ETV Bharat / state

নৱবৰ্ষত পাৰ্টী কৰোঁতে সাৱধান; ৰাজপথত থাকিব আৰক্ষীৰ ইন্টাৰচেপ্টৰ আৰু ব্ৰেথ এনালাইজাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 5:12 PM IST

operation against drink and drive
drink and drive in Assam

অসম আৰক্ষীত সংযোজন হ’ল ১০ খনকৈ ইণ্টাৰচেপ্টৰ বাহন আৰু ১৫০ টা ব্ৰেথ এনালাইজাৰ । বৰদিনৰ পৰা মাঘ বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান ।

সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান

গুৱাহাটী, ২২ ডিচেম্বৰ: সমাগত ইংৰাজী নৱবৰ্ষ । পৰিয়াল বা বন্ধু-বান্ধৱৰ লগত মিলি-জুলি পুৰণিক বিদায় দি নতুনক আদৰাৰ এই সময়কণ উপভোগ কৰাৰ বাবে হয়তো সকলোৱেই পৰিকল্পনা কৰিছে ৷ ফোনকল, হোৱাটচএপত নিশ্চয় ভোজ-ভাত, বনভোজ আদিৰ আয়োজনৰ গৰম আলোচনা চলিছে ৷ নতুনক আদৰাৰ এই সময়কণ উপভোগ কৰাত নিশ্চয় কোনেও বাধা দিবলৈ নাহে ৷ কিন্তু এটা ক্ষেত্ৰতহে বাধা থাকিব ৷ সেয়া হৈছে সুৰা ৷

নৱবৰ্ষত পাৰ্টী কৰিব বিচৰা সকল সাৱধান হওক । কাৰণ ৰাজ্যৰ চুকে-কোণে ঘূৰিব আৰক্ষীৰ ইণ্টাৰচেপ্টৰ বাহন । সুৰাপান কৰি গাড়ী চলাবলৈ চেষ্টা নকৰাই মংগল হ’ব আপোনাৰ বাবে । অসম আৰক্ষীত আজিৰে পৰা সংযোজন হ’ল ১০ খনকৈ ইণ্টাৰচেপ্টৰ বাহন আৰু ১৫০ টা ব্ৰেথ এনালাইজাৰ । বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান ।

দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা । শুকুৰবাৰে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবদ্যই উলুবাৰীস্থিত আৰক্ষী মেচত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে অসম আৰক্ষীক অৰ্পণ কৰে এই ইণ্টাৰচেপ্টৰ বাহনসমূহ । এই অনুষ্ঠানত আৰক্ষী সঞ্চালক জি পি সিঙৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে । কামৰূপ মহানগৰ, কোকৰাঝাৰ, বঙাইগাঁও, নগাঁও, কাৰ্বি আংলং, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, কাছাৰকে ধৰি কেইবাখনো জিলাত ১৫০ ব্ৰেথ এনালাইজাৰ প্ৰদান কৰাৰ লগতে ১০ খন অত্যাধুনিক ইণ্টাৰচেপ্টৰ বাহন প্ৰদান কৰা হয় ।

  • Glad to attend the ceremonial programme wherein I handed over 10 state-of-the-art traffic interceptor vehicles and 150 breath analysers to the various district police representatives in presence of DGP of Assam, Shri Gyanendra Pratap Singh, IPS, SDGP Shri Harmeet Singh,IPS,… pic.twitter.com/mjlf5cxlvp

    — Parimal Suklabaidya (@ParimalSuklaba1) December 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পৰিমল শুক্লবদ্যই কয় যে তীব্ৰ গতিবেগ, হেলমেট পৰিধান নকৰা, চিটবেল্ট নলগোৱা আৰু ট্ৰেফিক আইন নমনাৰ বাবে প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে । পথ দুৰ্ঘটনাবোৰ যাতে ৰোধ কৰিব পৰা যায়, তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে দুৰ্ঘটনা প্ৰৱণ এলেকাসমূহত দুৰ্ঘটনাৰোধৰ বাবে বিভিন্ন জিলাত কাম কৰা হৈছে আৰু একাংশত কাম কৰি থকা হৈছে ।

অনুষ্ঠানত উপস্থিত থকা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে নৱবৰ্ষৰ লগতে ভোগালী বিহুলৈ দুৰ্ঘটনা কমাব পাৰিলে ইয়াৰ সংখ্য যোৱা বছৰৰ সমানেই থাকিব । অহা বছৰ আৰু অধিক দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে কাম কৰি যাব বুলি তেওঁ নিশ্চয়তা প্ৰদান কৰে ৷

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ ৰায় মানিবলৈ সন্মত জি পি সিং; এছ পি ৰাজেন সিঙৰ কাণ্ডৰ বাবে খুজিলে ক্ষমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.