ETV Bharat / bharat

Womens Reservation Bill : অৱশেষত বাস্তৱায়িত হ'ল নাৰী সংৰক্ষণ বিধেয়ক

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:13 PM IST

অৱশেষত বাস্তৱায়িত হ'ল নাৰী সংৰক্ষণ বিধেয়ক
Womens Reservation Bill

দেশত নাৰী সংৰক্ষণ বিধেয়কৰ বাবে এইটো সহজ যাত্ৰা নহয় । কিয়নো ইয়াৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন আছে । আনহাতে, ১৯৯২ চনৰ পৰা পৰৱৰ্তী চৰকাৰসমূহৰ বাবে বিষয়টো সন্দৰ্ভত ৰাজনৈতিক সহমত গঢ়ি তোলাটো সহজ কথা নাছিল । বৰ্তমানৰ বিধেয়কখন ২০১০ চনৰ মাৰ্চ মাহত ৰাজ্যসভাত গৃহীত হৈছিল । কিন্তু তেতিয়াৰে পৰা এই বিধেয়কখন ১৩ বছৰতকৈ অধিক সময় ধৰি লোকসভাত ওলমি আছিল । বিধেয়কখন সন্দৰ্ভত ইটিভি ভাৰতৰ কৃষ্ণানন্দৰ এক প্ৰতিবেদন ।

নিউজ ডেস্ক, ১৯ ছেপ্টেম্বৰ : অৱশেষত বাস্তৱত পৰিণত হ'ল বহু প্ৰত্যাশিত আৰু বহু প্ৰতীক্ষিত নাৰী সংৰক্ষণ বিধেয়ক । লোকসভাত নাৰী সংৰক্ষণ বিধেয়ক প্ৰৱৰ্তনৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ লগতে সংসদৰ নিম্ন সদনে চলিত সপ্তাহত লোকসভা আৰু বিধানসভাসমূহত নাৰীৰ বাবে কোটা নিৰ্ধাৰণৰ ভাগ্য নিৰ্ণয় আৰু বিতৰ্ক কৰিবলৈ সাজু হৈছে । ১৩ বছৰতকৈও অধিক সময় ধৰি লোকসভাত গৃহীত নোহোৱাকৈ থকা এই সংবিধান সংশোধনী বিধেয়কখনে ব্যাপক ৰাজনৈতিক সমৰ্থন লাভ কৰিছে আৰু এতিয়া এক উল্লেখনীয় সময়ৰ মাজেৰে অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ।

অৱশ্যে এইটো দেশত নাৰী সংৰক্ষণ বিধেয়কৰ বাবে সহজ যাত্ৰা নহয় । কিয়নো ইয়াৰ বাবে সাংবিধানিক সংশোধনৰ প্ৰয়োজন আৰু বিষয়টোক কেন্দ্ৰ কৰি ১৯৯২ চনৰ পৰা পৰৱৰ্তী চৰকাৰসমূহৰ বাবে ৰাজনৈতিক সহমত গঢ়ি তোলাটো সহজ কথা নাছিল । বৰ্তমানৰ বিধেয়কখন ২০১০ চনৰ মাৰ্চ মাহত ৰাজ্যসভাত গৃহীত হৈছিল যদিও তাৰ পৰৱৰ্তী ১৩ বছৰতকৈ অধিক সময় ধৰি লোকসভাত গৃহীত নোহোৱাকৈ ওলমি আছিল ।

কিন্তু সংসদত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ আইনী প্ৰচেষ্টাৰ ইতিহাস তিনি দশকৰো অধিক পুৰণি । কিয়নো লোকসভা আৰু বিধানসভাসমূহত তেওঁলোকৰ বাবে কোটা নিৰ্ধাৰণ কৰি নাৰী সবলীকৰণৰ দাবীয়ে ১৯৯২ চনত ৭৩ সংখ্যক আৰু ৭৪ সংখ্যক সংবিধান সংশোধনী বিধেয়কত সমৰ্থন পাইছিল । এয়া তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত এই বিধেয়কসমূহ শাসনৰ তৃতীয় স্তৰ সৃষ্টিৰ বাবে গৃহীত হৈছিল, যাক পঞ্চায়তীৰাজ প্ৰতিষ্ঠান বুলি জনা যায় ।

৭৩ আৰু ৭৪ সংখ্যক এই দুটা সাংবিধানিক সংশোধনীয়ে নাৰীৰ বাবে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহত এক-তৃতীয়াংশ আসন সংৰক্ষণৰ পথ প্ৰশস্ত কৰিছে । ৰাজ্যসভাৰ সংসদীয় স্থায়ী সমিতিত আইন আৰু ন্যায় মন্ত্ৰালয়ে দাখিল কৰা পটভূমিৰ টোকা অনুসৰি, ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনত ক্ৰমান্বয়ে তিনিখন বিধেয়ক সংসদত উত্থাপন কৰা হৈছিল । কিন্তু কোনোবা নহয় কোনোবা কাৰণত বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল ।

১৯৯৬ চনৰ ১২ ছেপ্টেম্বৰত একাদশ লোকসভাত সংবিধান (৮৮ সংখ্যক সংশোধনী) বিধেয়ক, ১৯৯৬ প্ৰৱৰ্তনৰ জৰিয়তে আলোচনাৰ বাবে লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাসমূহত নাৰীৰ বাবে আসন সংৰক্ষণৰ বিষয়টো প্ৰথমে সংসদৰ দ্বাৰা উত্থাপিত হৈছিল । বিধেয়কখনৰ সংবেদনশীল ৰাজনৈতিক প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক গীতা মুখাৰ্জীৰ অধ্যক্ষতাত সংসদৰ দুয়োখন সদনৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হৈছিল । গীতা মুখাৰ্জী আছিল পশ্চিমবংগৰ পাঞ্চকুৰা সমষ্টিৰ লোকসভাৰ সদস্য ।

