ETV Bharat / state

অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

author img

By

Published : May 16, 2021, 4:19 PM IST

ৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ ৫,৩৪৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমানলৈ ৰাজ্যৰ ৩৩,৬১,৪৯৫ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৬,৩০,৬৪৯ গৰাকীয়ে প্ৰথম পালি আৰু ৭,৩০,৮৪৬ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে ।

Assam covid update
অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

গুৱাহাটী, 16 মে’ : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ । বিগত ২৪ ঘণ্টাত নতুনকৈ ৫,৩৪৭ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

চৰকাৰী তথ্য মতে, শনিবাৰৰ দিনটোত ৰাজ্যৰ মুঠ ৬৪,৭০১ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৫,৩৪৭ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । এই হিচাপত আক্ৰান্তৰ হাৰ ৮.২৬ শতাংশ । আক্ৰান্ত হোৱাসকলৰ ভিতৰত ১,০১২ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৪২৪ গৰাকী কামৰূপ গ্ৰাম্য জিলাৰ, ৩৪৩ গৰাকী নগাঁৱৰ আৰু ২৯১ গৰাকী শোণিতপুৰ জিলাৰ ।

Assam covid update
অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

আনহাতে, মৃত্যু হোৱাসকলৰ ভিতৰত ২১ গৰাকী কামৰূপ মহানগৰ জিলাৰ, ৫ গৰাকীকৈ কাছাৰ আৰু ডিব্ৰুগড়ৰ, ৩ গৰাকীকৈ বঙাইগাঁও, কামৰূপ আৰু কাৰ্বিআংলঙৰ, দুগৰাকীকৈ বৰপেটা, দৰং, গোৱালপাৰা, গোলাঘাট, নলবাৰী আৰু শোণিতপুৰৰ আৰু এগৰাকীকৈ ধেমাজি, ধুবুৰী, হোজাই, যোৰহাট, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, দক্ষিণ শালমাৰা আৰু তিনিচুকীয়াৰ ।

Assam covid update
অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

তদুপৰি বিগত ২৪ ঘণ্টাত কৰ'ণাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,২৫৪ গৰাকী লোকে । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪৪,০০৮ গৰাকী । ৰাজ্যখনত এই পৰ্যন্ত ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২,১২৩ লৈ বৃদ্ধি পাইছে ।

Assam covid update
অসমত ২৪ ঘণ্টাত ৫,৩৪৭ গৰাকী লোক আক্ৰান্ত কৰ'ণাত; মৃত্যু ৬৩ গৰাকীৰ !

বৰ্তমানলৈ ৰাজ্যৰ ৩৩,৬১,৪৯৫ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ২৬,৩০,৬৪৯ গৰাকীয়ে প্ৰথম পালি আৰু ৭,৩০,৮৪৬ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । চৰকাৰী তথ্য মতে ৰাজ্যত বৰ্তমান ভেকচিনৰ তিনি লাখৰ বেছি ড'জ মজুত আছে ।

উল্লেখ্য যে, ৰাজ্যত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন কঠোৰ নীতি-নিয়ম প্ৰযোজ্য কৰাৰ সমান্তৰালকৈ দেওবাৰৰ পৰা চহৰ-নগৰ অঞ্চল সমূহৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে । এই অঞ্চল সমূহত দিনৰ ১১ বজাৰ পৰা দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰাখিব লাগিব আৰু দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব । আনহাতে গ্ৰাম্যাঞ্চল সমূহত পূৰ্বৰ নিয়মেই প্ৰযোজ্য থাকিব ।

লগতে পঢ়ক: কৰ’ণাত স্তব্ধমান মাজুলীৰ মুখা শিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.