ETV Bharat / state

Republic Day 2022 : প্ৰবীণ সাংবাদিক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ বঁটা

author img

By

Published : Jan 26, 2022, 1:51 PM IST

প্ৰতি বছৰে গণৰাজ্য দিৱসত অসম চৰকাৰে প্ৰদান কৰে সাংবাদিকতা বঁটা । এইবছৰ সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছে প্ৰবীণ সাংবাদিক, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱাক (State government awards to journalist Anil Baruah)। এই বঁটাত আছে এক লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এখন অংগবস্ত্ৰ ।

Republic Day 2022
প্ৰবীণ সাংবাদিক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ বঁটা

গুৱাহাটী, ২৬ জানুৱাৰী : ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক, দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে চলিত বৰ্ষৰ সাংবাদিকতা বঁটা (State government awards to journalist Anil Baruah)। উল্লেখ্য যে প্ৰতি বছৰে গণৰাজ্য দিৱসত ৰাজ্য চৰকাৰে এই বঁটা ঘোষণা কৰি আহিছে । এই বঁটাত আছে এক লাখ টকা, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু এখন অংগবস্ত্ৰ ।

Republic Day 2022
প্ৰবীণ সাংবাদিক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ বঁটা

প্ৰতি বছৰে গণৰাজ্য দিৱসৰ দিনটোত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয় যদিও এইবাৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু সাল-সলনি ঘটোৱা হৈছে । বিগত সময়ত এই বঁটা আগবঢ়োৱা হৈছিল ক্ৰমে বিশিষ্ট সাংবাদিক ৰাধিকামোহন ভাগৱতী, কনকসেন ডেকা, ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, যদু কাকতি আৰু অতীন দাসলৈ ।

লগতে পঢ়ক : Padma Awards 2022: অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.