নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

author img

By

Published : Sep 13, 2021, 1:11 PM IST

health minister Keshab Mahanta inspections of Nimatighat 108 service

ব্ৰহ্মপুত্ৰৰ বুকুত 8 ছেপ্টেম্বৰত সংঘটিত শোকাৱহ নাও দুৰ্ঘটনাৰ পাছতেই যেন সাৰ পাইছে চৰকাৰে ৷ মাজুলীৰ যাতায়াতৰ লগতে স্বাস্থ্যখণ্ডৰ আমূল উন্নয়নৰ কাৰণে এতিয়া এজনৰ পাছত আনজন মন্ত্ৰীৰ আগমন হৈছে নিমাতীঘাটলৈ ৷

যোৰহাট, 13 ছেপ্টেম্বৰ : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে পুৱা পৰিদৰ্শন কৰে নিমাতীঘাটৰ নাও দুৰ্ঘটনাস্থলী । নিমাতীঘাটৰ পৰিস্থিতিৰ লগতে মন্ত্ৰীগৰাকীয়ে ১০৮ সেৱাৰো বুজ লয় ৷ উল্লেখ্য যে, বৃহত্তৰ মাজুলীৰ বাবে নিমাতীঘাটত তিনিখন ১০৮ সেৱা উপলব্ধ কৰা হৈছে ।

health minister Keshab Mahanta inspections of Nimatighat 108 service
নিমাতীঘাটৰ 108 সেৱা পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ইয়াৰে এখনৰ সম্প্ৰতি পাম্পৰ মেৰামতি চলি আছে । চৰকাৰে এতিয়ালৈ নতুনকৈ ১০৮ এম্বুলেন্স সেৱা সংযোজন কৰাৰ সিদ্ধান্ত লোৱা নাই ৷ যাৰ বাবে এতিয়া তিনিখন নাৱেৰে জোৰা-টাপলি মাৰি চলিব লাগিব মাজুলীবাসী । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নিমাতীঘাট পৰিদৰ্শন কৰি পুনৰ মাজুলী ভ্ৰমণ কৰাৰ কথা ব্যক্ত কৰে ৷

তেওঁ মাজুলীৰ সদৰ গড়মূৰত নিৰ্মাণ হৈ থকা আয়ুষ হাস্পতালত যাতে মাজুলীবাসীয়ে উন্নত স্বাস্থ্য সেৱা লাভ কৰিব পাৰে, তাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে ।

নিমাতীঘাটৰ 108 সেৱা পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৮ ছেপ্টেম্বৰৰ ঘটনাটোৰ পাছত এতিয়া ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে গুৰুত্ব দিছে মাজুলীক । পূৰ্বতে কিন্তু ইমান গুৰুত্ব দিয়া হোৱা নাছিল মাজুলীক । মাজুলীবাসীৰ প্ৰতি চৰকাৰ প্ৰকৃততে সদয় হৈছে নে পুনৰ মাজুলীবাসীক লৈ ৰাজনীতি কৰিছে চৰকাৰে, সেয়া এই সময়ৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ কিয়নো ৰাজ্যত সমাগত উপ নিৰ্বাচন আৰু মাজুলী সমষ্টিতো অনুষ্ঠিত হ’ব এই উপ নিৰ্বাচন ৷

লগতে পঢ়ক : ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.