ETV Bharat / state

Protest against price hike: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jul 7, 2022, 4:19 PM IST

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ উত্তাল প্ৰতিবাদ(Protest against price hike) ৷

mahila congress committee protest against price rise
mahila congress committee protest against price rise

গুৱাহাটী, 7 জুলাই : পুনৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে জনসাধাৰণক ৷ ৰাজ্যত ঘৰুৱা সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য (LPG prices gone up again)৷ ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সম্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে (Protest against price hike) ৷

অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ (Assam pradesh mahila congress committee) সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকনৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুন লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

mahila congress committee protest against price rise
মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ মহিলা কংগ্ৰেছৰ

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে বিগত মাহটোত দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৭.৭৯ শতাংশ যদিও অসমত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ ৮.৫ শতাংশ অধিক ৷ পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অবিৰাম কেন্দ্ৰীয় কৰ বৃদ্ধি কৰি থকা নীতিৰ ফলতে এইদৰে বয়-বস্তুৰ দাম বাঢ়িছে । মুদ্ৰাস্ফীতিৰ হাৰ বাঢ়ি যোৱাৰ অৰ্থই হৈছে আটা, খোৱাতেল, শাক-পাচলি, ৰন্ধন গেছ আদিৰ অত্যধিক মূল্যবৃদ্ধি। অর্থাৎ দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ সীমাহীন দুৰ্দশা (Unlimited suffering of poor and low-income families) ।

মুদ্ৰাস্ফীতিৰ ফলত পদপথৰ সৰু-সুৰা দোকান-পোহাৰ, ক্ষুদ্ৰ ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালসকলে কর্মসংস্থান তথা জীৱিকাৰ পথ হেৰুৱাই পেলাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

লগতে বৰঠাকুৰে মূলবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি কৈ বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে (Mira Borthakur slams BJP)৷ ইয়াৰৰোপৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে বুধবাৰৰ পৰা 14.2 কিলো ওজনৰ প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি হয় (50 rs Price increase)৷ ইয়াৰ পূৰ্বেই 1000 টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ মূল্যই ৷ এই নিৰিখ অনুসৰি এতিয়াৰ পৰা গ্ৰাহকে এটা ঘৰুৱা চিলিণ্ডাৰ 1079 টকাত ক্ৰয় কৰিব লাগিব ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ প্ৰহাৰ : 50 টকাকৈ বৃদ্ধি ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.