ETV Bharat / state

দুটা বছৰত ধান ক্ৰয়ৰ লক্ষ্যৰ পৰা বহু দূৰৈত থাকিল ছটাকৈ চৰকাৰী সংস্থা

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 4:37 PM IST

paddy Procurement Assam
অসম চৰকাৰ ধান ক্ৰয়

Assam Paddy Procurement : প্ৰতি বছৰে ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য । দুটা বছৰত লক্ষ্যৰ পৰা বহু দূৰৈত থাকিল চৰকাৰী সংস্থাসমূহ । ২০২১-২২ বৰ্ষ আৰু ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ পৰা মুঠ ২০,৯২,৭৫০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । ছটা ধান ক্ৰয় সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে ক্ৰয় কৰা হয় ১১,৬৩,৭৬৬ মেট্ৰিক টন ধান ।

গুৱাহাটী, ২৩ ডিচেম্বৰ: ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ পাছতো চৰকাৰীভাৱে ধান ক্ৰয় ব্যৱস্থাটোৱে আশা কৰাধৰণে ফলাফল লাভ কৰা নাই । যাৰ ফলত কৃষকসকল সেইধৰণে উপকৃত হোৱা নাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ সময়তে কৃষকে উৎপাদিত ধান বিক্ৰী কৰিবলৈ চৰকাৰী সংস্থা নাপাই হাহাকাৰ কৰিবলগা হৈছে ।

ভাৰতীয় খাদ্য নিগমসহ অসমত ছটা চৰকাৰী ধান ক্ৰয় সংস্থাৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয়ৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখন অসমত সম্পূৰ্ণৰূপে ফ্লপ শ্ব'ত পৰিণত হৈছে । চৰকাৰ গঠন কৰাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতি বছৰে কমেও ১০ লাখ মেট্ৰিক টন ধান ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু বাস্তৱত মুখ্যমন্ত্ৰীৰ সেই ঘোষণা তথা প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে ।

কাৰণ প্ৰতি বছৰে ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে বিগত দুটা বছৰত ইয়াৰ পৰা বহু দূৰৈত থাকিল চৰকাৰী সংস্থাসমূহ । উল্লেখ্য যে চলিত মাহৰ পৰা বছৰটোৰ উৎপাদিত ধান ক্ৰয়ৰ যি অভিযান দেশজুৰি চলোৱা হ'ব তাতো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়া মতে ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হোৱা নাই । লক্ষ্যণীয় বিষয় যে অসমত ধান ক্ৰয়ৰ নিৰাশাজনক অৱস্থাৰ বিপৰীতে পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যত লক্ষ্যতকৈও অধিক ধান ক্ৰয় কৰা হৈছে ।

আনহাতে অসম চৰকাৰে ধানৰ উপৰি সৰিয়হ ক্ৰয়ৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যৰ ক্ষেত্ৰতো নিৰাশাজনক ছবি প্ৰতিফলিত হৈছে । উল্লেখ্য যে ২০২১-২২ বৰ্ষ আৰু ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ পৰা মুঠ ২০,৯২,৭৫০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ মুঠ ছটা ধান ক্ৰয় সংস্থাৰ দ্বাৰা এই ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও ক্ৰয় কৰা হৈছিল ১১,৬৩,৭৬৬ মেট্ৰিক টন ধানহে ।

তথ্য অনুসৰি ২০২১-২২ বৰ্ষত দুটা পর্যায়ত অসম খাদ্য আৰু অসামৰিক যোগান নিগমে (AFCSCL) ৰাজ্যখনৰ পৰা ২,৩৮,৪৫০ মেট্ৰিক ধান ক্ৰয় কৰাৰ লক্ষ্য লৈ ক্ৰয় কৰে ২,৩৯,৩৭০ মেট্ৰিক টন । পিচে একেটা সংস্থাই ২০২২-২৩ বৰ্ষত ৫,১০,৫০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি ক্ৰয় কৰে ৩,৪৮,৮৮৩ মেট্ৰিক টন । দুয়োটা বৰ্ষতে ৰাজ্যিক সংস্থাটোৱে ৬০,৭০৩ গৰাকী কৃষকক সামৰি লয় ।

তেনেদৰে ভাৰতীয় খাদ্য নিগমে (FCI) ২০২১-২২ বৰ্ষত অসমৰ পৰা ধান ক্ৰয় কৰাৰ কথা আছিল ৫,৫৮,৬০০ মেট্ৰিক টন । কিন্তু কেন্দ্ৰীয় সংস্থাটোৱে উক্ত বছৰটোত ধান ক্ৰয় কৰে মাত্র ২,৪২,৭৫৮ মেট্ৰিক টন । তেনেদৰে ২০২২-২৩ বৰ্ষত এফ চি আয়ে ৰাজ্যখনৰ পৰা ধান ক্ৰয় কৰাৰ কথা আছিল ৪,২৬,০০০ মেট্ৰিক টন । কিন্তু সংস্থাটোৱে ক্ৰয় কৰে ১,৯৪,২৬৫ মেট্ৰিক টন ।

