ETV Bharat / state

Inter state boundary dispute : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ দিশে এখোজ

author img

By

Published : Dec 27, 2022, 7:59 PM IST

Inter state boundary dispute
আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে কিদৰে আগবাঢ়িছে অসম চৰকাৰ ?

অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত 2022বৰ্ষটো পৰিণত হৈছে এটা গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে ৷ দশক দশক ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চলি থকা অসমৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছে লক্ষ্যনীয় পদক্ষেপ ৷ ইতিমধ্যেই অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ সৈতে কেইবাখনো চুক্তি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত স্বাক্ষৰ কৰা হৈছে ৷ 2022 বৰ্ষত দীৰ্ঘদিনীয়া এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কিদৰে আগবাঢ়িছে চৰকাৰ তাৰ বিতং তথ্য এই প্ৰতিবেদন...

নিউজ ডেস্ক, 27ডিচেম্বৰ: অসমৰ এক দীৰ্ঘদিনীয়া জলন্ত সমস্যা হৈছে আন্তঃৰাজ্যিক সীমা বিবাদ(Interstate border dispute of Assam) ৷ বছৰ বছৰ ধৰি এই সীমা বিবাদ মীমাংসাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে যদিও আজিলৈকে ওলোৱা নাই সমাধানসূত্ৰ ৷ চুবুৰীয়া পাঁচখনকৈ ৰাজ্যই হাজাৰ হাজাৰ হেক্টৰ ভূমি বেদখল কৰি কার্যতঃ সংকুচিত কৰিছে অসমৰ ভূখণ্ড ৷

কেৱল ভূমি দখল কৰাই নহয়, সীমান্তৱর্তী অঞ্চলসমূহত(Border area people) বসবাস কৰা অসমীয়া গঞা ৰাইজৰ ওপৰত বেদখলকাৰী তথা দুষ্কৃতিকাৰীয়ে সময়ে-সময়ে নানান ধৰণৰ অত্যাচাৰ আৰু উৎপীড়ন চলাই আহিছে ৷ লগতে মাৰণাস্ত্ৰ দেখুৱাই সীমান্তবাসী ৰাইজৰ পৰা ধনদাবীকে ধৰি বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছে ৷

কোন কোন ৰাজ্যই দখল কৰিছে অসমৰ ভূমি(Land of Assam occupied by other states):

চৰকাৰী তথ্য অনুসৰি অসমৰ ভূমি বেদখল কৰা চুবুৰীয়া ৰাজ্যকেইখন হ’ল নাগালেণ্ড(Nagaland), অৰুণাচল প্ৰদেশ(Arunachal Pradesh), মিজোৰাম(Mizoram), মেঘালয়(Meghalaya) আৰু ত্ৰিপুৰা(Tripura) । এই পাঁচখন ৰাজ্যই সামগ্ৰিকভাৱে অসমৰ ৮৩,৯১৮.৭১৯৯ হেক্টৰ মাটি বেদখল কৰি আছে । সীমা বিবাদৰ(Assam border dispute) এই দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ ক্ষেত্ৰত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অনুষ্ঠিত হৈছে এখনৰ পিছত আন এখন বৈঠক ৷

সীমা সমস্যা আৰু আলোচনা(Border dispute and discussions) :

ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । বিদায়ী ২০২২ বৰ্ষটো আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ দিশত উল্লেখযোগ্য বৰ্ষ হিচাপে বিবেচিত হৈছে । কাৰণ এই বৰ্ষটোত চুবুৰীয়া ৰাজ্যৰে থকা সীমা বিবাদৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

অসম-মেঘালয় সীমা বিবাদ(Assam-Meghalaya Border Dispute):

Interstate boundary dispute
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত মেঘালয়েৰে সমাধান চুক্তিত স্বাক্ষৰ

