ETV Bharat / state

Assam govt MoU: মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ

‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ আৰু ৰাজ্য চৰকাৰৰ মাজৰ বুজাবুজিৰ চুক্তিৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে জিলা প্ৰশাসনে জিলা পৰ্যায়ত ৰাজহ সংগ্ৰহৰ নতুন ক্ষেত্ৰ চিনাক্তকৰণৰ পথ মুকলি কৰিব । লগতৰ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত সহায় কৰিব । এই বুজাবুজিৰ চুক্তিয়ে জিলা পর্যায়ত অর্থনৈতিক বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিব । চুক্তিখনে অসমৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে এক নতুন আৰ্হি গঢ় দিয়াত সহায় কৰিব ৷

Assam govt MoU
Assam govt MoU

Published : June 28, 2023 at 10:46 PM IST

Choose ETV Bharat

গুৱাহাটী,২৮ জুন: অসমৰ অৰ্থনৈতিক বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষতি হয় । এই চুক্তিৰ জৰিয়তে জিলা পর্যায়ত উন্নয়নৰ দিশত থকা ব্যৱধান হ্ৰাস কৰাৰ লগতে জিলা ভিত্তিক মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ নতুন ক্ষেত্ৰসমূহ অধ্যয়ন কৰি জিলা ভিত্তিক উন্নয়নক এক নতুন আৰ্হি প্ৰদান কৰা হ’ব ।

ৰাজ্য চৰকাৰ আৰু পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যনৰ মাজত বুজাবুজি চুক্তি

উল্লেখ্য যে অসম চৰকাৰৰ হৈ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আশীষ ভুটানী আৰু ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ কাৰ্যবাহী সঞ্চালক ৰবি পোখৰ্ণাই এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘পেহলে ইণ্ডিয়া ফাউণ্ডশ্যন’ৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনতে জিলা প্ৰশাসনে জিলা পৰ্যায়ত ৰাজহ সংগ্ৰহৰ নতুন ক্ষেত্ৰ চিনাক্তকৰণৰ পথ মুকলি কৰিব আৰু ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত সহায় কৰিব । স্বাধীনতাৰ পিচৰে পৰা ভাৰতৰ আঞ্চলিক বিকাশৰ বাটত বিভিন্ন কাৰকে বাধাৰ সৃষ্টি কৰি আহিছিল ।

ইয়াৰে কেতবোৰ ঐতিহাসিক আছিল যদিও আন কেতবোৰ ভৌগোলিক দিশ আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পর্যাপ্ত সম্পদৰ অভাৱ, আঁচনিসমূহৰ সঠিক ৰূপায়ণ নোহোৱা, আঞ্চলিক বৈষম্য দূৰ কৰাৰ দিশত পৰিকল্পনা ব্যৱস্থাৰ বিফলতাই আঞ্চলিক বৈষম্যৰ সৃষ্টি কৰিছিল । এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে যথেষ্ট মূল্য দিবলগীয়া হৈছিল বুলিও তেওঁ কয় ।

তেওঁ লগতে কয় যে অর্থনৈতিক বিকাশৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জিলা ভিত্তিক অর্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবে পদক্ষেপ লৈছে । চৰকাৰৰ লক্ষ্য হৈছে জিলাসমূহক প্ৰশাসনৰ কেন্দ্ৰ বিন্দু হিচাবে গঢ়ি তোলাৰ লগতে ৰাজ্যৰ বিকাশৰ কেন্দ্ৰ হিচাবে পৰিগণিত কৰা । চলিত বৰ্ষৰ ২৯ এপ্ৰিলত সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক নীতিত অনুমোদন জনাইছে বুলি তেওঁ কয় ।

এই দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায়ক হোৱাকৈ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে জিলা পৰ্যায়ত বিস্তৃত গৱেষণাৰ প্ৰয়োজন । ৰাজ্যখনৰ অৰ্থনৈতিক গতিক অধিক তৰ‍াম্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে ধাৰাবাহিক প্ৰয়াস চলাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা কিছু বছৰত ৰাজ্যৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নীত হৈছে । অসম ভাৰতৰ অন্যতম দ্ৰুতগতিত বিকশিত ৰাজ্য । শেহতীয়া বছৰসমূহত বাজেট পুঁজি বৃদ্ধি আৰু ইয়াৰ লগে লগে বাজেট ব্যয় বৃদ্ধি পোৱাৰ প্ৰেক্ষাপটতে অর্থনৈতিক উত্তৰণৰ গতি ক্ষিপ্ৰতৰ হৈ পৰিছে ।

