ETV Bharat / state

Assam New Wine Shop License: নতুন ৱাইন শ্বপৰ জৰিয়তে বছৰি তিনি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য

author img

By

Published : Nov 1, 2022, 5:06 PM IST

সুৰাৰ বিপণীৰ আবেদনৰ পৰাই চৰকাৰৰ ঘৰলৈ আহিব ৫০ কোটি টকা । নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন আৰু পঞ্জীয়নৰ বাবতে এই বৃহৎ অংকৰ কৰ সংগ্ৰহৰ লক্ষ্য । দুই শতাধিক বাৰ আৰু ৱাইন শ্বপ থকা কামৰূপ মহানগৰ জিলাত নতুনকৈ হ'ব আৰু ৪৭ খন ৱাইন শ্বপ (Assam New Wine Shop License)। সুৰাপায়ী আৰু সুৰা ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহৰ লক্ষ্য চৰকাৰৰ ।

Assam New Wine Shop License
নতুন ৱাইন শ্বপৰ জৰিয়তে বছৰি তিনি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য

গুৱাহাটী, ১ নৱেম্বৰ : ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰীক সন্তুষ্ট কৰাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজহ বৃদ্ধিৰ বাবে বিভিন্ন ক্ষেত্ৰত কৰ আৰোপ কৰাৰ ক্ষেত্ৰতো থমকি ৰোৱা নাই । লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে জি এছ টি ক্ষতিপূৰ্ণ বন্ধ কৰি দিয়াৰ পাছতেই অসম চৰকাৰৰ ৰাজকোষৰ লাওলোৱা অৱস্থাক লৈ দিছপুৰতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এনে প্ৰেক্ষাপটত যিকোনো উপায়েৰে ৰাজকোষ টনকিয়াল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ যেন চেষ্টাৰ অন্ত নাই । যাৰ পৰিপ্ৰেক্ষিতত সুৰাপায়ী আৰু সুৰা ব্যৱসায়ীৰ পৰা কৰ সংগ্ৰহৰ লক্ষ্য কৰি লৈছে চৰকাৰে । ৰাজ্য চৰকাৰে নতুনকৈ গাঁৱে-ভূঞে ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে পৰিকল্পনা কৰি ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে (Assam New Wine Shop License)। এই ৭০০ খন নতুন ৱাইন শ্বপৰ জৰিয়তে ৰাজকোষলৈ বছৰি ৩০০০ কোটি টকা পর্যন্ত আবকাৰী শুল্ক বৃদ্ধি পাব (Assam Excise Revenue)।

লক্ষণীয়ভাৱে এইবাৰ উক্ত ৭০০ খন নতুন ৱাইন শ্বপৰ নামত দিছপুৰে তাৎক্ষণিকভাৱে প্ৰায় ৫০ কোটি টকা সংগ্ৰহৰ অভিলাষী পৰিকল্পনা কৰিছে । আবকাৰী আয়ুক্তালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেৱল নতুন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন আৰু পঞ্জীয়ণৰ বাবতে এই বৃহৎ অংকৰ কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বিভাগীয় সূত্ৰটোৱে প্ৰকাশ কৰা মতে আবকাৰী নিয়ম অনুসৰি অনুজ্ঞাপত্ৰৰ আবেদন মাছুল হৈছে ১ লাখ টকা (Wine shop license fee in Assam)।

অৱশ্যে আৱেদন পত্ৰৰ সৈতে জমা দিবলগীয়া ১ লাখ টকাৰ ধনৰাশি অপৰিশোধনীয় । অর্থাৎ আবেদনকাৰীয়ে অনুজ্ঞাপত্ৰ লাভ নকৰিলেও বিভাগীয় কৰ্তৃপক্ষই আবেদন মাচুলৰ বাবদ আদায় লোৱা ১ লাখ টকা ঘূৰাই নিদিয়ে । তদুপৰি বিভাগে ৭০০ খন নতুন ৱাইন শ্বপৰ বাবে গড়ে ৫ খনকৈ আবেদনপত্ৰ লাভ কৰাৰ আশা কৰিছে । সেই অনুসৰি ৭০০ খন ৱাইন শ্বপৰ বাবে যদি মুঠ ৩,৫০০ খন আবেদন লাভ কৰে তেন্তে উক্ত আবেদনৰ পৰাই ১ লাখ টকাকৈ মুঠ ৩৫ কোটি টকা সংগ্ৰহ হ’ব ।