২০২২ বৰ্ষৰ ২৯ মাৰ্চ দিনটোত অসম আৰু মেঘালয়ৰ(Assam Meghalaya) বাবে উল্লেখযোগ্য দিন আছিল । সেই দিনটোতে দুয়োখন ৰাজ্যৰ মাজত পাঁচ দশকজুৰি চলি অহা সীমা সমস্যাৰ সমাধানে এক অন্য গতি লাভ কৰিছিল । দুয়োখন ৰাজ্যৰ মাজত সম্পন্ন হৈছিল ঐতিহাসিক চুক্তি(Treaty between Assam and Meghalaya) । নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ(HM Amit Shah) উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ(Conrad Sangma) মাজত চুক্তি স্বাক্ষৰিত হয় ।

এই চুক্তিৰ যোগেদি দুয়োখন ৰাজ্যৰ ৬টা বিবদমান এলেকা(Disputed area) তথা ৭০ শতাংশ সীমা সমস্যাৰ মীমাংসা কৰা হয় । এই সমস্যা সমাধানৰ বাবে দুয়োৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শীৰ্ষ বিষয়া পৰ্যায়ত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ লগতে সীমাবিবাদৰ উৎপত্তিস্থল ভ্ৰমণ কৰি সীমান্তৰ স্থানীয় ৰাইজৰ সৈতে মত বিনিময়ো কৰিছিল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে । অৱশেষত দীঘলিয়া আলোচনা আৰু পৰ্যালোচনাৰ লগতে সহমতত উপনীত হোৱাত দুয়োখন ৰাজ্যই চুক্তি স্বাক্ষৰ কৰে ।

এই চুক্তি অনুসৰি সীমান্তৰ মুঠ ৬ টা বিবদমান স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰাকলৈ বুজাবুজি হয় । এই বিবাদিত স্থানত আছে মুঠ ৩৬ খন গাওঁ । এই চুক্তি অনুসৰি বিবদমান এলেকাৰ ৩৬.৭৯ বৰ্গ কিলোমিটাৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে মেঘালয়ে লাভ কৰে ১৮.৫১ বৰ্গ কিলোমিটাৰ এলেকাৰ ভূমি । আনহাতে অসম আৰু মেঘালয়ৰ মাজত বাকী থকা আন ৬টা বিবদমান এলেকাৰ বাবে ২১ আগষ্টত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ ভিত্তিতে তিনিখন জিলাৰ 6টা বিবাদমান এলেকাৰ বাবে কেবিনেট মন্ত্ৰীৰ(Assam Cabinet Minister) অধ্যক্ষতাত তিনিখন আঞ্চলিক কমিটি গঠন কৰা হয় । অনুৰূপ ধৰণে মেঘালয়ৰো তিনিখন আঞ্চলিক কমিটি গঠন কৰা হয় । ইতিমধ্যে আঞ্চলিক কমিটিসমূহে বিবদমান এলেকা পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে । সমান্তৰালভাৱে, মুখ্যমন্ত্ৰী পৰ্যায়ৰ লগতে মন্ত্ৰী পৰ্যায়তো কেইবালানি বৈঠক অনুষ্ঠিত হৈছে । নতুন বছৰত অসম-মেঘালয়ৰ মাজত থকা বাকী ৬টা বিবদমান এলেকা মীমাংসা হ'ব বুলি আশা কৰা হৈছে ।

অসম-অৰুণাচল সীমা বিবাদ(Assam-Arunachal Border Dispute):

Interstate boundary dispute
অৰুণাচলেৰে সীমা সমস্যা সমাধানৰ বাবে নামচাই ঘোষণা পত্ৰত স্বাক্ষৰ

