ETV Bharat / state

কোন হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি! আজিৰে পৰা বলবৎ নিৰ্বাচনী আঁচৰণ বিধি

author img

By

Published : Sep 22, 2019, 6:12 PM IST

দেওবাৰৰ পৰা বলবৎ হ'ল অসম সাহিত্য সভাৰ নিৰ্বাচনী আচৰণ বিধি ৷ সাহিত্য সভাৰ মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাক ৷ মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে অসম সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া বিজন মহাজনৰ ৷

বিজন মহাজন আৰু পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

গুৱাহাটী, 22 চেপ্তেম্বৰ : অসম সাহিত্য সভাৰ আগন্তুক 2020-22 বৰ্ষৰ সভাপতি,উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনী কাম-কাজ দেওবাৰৰ পৰা আৰম্ভ হয় ৷ মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য সদৰি কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া বিজন মহাজনে । নিৰ্বাচনী কমিটিৰ মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাক ৷ আনহাতে কমিটিখনত নিৰ্বাচনী বিষয়া হিচাপে থাকিব বিজন মহাজন আৰু এছ পি ৰয় ৷ আগন্তুক তিনি আৰু চাৰি তাৰিখে গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ত দিনৰ 11 বজাত প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ ৷

বিজন মহাজন আৰু পৰমানন্দ ৰাজবংশীৰ সংবাদমেল

ইপিনে, অসম সাহিত্য সভাৰ এইবাৰৰ নিৰ্বাচন সম্পূৰ্ণৰূপে সাংবিধানিক গণ্ডীৰ ভিতৰত হ'ব ৷ দেওবাৰৰ পৰা বলবৎ হ'ল আচৰণ বিধি ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতো বলবৎ থাকিব আচৰণ বিধি ৷ আগন্তুক 1 ডিচেম্বৰ পৰা 10 ডিচেম্বৰ লৈ জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে সাব্যস্ত কৰিব ভোটদান । 15 ডিচেম্বৰত ঘোষণা কৰা হ'ব ফলাফল ৷ যি সকল প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়চোৱাত নিজৰ জীৱনপঞ্জি দাখিল কৰিব লাগিব বুলিও সংবাদমেলযোগে অৱগত কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে ৷

Intro:অসম সাহিত্য সভাৰ আগন্তুক 2020_22 বৰ্ষৰ সভাপতি , উপ সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনী কাম কাজ আৰম্ভ। অসম সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া কাৰ্য্যালয়ত সংবাদমেল যোগে এই কথা সদৰী কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ নিৰ্বাচনী বিষয়া বিজন মহাজনে। নিৰ্বাচনী সমিতিৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী বিষয়া হিচাপে থাকিব বিজন মহাজন আৰু এছ পি ৰয়। তিনি আৰু চাৰি অক্টোবৰ তাৰিখে মনোনয়ন প্ৰ পত্ৰ সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়ত দিনৰ 11 বজাৰ পৰা নিৰ্বাচনী বিষয়াৰ হাতত প্ৰদান কৰিব লাগিব।


Body: অসম সাহিত্য সভাৰ এইবাৰৰ নিৰ্বাচন সংবিধানৰ গণ্ডীৰ ভিতৰত হব । দেওবাৰৰ পৰা বলবৎ হল নিৰ্বাচনী আচৰণ বিধি। লগতে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতো অব্যাহত থাকিব আচৰণ বিধি। 1 ডিচেম্বৰ পৰা 10 ডিচেম্বৰ লৈ জিলা আৰু শাখা সাহিত্য সভাসমূহে ডাকযোগে কৰিব লাগিব ভোটদান।
10 ডিচেম্বৰত ভোটদান পৰ্ব শেষ হোৱাৰ পিছতে 15 ডিচেম্বৰত ফলাফল ঘোষণা হব। লগতে এইবাৰৰ নিৰ্বাচনত 25 জন সভ্যই প্ৰস্তাৱ কৰিব লাগিব এজন প্ৰাৰ্থীৰ নাম এই কথা কলে নিৰ্বাচনী বিষয়া বিজন মহাজনে।
bite:- বিজন মহাজন।


Conclusion:লগতে যি সকল প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব তেওঁলোকে নিজৰ জীৱনপঞ্জী দাখিল কৰিব লাগিব বুলি কলে সভাপতি পৰমানন্দ ৰাজবংশীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.