Assam govt in debt : উদং ৰাজ্কোষ! পুনৰ ঋণ ল’ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে

author img

By

Published : May 14, 2023, 2:19 PM IST

Assam govt total debt
পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ()

চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুটা মাহতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত মুকলি বজাৰৰ পৰা 2000 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 16 মে'ত পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ ওলাইছে । ৰিজাৰ্ভ বেংকৰ ওচৰত দাখিল কৰা হৈছে এই প্ৰস্তাৱ । উন্নয়নমূলক শিতানৰ নামত চৰকাৰখনে 8 মে’ত মুকলি বজাৰৰ পৰা 1000 কোটি টকাৰ ঋণ লৈছিল । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'বগৈ 3000 কোটি টকা (Debt burden on Assam government)।

গুৱাহাটী, 14 মে’ : বিভিন্ন দল-সংগঠনৰ ব্যাপক সমালোচনাৰ পিচতো অব্যাহত আছে অসম চৰকাৰৰ ঋণ লোৱাৰ প্ৰক্ৰিয়া । চমক সৃষ্টিৰ ক্ষেত্রত সদায়ে আগত থকা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ যেন অভিলেখ সৃষ্টি কৰিব বিচাৰিছে । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুটা মাহতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত মুকলি বজাৰৰ পৰা 2000 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 16 মে'ত পুনৰ 1000 কোটি টকা ঋণ ল'বলৈ ওলাইছে । সেই মর্মে বিত্ত বিভাগৰ আয়ুক্ত-সচিবগৰাকীয়ে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে (Assam govt total debt) ।

লক্ষণীয় বিষয় যে, উন্নয়নমূলক শিতানৰ নামত চৰকাৰখনে 8 মে’ত মুকলি বজাৰৰ পৰা 1000 কোটি টকাৰ ঋণ লৈছিল । অর্থাৎ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহতে চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হ'বগৈ 3000 কোটি টকা । উল্লেখ্য যে, পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত 48,801 কোটি টকা ঋণ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুবছৰীয়া বিত্তীয় বৰ্ষত লোৱা ঋণৰ পৰিমাণ আছিল 40,508 কোটি টকা (Debt burden on Assam government) ।

আনহাতে যোৱা এপ্রিল মাহৰ 1000 কোটি, 8 মে'ৰ 1000 কোটি আৰু অহা 16 মে'ত প্রস্তাৱিত 1000 কোটি টকাৰ ঋণ সামৰি ল'লে এই চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'লগৈ 43508 কোটি টকা । সেই হিচাপত পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, সোণোৱাল চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰখনৰ অধীনত লোৱা ঋণ সামৰি ল'লে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ বোজা হ'লগৈ 1,34,273 কোটি টকা । উল্লেখ্য যে যোৱা 2021-2022 বৰ্ষত চৰকাৰে 16,955 কোটি টকা আৰু 2022-23 বৰ্ষত 23,553 কোটি টকাৰ ঋণ লৈছিল আৰু চলিত বিত্তীয় বৰ্ষত ঋণ গ্ৰহণৰ লক্ষ্য হৈছে 25,052 কোটি টকা (Total loan Amount of Assam Government) ।

উল্লেখনীয় বিষয় যে, চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ কোনো ধৰণৰ উৎপাদনমূলত কামত খৰচ কৰা নাই । আনকি ঋণৰ ওপৰত ঋণ লৈ উন্নয়নৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰে ঋণৰ সুদ মাৰিবলৈকে ঋণ ল'বলগীয়া হৈছে । অসম চৰকাৰে 2021-2022 বৰ্ষত লোৱা ঋণৰ 21.16 শতাংশ অর্থাৎ 3526.89 কোটি টকা পূৰ্বৰ ঋণৰ সুত পৰিশোধত ব্যয় কৰিছিল । বৰ্ত্তমান সময়ত সুদৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাই আহিছে (Assam govt took another loan) ।

ইফালে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ 2021-2022 বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰা হৈছে । কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে পূৰ্বৰ বছৰসমূহত ৰাজহুৱা ঋণৰ মূলধন হ্রাস দূৰৈৰ কথা, সুত পৰিশোধৰ ওপৰত চাপ বৃদ্ধি হ’ব । কেগৰ প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে মূলধন গঠন আৰু বিকাশ অবিহনে ঋণৰ পৰিমাণ বৃদ্ধি ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অভাৱনীয় বোজা হৈ পৰিব বুলি । কেগৰ প্ৰতিবেদনে ৰাজ্যিক বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত চিন্তা ব্যক্ত কৰিছে (CAG concern over debt burden on Assam govt) ।

আনকি কেগে বৰ্ধিত ঋণ আৰু সুতৰ বোজা এৰাই চলিবলৈ আৰু চৰকাৰক নিজা ৰাজহ বৃদ্ধি তথা ৰাজহ ব্যয় হ্ৰাসৰ ব্যৱস্থা ল’বলৈ পৰামৰ্শ আগবঢ়াইছে । কিন্তু তাৰ পিচতো চৰকাৰখনে উৎপাদনমূলক কামৰ লগত সম্পৰ্ক নথকা কেতবোৰ কামত ৰাজকোষৰ ধন ব্যয় কৰি আহিছে । চমক সৃষ্টি কৰাত অলপো কৃপণালি নকৰা ৰাজ্য চৰকাৰখনৰ বৰ্তমানৰ অৱস্থা প্ৰকৃততে বাহিৰে ৰং চং ভিতৰি কোৱাভাতুৰী সদৃশ হৈ পৰিছে ।

লগতে পঢ়ক : Karnataka election 2023 : জনাদেশ মানি ল’বলৈ সদা প্ৰস্তুত বিজেপি; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.