আনহাতে ২০২২ বৰ্ষটোত অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে থকা অসমৰ সীমা বিবাদ মীমাংসাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে । অসম আৰু অৰুণাচল প্ৰদেশৰ(Assam and Arunachal) মাজত থকা সীমা বিবাদ মীমাংসাৰ বাবে ১৫ জুলাইৰ দিনটো দুয়োখন ৰাজ্যৰ বাবে উল্লেখযোগ্য দিন আছিল । কাৰণ সেইদিনটোত অৰুণাচলৰ নামচাইত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত হোৱা বৈঠকত 'নামচাই ঘোষণাপত্ৰ'(Namsai Declaration) স্বাক্ষৰিত হয় । ইয়াৰ পূৰ্বে গুৱাহাটীত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল । নামচাই ঘোষণাপত্ৰৰ যোগেদি দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে বিবেচিত গাঁৱৰ সংখ্যা পূৰ্বৰ ১২৩ খনৰ পৰা ৮৬খনলৈ সীমাবদ্ধ কৰাৰ পাৰস্পৰিক বুজাবুজিত উপনীত হয় ।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উক্ত ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল(Namsai Declaration signed) । ইয়াৰ পৰৱৰ্তী পৰ্যায়তো অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বৈঠক অনুষ্ঠিত হয় । অসম-মেঘালয়ৰ সীমা বিবাদ মীমাংসা কৰাৰ দৰে অসম-অৰুণাচলেও ১২খন আঞ্চলিক কমিটী গঠন কৰিছে । এই আঞ্চলিক কমিটীয়ে দুয়োখন ৰাজ্যই দাবী কৰাৰ ফলত বিবদমান বুলি চিহ্নিত হৈ থকা 87 খন গাঁও যৌথভাৱে ইতিমধ্যে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে ।

আনহাতে অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ স্বৰূপে 10 নৱেম্বৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পুনৰ বৈঠকত মিলিত হৈছিল । গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা বৈঠকত 'নামচাই ঘোষণাপত্ৰ' সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । আনহাতে দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত গঠন হোৱা 'আঞ্চলিক সমিতি'সমূহৰ প্ৰতিবেদনৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হৈছিল । অসম আৰু অৰুণাচল সীমান্তৰ 87 খন গাঁৱক লৈ থকা বিবাদ পৰ্যায়ক্ৰমে মীমাংসা কৰাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । ইয়াৰে 37টা অঞ্চলৰ বিবাদ নিষ্পত্তি হোৱা বুলি সদৰি কৰিছে দুয়োখন ৰাজ্যৰ চৰকাৰে ৷

নামচাই চুক্তিৰ পিছতে ধেমাজি জিলাৰ অৰুণাচল সীমান্তত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ(Minister Jayantamalla Baruah visits Arunachal border) সীমান্ত পৰিদৰ্শনৰ সময়তে ধেমাজি সীমান্তত অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী লোকৰ মাজত সীমান্তৰ ভূমি হস্তান্তৰকৰণক লৈ হতাহতি হয়৷ পৰৱৰ্তী সময়ত দুয়োটা পক্ষ মীমাংসালৈ আহে । লগতে গোগামুখ ৰাজহচক্ৰৰ নলবাৰী, মিংমাং আদি গাওঁসমূহৰ ৰাইজৰ সৈতে মতবিনিময় কৰে আৰু চিচিবৰগাঁও ৰাজহচক্ৰৰ দিপা আৰু পালে নামৰ সীমান্তৱতী গাওঁ অসমৰ দলে পৰিদৰ্শন কৰে ।

অসম-মিজোৰাম সীমা বিবাদ(Assam-Mizoram Border Dispute):

Interstate boundary dispute
সীমা সমস্যা সমাধানৰ বাবে অসম-মিজোৰাম চৰকাৰৰ আলোচনা

ইফালে ২০২২ বৰ্ষটোত অসম-মিজোৰাম সীমা সমস্যাৰ সমাধানৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হয় । অসম আৰু মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ(Mizoram CM Zoramthanga) মাজত ২১ ছেপ্টেম্বৰত নতুন দিল্লীৰ অসম ভৱনত(Delhi Assam House) বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে ৯ আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰ্যালোচনাত মিলিত হৈছিল ।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা সমস্যা সমাধানৰ দিশত থকা বিভিন্ন বিষয় বিতংভাৱে আলোচনা কৰি এইক্ষেত্ৰত আঞ্চলিক সমিতি গঠনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধানৰ বিষয়টোক অধিক গতিশীল কৰাত উদ্যোগ গ্ৰহণ কৰিছে ।