ৰাজ্য চৰকাৰে এই দিশত স্বচ্ছতা অনাৰ বাবে বিত্ত খণ্ডত কেইবাটাও সংস্কাৰৰ পদক্ষেপ ৰূপায়ণ কৰিছে । যিয়ে ৰাজহ সংগ্ৰহৰ উল্লেখযোগ্য বৃদ্ধিত মূল ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে কৰ সংগ্ৰহ ব্যৱস্থাটোৰ উন্নয়ন সাধন আৰু কৰ ৰাজহ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । ৰাজ্যৰ অৰ্থনৈতিৰ এক তৃতীয়াংশৰো অধিক কৃষি শিতানৰ পৰা আহৰণ হয় বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত চৰকাৰে কৃষিখণ্ডক দিয়া গুৰুত্বৰ দিশেৰে ৰাজ্য চৰকাৰে কৃষি উৎপাদনত স্বাৱলম্বিতা অৰ্জন কৰাৰ ক্ষেত্ৰত কৃষিক অধিক লাভজনক কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ।

ৰাজ্যত ধান আৰু সৰিয়হ ক্ৰয়ৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে । তেওঁ কয় যে অসম মিলেট মিছনৰ দৰে পদক্ষেপ লোৱা হৈছে যাতে কৃষকসকলৰ আয় বৃদ্ধি কৰিব পৰা যায় । কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু ক্ষতিকাৰক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰি প্ৰাকৃতিক কৃষিৰ প্ৰসাৰত মনোনিৱেশ কৰা হৈছে । তেওঁ কয় যে জহা চাউল, কলা চাউল, ৰঙা চাউল, কাৰ্বি আংলঙৰ আদা, তেজপুৰৰ লিচু, মালভোগ কল, অসমৰ নেমু ইত্যাদি দেশ-বিদেশলৈ ৰপ্তানি কৰা হৈছে ।

তেওঁ লগতে কয় যে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহলৈ ৭৬,৮২৮ মেট্ৰিক টন কৃষি আৰু আনুষংগিক উৎপাদিত সামগ্ৰী ৰপ্তানি কৰা হৈছে । ইয়াৰ মূল্য প্ৰায় ১,৮০৩ কোটি টকা । চৰকাৰে বিত্তীয় আৰু অবিত্তীয় দুয়োটা দিশ সামৰি বিনিয়োগকাৰীসকলক উৎসাহিত কৰিব পৰাকৈ নীতি গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে বিনিয়োগকাৰীসকলৰ বাবে সৰলীকৃত অনুকূল ব্যৱস্থা এটা গঢ়ি তোলা হৈছে । যাৰ বাবে ৮,২০১ কোটি টকাৰ বুজাবুজিৰ চুক্তি ইতিমধ্যে স্বাক্ষৰিত হৈছে । তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে জিলা পৰ্যায়ত প্ৰশাসনিক সংস্কাৰ সাধন কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । এই ক্ষেত্ৰত জিলাসমূহৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ দিশত এক প্ৰতিযোগিতামুখী বাতাবৰণৰ সূচনা কৰাৰ লগতে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি তেওঁ কয় ।

‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে এই সহযোগিতাই অসমৰ অৰ্থনৈতিক প্ৰগতিৰ নতুন এক আৰ্হি গঢ় দিয়াত সহায় কৰিব । এই বুজাবুজিৰ চুক্তিয়ে পৰিকল্পিত পদ্ধতিৰে উন্নয়নৰ প্ৰক্ৰিয়াটোক অধিক গতিশীল কৰাৰ জৰিয়তে ৰাজ্য চৰকাৰে আত্মনিৰ্ভৰ অসমৰ গঢ়াৰ যি লক্ষ্য লৈছে তাক বাস্তৱায়িত কৰি তুলিব । অনুষ্ঠানত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, ‘পেহলে ইণ্ডিয়া ফাউণ্ডেশ্যন’ৰ অধ্যক্ষ ড৹ ৰাজীৱ কুমাৰ আৰু অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Assam CM: গামোচা-ফুলৰ থোপাৰে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাব নোৱাৰিব; উপায়ুক্তলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা