ETV Bharat / state

Assam police BMI test: অগ্নিপৰীক্ষা আৰম্ভ ! তিনিমাহত কিমান মেদ কমালে অসম আৰক্ষীয়ে; 35 টা স্থানত চলিছে পৰীক্ষা

author img

By

Published : Aug 16, 2023, 12:25 PM IST

Updated : Aug 16, 2023, 12:40 PM IST

16 আগষ্টৰ পৰা অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং । 35 টা স্থানত আৰম্ভ হৈছে এই পৰীক্ষা । 31 আগষ্টলৈ চলিব এই বি এম আই টেষ্টিং ।

Assam police BMI testing begins from 16 th August
আৰম্ভ হ'ল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং

আৰম্ভ হ'ল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং

গুৱাহাটী, 16 আগষ্ট: অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে 16 আগষ্টৰ পৰা আৰম্ভ হ'ল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং । মেদবহুল হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট কৰাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত বুধবাৰৰে পৰা আৰম্ভ হৈছে বি এম আই পৰীক্ষা । 16 আগষ্টৰ পৰা ৰাজ্যৰ 35 টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । 31 আগষ্টলৈ চলিব এই বি এম আই টেষ্টিং ।

বুধবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে । বি এম আই পৰীক্ষাত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বি এম আই 30 শাখাৰ অন্তৰ্ভুক্ত হয় । উল্লেখ্য যে, এই পৰীক্ষা উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় ।

সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় "আৰক্ষীৰ লোকসকলক তিনি মাহৰ সময়সীমা দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছত 16 আগষ্টৰ পৰা বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছে । ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেচ বনোৱা হৈছে ।’’ তেওঁ আৰু কয়, ‘‘আমি অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰাখিব বিচাৰিছোঁ । অহা বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে আৰু আল্ট্ৰাচাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে ।"

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে 31 আগষ্টলৈ বি এম আই পৰীক্ষা চলিব । এঘণ্টাত 350 জন লোকৰ পৰীক্ষা কৰিব পৰা যায় । এই পৰীক্ষাৰ পাছত 30 প্লাছ বি এম আই থকাসকলক দেৰগাঁও ট্ৰেইনিং চেণ্টাৰলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হ'ব । এমাহৰ পৰা তিনি মাহলৈ চলিব এই প্ৰশিক্ষণ ।

পৰ্যায়ক্ৰমে অসম আৰক্ষীৰ লোকসকলক সম্পূৰ্ণ ৰূপে ফিট কৰি তোলা হ'ব বুলিও তেওঁ কয় । উল্লেখ্য যে, বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হ'ব লাগিব ।

লগতে পঢ়ক: FIR against bhabesh kalita: ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে নগাঁৱত গোচৰ, ৰাষ্ট্ৰীয় পতাকাক অৱমাননাৰ অভিযোগ

Last Updated : Aug 16, 2023, 12:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.