অসম-নাগালেণ্ড সীমা বিবাদ(Assam-Nagaland Border Dispute):

Interstate boundary dispute
নাগালেণ্ড চৰকাৰ সৈতে অসম চৰকাৰৰ আলোচনা

আনহাতে অসম আৰু নাগালেণ্ডৰ(Assam and Nagaland) সীমা বিবাদ মীমাংসাৰ বাবে ২০২১ চনৰ পৰাই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়টো বৈঠক অনুষ্ঠিত হৈছে । অসম-নাগালেণ্ডৰ সীমা বিবাদৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ(High court of India) বিচাৰাধীন হৈ আছে যদিও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো নিষ্পত্তিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । এক কথাত কবলৈ গ’লে ২০২২ বৰ্ষটো আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ দিশত উল্লেখযোগ্য বৰ্ষ হিচাপে বিবেচিত হৈছে । এই বৰ্ষটোত গ্ৰহণ কৰা পদক্ষেপে আগন্তুক দিনত সীমা বিবাদৰ অৱসান ঘটাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সমন্বয় সাধন কৰিব বুলি আশা কৰিব পাৰি ।

চুবুৰীয়া ৰাজ্যৰে সংঘাত(Recent Border Disputes):

সীমা সমস্যা সমাধানৰ বাবে আটাইকৈইখন ৰাজ্যৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও, সময়ে সময়ে সীমান্তত সংঘটিত হৈ আহিছে সংঘাত ৷ অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তত(Merapani Border) সীমান্তবাসী অসমীয়াৰ ওপৰত অত্যাচাৰ চলাই আহিছে নগা দুৰ্বৃত্তই(Naga miscreants) ৷ অসমৰ ভূমি দখল কৰি পেট্ৰ’ল পাম্প নিৰ্মাণ, অসমৰ কৃষকৰ চাহ গছ কাটি পেলোৱা, পথ নিৰ্মাণ কৰা আদি কাৰ্যত লিপ্ত হৈ আহিছে নগা দুৰ্বৃত্ত(Nagaland occupied land of Assam) ৷ ফলত জীৱন-সম্পত্তিৰ নিৰাপত্তহীনতাত ভুগিছে সীমান্তবাসী অসমীয়া ৷ ইফালে 2021চনত সীমা বিবাদক কেন্দ্ৰ কৰিয়েই মিজোৰামৰ লাইলাপুৰত(Mizoran Lilapur incident) মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিব লগীয়া হৈছিল 6গৰাকীকৈ অসম আৰক্ষীৰ জোৱানে ৷

আনহাতে শেহতীয়াকৈ, নৱেম্বৰ মাহত সীমা বিবাদক কেন্দ্ৰ কৰিয়েই অসম-মেঘালয় সীমান্তত সংঘটিত হৈছিল সংঘৰ্ষ ৷ যি সংঘৰ্ষত অসম আৰক্ষীৰ গুলীত প্ৰাণ গৈছিল মেঘালয়ৰ 6গৰাকীলৈ লোকৰ ৷

মুঠৰ ওপৰত, দশক দশক ধৰি চুবুৰীয়া ৰাজ্যৰে হৈ থকা অসমৰ সীমা বিবাদ নিস্পত্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আলোচনা অব্যাহত আছে যদিও ওলোৱা নাই বিশেষ সমাধান ৷ এই দশকজোৰা সীমা সমম্যাৰ স্থায়ী সমাধানৰ বাবে অপেক্ষা কৰি আছে সকলোৱে ৷ সেয়া যি কি নহওক, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে 2022বৰ্ষত গ্ৰহণ কৰিছে তাৎপৰ্যপূৰ্ণ পদক্ষেপ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.