বিভাগীয় কর্তৃপক্ষই এখন অনুজ্ঞাপত্ৰৰ বিপৰীতে ৫ খনকৈ আবেদনৰ আশা কৰিছে যদিও পূৰ্বতে গ্ৰামাঞ্চলৰ একোখন বাৰ তথা ৱাইন শ্বপৰ বাবেই গড়ে ১৫-২০ খনকৈ আবেদন লাভ কৰাৰো উদাহৰণ আছে । স্বাভাৱিকতেই আবেদনৰ সংখ্যা বৃদ্ধি পালে সংগৃহীত মাছুলৰ ধনো বহু বৃদ্ধি পোৱাটো নিশ্চিত । ইফালে আবেদনকাৰীসকলৰ মাজৰ পৰা ৭০০ খন অনুজ্ঞাপত্ৰ অনুমোদন দিলে ৱাইন শ্বপ খোলাৰ বাবে আবকাৰী বিভাগক অতিৰিক্ত ২ লাখ টকাকৈ পঞ্জীয়ন মাছুল দিব লাগিব । অর্থাৎ এই পঞ্জীয়ন মাছুলৰ পৰাও বিভাগে প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰিব ।

মুঠৰ ওপৰত আবকাৰী বিভাগে ৭০০ খন ৱাইন শ্বপৰ আবেদন আৰু পঞ্জীয়নৰ নামৰে প্ৰায় ৫০ কোটি টকা সংগ্ৰহ কৰাটো এক প্ৰকাৰ নিশ্চিত । ইতিমধ্যে আবকাৰী বিভাগে জিলাসমূহৰ পৰা নতুন ৱাইন শ্বপৰ প্ৰস্তাৱ লাভ কৰিছে । বর্তমান গুৱাহাটীত প্ৰায় দুই শতাধিক বাৰ আৰু ৱাইন শ্বপ আছে যদিও কামৰূপ মহানগৰ জিলাত নতুনকৈ ৪৭ খন ৱাইন শ্বপৰ প্ৰস্তাৱ লাভ কৰিছে আবকাৰী আয়ুক্তালয়ে ।

জিলা উপায়ুক্তই গুৱাহাটীত ৱাইন শ্বপৰ বাবে স্থান চিনাক্ত কৰা অঞ্চলসমূহ হৈছে ক্ৰমে পাটৰকুছি-বশিষ্ঠ, জালুকবাৰী, চন্দ্ৰপুৰ-গোবৰ্ধন, দক্ষিণ গাঁও-কাহিলীপাৰা, বীৰকুছি-নাৰেংগী তিনিআলি, ছয়মাইল-বেলতলা-জয়ানগৰ পথ, বৰ্ষাপাৰা-বিলপাৰা, গড়চুক-নীৰণে বড়ো পথ, নুনমাটি চেক্টৰ-১, নুনমাটি-নেপালী চ’ক, কেৰাইকুচি-বাক্ৰাপাৰা, উলুবাৰী-মণিপুৰি বস্তি, মানপাৰা-গড়চুক ফটাশিল পথ, চিয়ালখাইতি চন্দ্ৰপুৰ, ঢপলিয়া সাওকুছি, জাপৰিগোগ (চিৰিয়াখানা),

নোৱাগাঁও গড়চুক, গণেশপাৰা কালাপাহাৰ, ভগদত্তপুৰ কাহিলীপাৰা, এল জি টাৱাৰ বিল্ডিং নাৰেংগী তিনিআলি, দিছপুৰ ছুপাৰ মাৰ্কেট, ৰুদ্ৰাক্ষ মল ভঙাগড়, গ্ৰেণ্ড প্লাজা পল্টনবজাৰ, সৰকাৰ কমপ্লেক্স লালগণেশ, চিটি চেণ্টাৰ গণেশগুৰি, চেণ্ট্ৰেল মল খ্ৰীষ্টানবস্তি, বশিষ্ঠ ৰোড, কে এফ চি আদাবাৰী, ডিভাইন প্লাজা ছুপাৰমাৰ্কেট, পামহি গড়চুক, কাহিকুছি গধুলিবজাৰ,

মালিগাঁও পাণ্ডুঘাট, গোটানগৰ মালিগাঁও, পাঞ্জাবাৰী, পাথৰ কুৱেৰী মেগজিন, জি এম চি এইচ বিৰুবাৰী ৰোড, উজানবজাৰ, চূণচালী, যোৰাবাট সাতগাঁও, ১৩-১৪ মাইল খানাপাৰা, ৯ মাইল খানাপাৰা, টপাতলি, ডিগাৰু, চমতা পথাৰ, সোণাপুৰ আৰু ক্ষেত্ৰী (New wine shop in Guwahati)। অর্থাৎ উক্ত ৪৭ টা স্থানত নতুনকৈ এখনকৈ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিবলৈ সাজু হৈছে আবকাৰী বিভাগ ।

লগতে পঢ়ক : Protest in Guwahati : চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.