা সিংহৰ পোৱালি । নাম ৰখা হৈছিল চিম্বা । সমান্তৰালভাৱে চুলতান আৰু সুৰেশ নামৰ ঢেকীয়াপতীয়া বাঘৰ জন্ম পাইছিল লক্ডাউনৰ সময়চোৱাত ৷ চলিত বৰ্ষৰ শেষৰ ফালে আৰু বাঘৰ পোৱালি জন্ম পোৱাৰ কথা প্ৰকাশ কৰিছে চিৰিয়াখানাৰ মুখ্য তদাৰকী কৰ্মচাৰী প্ৰবীণ হালৈয়ে ৷

বছৰৰ শেষৰ ফালে চিৰিয়াখানাৰ পৰা আৰু ভাল খবৰ আহিব ৷ উল্লেখ্য যে এই ভাল খবৰে পশুপ্ৰেমী সকললৈ আনিছে আশাৰ বতৰা ৷ ইয়াৰ পূৰ্বেও অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিছিল নতুন আলহী। এটা ক’লা সুগৰী পহুক লৈ ব্যস্ত হৈ পৰিছিল চিৰিয়াখানা কৰ্তৃপক্ষ ।

লগতে পঢ়ক:জিঅ' ট্যুৰিজিমত নতুনকৈ অন্তৰ্ভূক্ত দেশৰ ৩২ খন পৰ্যটনস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.