ETV Bharat / state

BJP Mahila Morcha expresses gratitude to PM Modi: বিজেপি মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীত ধন্যবাদসূচক কাৰ্যসূচী

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:39 PM IST

Assam Pradesh BJP Mahila Morcha
বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীত ধন্যবাদসূচক কাৰ্যসূচী

মহিলাৰ সংৰক্ষণ বিধেয়ক সদনত গৃহীত হোৱাত উৎফুল্লিত বিজেপি মহিলা মৰ্চা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা বিজেপি মহিলা মৰ্চাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপে মহিলাক সমাধিকাৰ আৰু সমমৰ্যদা প্ৰদান কৰিব বুলি আশাবাদী বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা ৷

বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীত ধন্যবাদসূচক কাৰ্যসূচী

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: প্রায় তিনি দশকৰ বাদ-বিবাদ আৰু বিতৰ্কৰ পাচত মহিলাৰ সংৰক্ষণ বিধেয়কখন শেহতীয়াকৈ সদনত গৃহীত হোৱাৰ পিচত বিশেষকৈ বিজেপি দলৰ মহিলা সদস্যসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে । এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত বুধবাৰে হেঙেৰাবাৰীস্থিত কাৰ্বি যুৱ সংঘ প্ৰাংগণত ধন্যবাদসূচক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ মহিলা‌ মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই সাংবাদিকসকলৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ।‌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত “নাৰী শক্তি বন্দন অধিনিয়ম’’ সংসদত উত্থাপনৰ জৰিয়তে যি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে তাকে লৈ সৰ্বস্তৰৰ মহিলাসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপে মহিলাক সমাধিকাৰ আৰু সমমৰ্যদা প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, প্রায় তিনি দশকৰ বাদ-বিবাদ আৰু বিতৰ্কৰ পাছত মহিলাৰ সংৰক্ষণ বিধেয়ক আইনত পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে যদিও ২০২৯ চনৰ পাচতহে এই আইনখন কাৰ্যকৰী হ'ব পাৰে ।

সংসদ তথা বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ এই বিধেয়ক আইনত পৰিণত হ'লেও সমষ্টি পুননিৰ্দ্ধাৰণৰ পাচতহে এই সংৰক্ষণ কার্যকৰী হ’ব । সদনত উত্থাপন হোৱা বিধেয়ক ২০১০ চনত মনমোহন সিং চৰকাৰৰ দিনত প্রণয়ন হোৱা বিধেয়কৰ দৰেই । মাত্র ইংগ ভাৰতীয় (Anglo Indian) সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দুটা সংশোধনী বাদ দিয়া হৈছে । উল্লেখ্য যে, এই সংৰক্ষণ ব্যৱস্থা ৰাজ্যসভা বা ৰাজ্যৰ বিধান পৰিষদসমূহত প্রযোজ্য নহ'ব ।

লগতে পঢ়ক: Womens Reservation Bill : অৱশেষত বাস্তৱায়িত হ'ল নাৰী সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.