যদিও গীতা মুখাৰ্জী নেতৃত্বাধীন যুটীয়া সংসদীয় সমিতিয়ে ইয়াৰ প্ৰতিবেদন দাখিল কৰে আৰু ১৯৯৬ চনৰ ডিচেম্বৰত কেইবাটাও পৰামৰ্শ দিয়ে, তথাপিও ১১ সংখ্যক লোকসভা ভংগ হোৱাৰ লগে লগে বিধেয়কখন গৃহীত কৰিব পৰা নগ'ল । দ্বাদশ লোকসভাত আন এটা প্ৰচেষ্টা কৰা হৈছিল আৰু একে ধৰণৰ বিধেয়ক, সংবিধান (৮৪ সংখ্যক সংশোধনী) বিধেয়ক, ১৯৯৮ দ্বাদশ লোকসভাত উত্থাপন কৰা হৈছিল । কিন্তু ইয়ো দ্বাদশ লোকসভা ভংগ হোৱাৰ লগে লগে সমাপ্ত হৈছিল ।

তৃতীয়টো প্ৰয়াস ত্ৰয়োদশ লোকসভাত কৰা হৈছিল । সংবিধান (৮৫ সংখ্যক সংশোধনী) বিধেয়ক, ১৯৯৯ পূৰ্বৰ দুখন সংবিধান সংশোধনী বিধেয়ক অনুসৰি প্ৰস্তুত কৰা হৈছিল আৰু ১৯৯৯ চনৰ ডিচেম্বৰত লোকসভাত উত্থাপন কৰা হৈছিল । কিন্তু ৰাজনৈতিক সহমতৰ অভাৱৰ বাবে ইয়াক বিবেচনা কৰিব পৰা নগ'ল ।

লোকসভা আৰু বিধানসভাত নাৰীৰ সংৰক্ষণ ৰখাৰ বাবে সংবিধান সংশোধনী বিধেয়ক (৮৫ সংখ্যক সংশোধনী বিধেয়ক) ত্ৰয়োদশ লোকসভা ভংগ হোৱাৰ লগে লগে সমাপ্ত হয় । ইউপিএ চৰকাৰে ২০০৮ চনৰ ৬ মে'ত ৰাজ্যসভাত সংবিধান (১০৮ সংখ্যক সংশোধনী) বিধেয়ক, ২০০৮ উত্থাপন কৰিছিল । ইয়াক ২০০৮ চনৰ ৮ মে'ত ৰাজ্যসভাৰ বিভাগ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হৈছিল ।

ইয়াৰ পিছত জয়ন্তী নটৰাজনৰ নেতৃত্বত স্থায়ী সমিতিয়ে ২০০৯ চনৰ ডিচেম্বৰত ৰাজ্যসভা আৰু লোকসভাত ইয়াৰ পৰামৰ্শ দাখিল কৰিছিল আৰু বিধেয়কখন ২০১০ চনৰ মাৰ্চত ৰাজ্যসভাৰ দ্বাৰা গৃহীত হৈছিল । ৰাজ্যসভা এখন স্থায়ী সদন হোৱাৰ বাবে, ২০১০ চনৰ ৯ মাৰ্চ তাৰিখে ৰাজ্যসভাই গৃহীত কৰা বিধেয়কখন বিলুপ্ত হোৱা নাছিল । কিয়নো ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯ চনত লোকসভাত উত্থাপন কৰা পূৰ্বৰ সংবিধান সংশোধনী বিধেয়কসমূহ একাদশ, দ্বাদশ আৰু ত্ৰয়োদশ লোকসভা ভংগ হোৱাৰ লগে লগে সমাপ্ত হৈছিল ।

২০০২ আৰু ২০০৩ চনত তদানীন্তন অটল বিহাৰী বাজপেয়ী চৰকাৰেও লোকসভাত নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰচেষ্টা চলাইছিল । কিন্তু ৰাজনৈতিক সহমতৰ অভাৱত চৰকাৰে বিধেয়কখন নিম্ন সদনত গৃহীত কৰাব নোৱাৰিলে । ২০০৪ চনৰ মে' মাহত চৰকাৰ পৰিৱৰ্তনৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰকাৰে ২০০৮ চনৰ মে' মাহত ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰে আৰু ২০১০ চনৰ মাৰ্চ মাহত ইয়াক গৃহীত কৰে ।

লোকসভাত এনডিএৰ ব্যাপক ৰাজনৈতিক সমৰ্থন আৰু স্পষ্ট সংখ্যাগৰিষ্ঠতাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ বাকী সময়ছোৱাত ইয়াক এক নতুন প্ৰচেষ্টা দিয়াৰ সিদ্ধান্ত লয় । অৱশ্যে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে মঙলবাৰে (১৯ ছেপ্টেম্বৰ, ২০২৩) লোকসভাত এখন নতুন বিধেয়ক (সংবিধান (১২৮ সংখ্যক সংশোধনী) বিধেয়ক, ২০২৩) উত্থাপন কৰে ।

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত নাৰী সংৰক্ষণ বিধেয়কৰ বিষয়টো ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচন দুয়োটাতে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে সাংসদসকলক পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে নাৰী সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Nari Shakti Vandan Adhiniyam : নাৰী সংৰক্ষণ বিধেয়কৰ চৰ্তক লৈ অসন্তুষ্ট আম আদমি পাৰ্টী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.