ETV Bharat / state

ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

author img

By

Published : May 26, 2022, 4:16 PM IST

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

একমাত্ৰ চৰ অঞ্চলতে নহয় একাংশ অনুপ্ৰৱেশকাৰী তথা সন্দেহজনক নাগৰিকে এতিয়া দখল কৰিছে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্য সমূহৰ ভূমিও । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বর্গ কিলোমিটাৰ (Encroachment in Manas national park), লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যৰ (Encroachment in Laokhowa wild life century) ১.৩৪৮ বর্গ কিলোমিটাৰ, বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ (Burha chapori wild life century encroachment) ৫.১৩৫ বর্গ কিলোমিটাৰ, বৰাইল বন্যপ্রাণী অভয়াৰণ্য (Borail wild life century encroached) ২৪.৬৪ বর্গ কিলোমিটাৰ, আমচাং বন্যপ্রাণী অভয়াৰণ্যৰ (Amsang wild life century)২.৭০ বৰ্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ (Nameri national park), ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বর্গ কিলোমিটাৰ (Dibru Saikhowa national park) ভূমি বেদখলকাৰীৰ কৱলত ।

গুৱাহাটী, ২৬ মে': বেদখলৰ বিৰুদ্ধে চৰকাৰে উচ্ছেদ অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই সমস্যাৰ কোনো ধৰণৰ স্থায়ী সমাধান হোৱা নাই (Encroachment in Assam)। এফালে উচ্ছেদ অভিযান চলে আৰু আনফালে বসতি স্থাপন হয় । বহু আগৰে পৰা এই প্ৰক্ৰিয়া অব্যাহত আছে । অতি উদ্বেগৰ বিষয় যে ৰাজ্যখনত দ্ৰুতগতিত বৃদ্ধি পাইছে সংখ্যালঘু লোকৰ জনসংখ্যা (Population of minority Muslims in Assam)।

যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন চৰকাৰী ভূমি তথা সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কৱলত পৰিছে (Encroachment in Assam forest land)। আনহাতে, জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এটাৰ পাছত এটাকৈ বিধানসভা সমষ্টি খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গৈছে । একমাত্ৰ চৰ অঞ্চলতে নহয় একাংশ অনুপ্ৰৱেশকাৰী তথা সন্দেহজনক নাগৰিকে এতিয়া দখল কৰিছে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভূমিও । নামনি অসমৰ প্ৰায়সমূহ বনভূমিতেই এতিয়া বেদখলকাৰীৰ দপদপনি চলিছে ।

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

আনকি মধ্য অসমৰ বুঢ়া-চাপৰি বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানতো চলিছে এতিয়া ব্যাপক বেদখল । সকলোতকৈ অধিক শোচনীয় অৱস্থা তেজপুৰৰ পৰা মাত্ৰ ৫২ কিল'মিটাৰ দূৰৈত থকা সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ । অভয়াৰণ্যখনৰ এক তৃতীয়াংশৰো অধিক ভূমিয়েই বেদখলকাৰীৰ কবলত আছে । উল্লেখ যে, চৰকাৰী ভূমিৰ লগতে বনভূমি দখল কৰা এই লোকসকলৰ অধিকাংশই হৈছে সন্দেহজনক নাগৰিক ।

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

খোদ চৰকাৰী তথ্য অনুসৰিয়েই বৰ্তমান সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ২৮.০৯ বর্গ কিলোমিটাৰ, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ ১.৩৪৮ বর্গ কিলোমিটাৰ, বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৫.১৩৫ বর্গ কিলোমিটাৰ, বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য ২৪.৬৪ বর্গ কিলোমিটাৰ, আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ ২.৭০ বৰ্গ কিলোমিটাৰ, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ৫ বৰ্গ কিলোমিটাৰ, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ৫.৬১ বর্গ কিলোমিটাৰ, বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যৰ ৪ বর্গ কিলোমিটাৰ, চক্ৰশীলা বন্যপ্ৰাণী অভয়াৰণ্যৰ ০.১০৫ বৰ্গ কিলোমিটাৰ আৰু ভেৰজান-বৰজান-পদুমনি বন্যপ্ৰাণী অভয়াৰণ্যৰ ১.২১৭ বর্গ কিলোমিটাৰ ভূমি বেদখল হৈছে ।

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

আনহাতে ২২০ বর্গ কিলোমিটাৰ মাটিকালিৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৮৫ বর্গ কিলোমিটাৰেই বেদখলকাৰীৰ কবলত পৰিছে । লক্ষণীয় বিষয় যে ৰাজ্যখনৰ নামনি অসমৰ লগতে মধ্য অসমৰ নগাঁও, মৰিগাঁও, দৰং আৰু শোণিতপুৰ জিলাত ব্যাপক মাত্ৰাত বেদখল চলি আছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লোৱাৰ পাছতে ড৹ হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছিল (Himanta Biswa Sarma against encroachment)।

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

কিন্তু দৰঙৰ গৰুখুঁটিৰ উচ্ছেদৰ পাছতেই ৰাজ্যত বিৰোধী দল আৰু সংখ্যালঘু দল-সংগঠনসমূহে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে যে সমগ্ৰ বিষয়টোৱেই ন্যায়ালয় আৰু ৰাজনীতিৰ মেৰপাকত সোমাই পৰিল । ইফালে দেখা গৈছে যে নামনি অসমৰ পৰা গৈয়ো মধ্য অসমত বেদখলত নামিছে একাংশ সংখ্যালঘু লোক । এনেদৰে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিত সংখ্যালঘু লোকসকলে মাটি দখল কৰাৰ ফলত উক্ত সমষ্টিসমূহৰো জনগাঁথনি ব্যাপক মাত্ৰাত সলনি হৈছে ।

Assam forest lands occupied by immigrants
ৰাজ্যৰ বনভূমিত সন্দেহজনক নাগৰিকৰ অবাধ বেদখল

একেদৰে ৰাজনৈতিক ক্ষেত্ৰখনলৈকো পৰিৱৰ্তন আহি পৰিছে । খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে যে ৰাজ্যৰ বাৰখন জিলাত আজিৰ তাৰিখত খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হৈছে । এনে পৰিস্থিতিত ৰাজ্যৰ এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ হৈ থকা প্ৰব্ৰজন আৰু বনভূমিত অব্যাহত থকা দখলে অসমৰ ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে । এই প্ৰক্ৰিয়া অব্যাহত থাকিলে খিলঞ্জীয়া লোকসকল ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে সংকটত পৰাৰ আশংকা আছে ।

লগতে পঢ়ক: ছমৰীয়াত অসম চৰকাৰৰ পাঠ্যপুথি ভৰ্তি দুখন ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.