ETV Bharat / state

গুৱাহাটীৰ বাহিৰৰ ভূমিৰ নথিৰ জালিয়াতিৰ বাবেও গঠন হ’ব বিশেষ তদন্তকাৰী দল

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 8:10 PM IST

Land Grabbing Scam assam
ভূমিৰ নথিৰ জালিয়াতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ বিভিন্ন ঠাইৰ ভূমি জালিয়াতি তদন্তৰ বাবেও চৰকাৰে গঠন কৰিব বিশেষ তদন্তকাৰী গোট ৷ সমগ্ৰ ৰাজ্যলৈ যাব তদন্তকাৰী দল ৷ ইতিমধ্যে আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

ভূমিৰ নথিৰ জালিয়াতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৬ ডিচেম্বৰ : কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰিচালিত মাটিৰ নথি অনলাইন জালিয়াতি কৰা এক বৃহৎ প্ৰৱঞ্চকৰ দল উৎখাত কৰাৰ পিছতে ৰাজ্যজুৰি হাহাকাৰ লাগিছে । এই লৈ বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

১৫ বছৰৰ আগতেই হেৰুওৱা ভূমি হয়তো বহু লোকে শীঘ্ৰেই ঘূৰাই পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ দিছপুৰস্তিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কামৰূপ মহানগৰ জিলাত ভূমিৰ নথি জালিয়াতি অত্যন্ত ভয়ংকৰ ৷ এয়া অকল গুৱাহাটীতে নে বাহিৰতো চলি আছে সেয়াও পৰ্যায়ক্ৰমে চোৱা হ’ব ৷ প্ৰাৰম্ভিক পৰ্যায়ত চিটি পুলিচে গুৱাহাটীতে কাম কৰি আছে ৷”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন ঠাইৰ ভূমি জালিয়াতি তদন্তৰ বাবে পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে গঠন কৰিব বিশেষ তদন্তকাৰী গোট ৷ সমগ্ৰ ৰাজ্যলৈ যাবলগীয়া হ’ব পাৰে উক্ত তদন্তকাৰী দল ৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছে বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ।

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে “আদালতৰ মজিয়াত যুঁজি যুঁজি হাৰি যোৱা বহু লোককো হয়তো আমি মাটি ঘূৰাই দিব পাৰিম ৷ মাটি হেৰুওৱা অসহায় বহু লোকে ইতিমধ্যে আমাৰ সৈতে যোগাযোগ কৰিছে ৷ জানুৱাৰী মাহত এই বিষয়ত সবিস্তাৰে আমি তথ্য প্ৰকাশ কৰিম ৷”

উল্লেখ্য যে, গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ আন ঠাইৰ প্ৰৱঞ্চকৰ কৱলত পৰি মাটি হেৰুওৱা লোকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই কঢ়িয়াই আনিছে আশাৰ বতৰা । অহা জানুৱাৰী মাহত এই বিষয়ত সবিশেষ জনাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক : APSCৰ কেলেংকাৰীৰ তদন্তক লৈ উদাসীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.