ETV Bharat / state

Assam Sahitya Sabha reacted on Lavita Drama: জ্যোতিপ্ৰসাদৰ সৃষ্টি বিকৃতকৰণ গ্ৰহণযোগ্য নহয়

author img

By

Published : Oct 12, 2022, 8:23 PM IST

Updated : Oct 12, 2022, 9:02 PM IST

Assam Sahitya Sabha reacted on Lavita Drama
অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টি বিকৃত কৰিব নালাগে । এই বিষয়ে থিয়েটাৰ গোষ্ঠীয়ে সিদ্ধান্ত ল'ব লাগে । জ্যোতিপ্ৰসাদৰ সৃষ্টিত যি অৱদান তাত একক বৈশিষ্ট্য আছে । তাক বিকৃতকৰণ গ্ৰহণযোগ্য নহয় । অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে পুৰোধা ব্যক্তিসকলৰ সৃষ্টি বিকৃতকৰণ কৰাটো (Assam Sahitya Sabha reacted on Lavita drama) ।

গুৱাহাটী, ১২ অক্টোবৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি 'লভিতা'ক একে নামেৰে নতুন ৰূপত ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰে মঞ্চস্থ কৰি একপ্ৰকাৰে ৰূপকোঁৱৰৰ অমৰ সৃষ্টিত কালিমাসনা কাৰ্যক তীব্র ভাষাৰে গৰিহণা দিছে অসম সাহিত্য সভাই (Sahitya Sabha slammed Lavita drama controversy) ।

এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই কয় যে জ্যোতিপ্ৰসাদৰ সৃষ্টি বিকৃত কৰিব নালাগে । এই বিষয়ে থিয়েটাৰ গোষ্ঠীয়ে সিদ্ধান্ত ল'ব লাগে । জ্যোতিপ্ৰসাদৰ সৃষ্টি হিচাপে থকাটো ৰাইজে বিচাৰে । জ্যোতিপ্ৰসাদৰ সৃষ্টিত যি অৱদান তাত একক বৈশিষ্ট্য আছে । তাক বিকৃতকৰণ গ্ৰহণযোগ্য নহয় । অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে পুৰোধা ব্যক্তিসকলৰ সৃষ্টি বিকৃতকৰণ কৰাটো (Assam Sahitya Sabha reacted on Lavita drama) ।

উল্লেখ্য যে ৰাজ্যৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ দল আৱাহন থিয়েটাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি লভিতাক বিকৃত ৰূপত উপস্থাপন কৰি মঞ্চস্থ কৰি থকা কাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে বিভিন্ন দল সংগঠন, বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক তথা সাংস্কৃতিক কৰ্মীৰ তীব্ৰ প্ৰতিক্ৰিয়া । আৱাহন থিয়েটাৰ আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ এনে কাৰ্যক ধিক্কাৰ দিছে ৰাইজে । লগতে লভিতা নাট প্ৰদৰ্শন বন্ধ কৰিবলৈও দাবী উত্থাপন হৈছে ।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া

উল্লেখ্য, বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰযোজিত আৱাহন থিয়েটাৰক লৈ বিতৰ্ক অব্যাহত আছে (Abahan theatre)। থিয়েটাৰখনৰ মঞ্চত এইবছৰৰ প্ৰদৰ্শিত নাট 'লভিতা'ক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Lavita drama in Abahan theatre)। গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাটক 'লভিতা'ক বিকৃতভাৱে ভ্ৰাম্যমান থিয়েটাৰ আৱাহনে মঞ্চস্থ কৰা কাৰ্যক সমালোচনা কৰিছে বিভিন্নজনে ।

চৌদিশে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে সচেতন মহল (Dramatist Abhijeet Bhattacharya)। ভাৰতীয় গণনাট্য সংঘই ইতিমধ্যে নাটখন ডিব্ৰুগড় মঞ্চস্থ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিছে ।

আনহাতে, থিয়েটাৰখনৰ প্ৰযোজক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সাংবাদিকৰ সন্মুখত কয় যে 'লভিতা'ৰ নতুন নাম সন্দৰ্ভত অচিৰেই সিদ্ধান্ত লোৱা হ'ব । গণনাট্য সংঘৰ হুংকাৰৰ প্ৰত্যুত্তৰ দি প্ৰস্তুতি পৰাশৰে কয় যে তেওঁ‌ আহ্বায়ক কমিটীয়ে যি নাটক মঞ্চস্থ কৰিব দিয়ে তাকেই মঞ্চস্থ কৰা হ'ব । ইফালে শ্লোগান বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে 'বন্দে মাতৰম' আৰু 'ভাৰত মাতা কি জয়' দুয়োটা শ্লোগানে একেই অৰ্থ বহন কৰে ।

লগতে পঢ়ক :Lavita drama controversy : লভিতাৰ নতুন নাম কি হ'ব ?

Last Updated :Oct 12, 2022, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.