আনহাতে উক্ত দুয়োটা বৰ্ষতে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ধান ক্ৰয় কৰাৰ কথা আছিল মুঠ ১১,৭৫০ মেট্ৰিক টন । সংস্থাটোৱে দুয়োটা বছৰত ধান ক্ৰয় কৰে ৯,৯১১ মেট্ৰিক টন । ইফালে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে (NAFED) ২০২১-২২ বৰ্ষত ধান ক্ৰয়ৰ লক্ষ্য লৈছিল ১,৪৬,২০০ মেট্ৰিক টন । ইয়াৰ বিপৰীতে ধান ক্ৰয় কৰিছিল ৫৩,৪৬৪ মেট্ৰিক টন ।

তেনেদৰে উক্ত সংস্থাটোৱে ২০২২-২৩ বৰ্ষত ৰাজ্যৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ১,৩১,৫০০ মেট্ৰিক টন আৰু ধান ক্ৰয় কৰিছিল ৩৮,৯৯৩ মেট্ৰিক টন । তথ্য মতে নেশ্যনেল ফেডাৰেচন ফাৰ্মাৰ প্ৰকিউৰমেণ্ট প্ৰচেছিং এণ্ড ৰিটেইলিং কো-অপাৰেটিভে (NACOF) দুয়োটা বছৰত ধান ক্ৰয়ৰ লক্ষ্য লৈছিল মুঠ ৪২,৭৫০ মেট্ৰিক টন । সংস্থাটোৱে দুয়োটা বৰ্ষত ধান ক্ৰয় কৰে ২২,২৮৩ মেট্ৰিক টন ।

একে সময়তে নেশ্যনেল কো-অপাৰেটিভ কনজিউমাৰ ফেডাৰেচন অব্ ইণ্ডিয়াই (NCCF) ৰাজ্যখনৰ পৰা ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিল মুঠ ২৭,০০০ মেট্ৰিক টন । কিন্তু কেন্দ্ৰীয় সংস্থাটোৱে ধান ক্ৰয় কৰে ১৩,৮৩৪ মেট্ৰিক টন । লক্ষ্যণীয় কথা যে ৰাজ্যত থকা ৰাজ্যিক ধান ক্ৰয় সংস্থা দুটাৰ তুলনাত সামৰ্থ থকাৰ পাছতো কেন্দ্ৰীয় সংস্থা চাৰিটাই অসমৰ পৰা লক্ষ্যৰে বিপৰীতে বহু কমকৈ ধান ক্ৰয় কৰি আহিছে ।

ইফালে ৰাজ্যখনৰ পৰা উৎপাদিত সৰিয়হ ক্ৰয়ৰ বাবে ৰাজ্যিক সংস্থা এ এফ চি এছ চি এল আৰু এ এছ এ এম বি-এ নিৰ্ধাৰিত লক্ষ্যৰ দহ শতাংশহে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । তথ্য মতে দুয়োটা সংস্থাই চলিত বৰ্ষত ৩০,০৪৪ মেট্ৰিক টন সৰিয়হ ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰি ক্ৰয় কৰে ৩,৩০৬ মেট্ৰিক টন সৰিয়হ । ইয়াৰ ভিতৰত এ এফ চি এছ চি এল-এ ২০,০৪৪ মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰাৰ কথা আছিল যদিও ক্ৰয় কৰে মাত্ৰ ২,৩০৪ মেট্ৰিক টন ।

সেইদৰে এ এছ এ এম বি-এ সৰিয়হ ক্ৰয় কৰাৰ কথা আছিল ১০ হাজাৰ মেট্ৰিক টন । কিন্তু মূৰকত ক্ৰয় কৰে মাত্ৰ ১,০০২ মেট্ৰিক টন সৰিয়হ । লক্ষ্যণীয় বিষয় যে চলিত মাহৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি ছটা ধান ক্ৰয় সংস্থাই ৰাজ্যৰ উৎপাদিত ধান ক্ৰয় কৰাৰ কথা আছে তাৰে দুটা সংস্থাই এইবাৰ ৰাজ্যখনৰ পৰা ধান ক্ৰয় কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই ।

এতিয়ালৈ অসমৰ পৰা ধান ক্ৰয় কৰাৰ লক্ষ্য স্থিৰ নকৰা সংস্থা দুটা হৈছে এন এ চি অ’ এফ আৰু এন ই ই এফ । ইফালে বিগত বৰ্ষবোৰৰ দৰে এই বছৰত ভাৰতীয় খাদ্য নিগমে অসমৰ পৰা কমকৈহে ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তথ্য অনুসৰি চলিত বৰ্ষৰ উৎপাদিত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ চাৰিটা সংস্থাই মুঠ ৭,০৫,২০০ মেট্ৰিক টনৰ লক্ষ্য স্থিৰ কৰিছে । ইয়াৰে ভিতৰত এফ চি আয়ে ৭৬ হাজাৰ মেট্ৰিক টন, এ এফ চি এছ চি এল-এ ৫,২৪,৭০০ মেট্ৰিক টন, এ এছ এ এম বিয়ে ৪,৫০০ মেট্ৰিক টন আৰু এ এ এফ ই ডিয়ে ১ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য স্থিৰ কৰিছে ।

লগতে পঢ়ক: উচিত মূল্যত বিক্ৰী কৰিছে খেতি কৰা ধান; আনন্দিত ৰাজ্যৰ কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.