শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Sep 13, 2021, 5:49 PM IST

assam-police-to-get-comprehensive-reforms-soon-bhaskarjyoti-mahanta

এতিয়াৰে পৰা অসম আৰক্ষীৰ জোৱান-বিষয়া সকলে চুটি আৰু বদলিৰ বাবে শীৰ্ষ বিষয়াক তৈলমৰ্দন কৰিব নালাগে ৷ লগতে দুৰ্ঘটনাত পতিত হোৱা কোনো লোক দুৰ্ঘটনাৰ প্ৰমাণ পত্ৰৰ বাবে থানালৈ যোৱাৰ প্ৰয়োজন নহ’ব ৷ এই ঘোষণা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

গুৱাহাটী,13 ছেপ্তেম্বৰ: "শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ ৷ দুষ্টক দমন শান্তক পালন নীতিৰে কাম আৰম্ভ কৰিব অসম আৰক্ষীয়ে ৷ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অস্ত্ৰৰ গৰ্জন অব্যাহত থাকিব ৷ অসম আৰক্ষীৰ জোৱান বিষয়া সকলে চুটি আৰু বদলিৰ বাবে এতিয়াৰে পৰা তৈলমৰ্দন কৰিব নালাগে শীৰ্ষ বিষয়াক ৷ অসম আৰক্ষীৰ বিষয়া জোৱানৰ চুটীৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব অসম আৰক্ষীৰ বিশেষ এপ(App) ৷" আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কৰিছে এই ঘোষণা ।

শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ: ভাস্কৰজ্যোতি মহন্ত

ইয়াৰ উপৰিও দুৰ্ঘটনাৰ প্ৰমান পত্ৰৰ বাবে ৰাইজ থানালৈ যাব নালাগে, বৰঞ্চ আৰক্ষীৰ লোকে ভুক্তভোগীৰ ঘৰত গৈ দি আহিব দুৰ্ঘটনাৰ ৰিপৰ্ট ৷ পাছপৰ্ট ভেৰিফিকেচন, আৰক্ষীৰ বদলি আদিৰ বাবেও অসম আৰক্ষীয়ে মুকলি কৰিব নতুন এপ (APP) । সোমবাৰে আমিনগাঁৱস্থিত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ঘোষণা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

আৰক্ষীয়ে ৰাইজৰ সৈতে কৰিবলগীয়া মৃদু ব্যৱহাৰৰ বাবে আয়োজন কৰা "SOFT SKILLS TRAINING" শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সঞ্চালক প্ৰধান গৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে আঁত ধৰা অনুষ্ঠানত আৰক্ষীৰ উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদ, উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠককে আদি কৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷ ৰাজ্যত প্ৰতি একলাখ জনসাধাৰণৰ বিপৰীতে অসম আৰক্ষীৰ 72 জন অশসস্ত্ৰ জোৱানে অক্লান্ত সেৱা কৰি থকাৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্তই ৷

প্ৰকৃততে ৰাজ্যত প্ৰতি একলাখ জনসাধাৰণৰ বিপৰীতে 300 জন অশসস্ত্ৰ জোৱানৰ আৱশ্যক বুলি উল্লেখ কৰি অসম আৰক্ষীত খালি থকা পদসমূহ শীঘ্ৰেই পূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ভাস্কৰজ্যোতি মহন্তই ৷ লগতে তেওঁ জনাই যে, শীঘ্ৰেই ৰাজ্যৰ থানা সমূহত দুই তৰপীয়াভাৱে কাম কৰিব অসম আৰক্ষীৰ জোৱানে ৷ আৰক্ষীৰ বিষয়া জোৱান সকলক সততা আৰু নিষ্ঠাৰে কাম কৰাৰ আহ্বান অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷

লগতে পঢ়কঃ নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.