ETV Bharat / state

Orunodoi scheme 2.0: আক্ষেপ নকৰিব, 2.0ত নোপোৱা সকলে অৰুণোদয় 3.0ত পাব সুবিধা

author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:55 PM IST

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হয় অৰুণোদয় 2.0 ৰ কাৰ্ড বিতৰণি অনুষ্ঠান ৷ উক্ত সভাত উপস্থিত আছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

Orunodoi scheme 2
2 ত নোপোৱা সকলে অৰুণোদয় 3 ত পাব সুবিধা

2 ত নোপোৱা সকলে অৰুণোদয় 3 ত পাব সুবিধা

গুৱাহাটী, ১১ অক্টোবৰ : ৰাজ্য চৰকাৰৰ অভিলাসী আঁচনি ‘অৰুণোদয় 2.0’ৰ আজি শুভাৰম্ভণি কৰা হয় ৷ বুধবাৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় অৰুণোদয় কাৰ্ড বিতৰণি অনুষ্ঠানৰ ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ কামৰূপ মহানগৰ জিলাৰ অৰুণোদয় 2.0 ৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হিতাধিকাৰী মহিলাসকলক মন্ত্ৰী পাটোৱাৰীয়ে কাৰ্ড বিতৰণ কৰে । ৰাজ্যত অৰুণোদয় 2.0 ত নতুনকৈ সংযোজন কৰা হৈছে 10.54 লাখ হিতাধিকাৰী । ইয়াৰ লগে লগে সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা হয় 27.6 লাখ ।

27.6 লাখ হিতাধিকাৰীৰ বিপৰীতে ৰাজ্য চৰকাৰৰ সৰ্বমুঠ বাৰ্ষিক ব্যয় হ’ব 4,140 কোটি টকা । এই কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, ৰাজ্যৰ প্ৰতিটো আত্মসহায়ক গোটক 10 হাজাৰ টকাকৈ প্ৰদান কৰিব চৰকাৰে । 10 হাজাৰ টকা ভাল ব্যৱহাৰ কৰিলে পুনৰ 25 হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হ’ব গোটসমূহে ।

অৰুণোদয় 2.0 আঁচনিত 27 লাখৰো অধিক হিতাধিকাৰী অন্তৰ্ভুক্ত ৷ বিপৰীতে কামৰূপ মহানগৰ জিলাত 17 হাজাৰ 7 শ নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে এই আঁচনিত । এতিয়াও যিসকল মহিলাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে 3.0 অন্তৰ্ভুক্ত হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে ।

আনহাতে আযুস্মান কাৰ্ডৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে । অৰুণোদয় 2.0ৰ পিচত ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব । চি এম এ ৱাই আঁচনিৰ জৰিয়তে ৰাজ্যত 1 লাখ নতুন চৰকাৰী ঘৰ প্ৰদান কৰা হ’ব । ইফালে চলিত সপ্তাহৰ ভিতৰতে চৰকাৰে মাইক্ৰফাইনেন্সৰ ঋণ পৰিশোধ কৰিব । চৰকাৰে ঋণ মাফ কৰাৰ নামত ৰাজকোষৰ পৰা 12 হাজাৰ 5 শ কোটি টকা ব্যয় হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক:Birth Anniversary of Sahityarathi:14 অক্টোবৰত অসমৰ বিদ্যালয়সমূহত জাতীয় সংগীত পৰিৱেশন বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.