ETV Bharat / state

Assam Paper Mill Scrap Auction : মুখ্যমন্ত্রীৰ ঘনিষ্ঠক পেপাৰ মিলৰ অস্থাৱৰ সম্পত্তি বিক্ৰীৰ অভিসন্ধি: প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Feb 9, 2023, 3:54 PM IST

প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তৰ সংবাদমেল । মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যৱসায়ী দিলীপ গোৱেংকাক ৫০ কোটি টকা লোকচান কৰি জাগীৰোড কাগজ কলৰ সম্পত্তি ক্ৰয়ৰ বাবে নিবিদা দিয়া হৈছে । থলুৱাক বঞ্চিত কৰি অৱশিষ্ট যন্ত্ৰাংশ (স্ক্ৰেপ) বিক্ৰীৰ (Assam Paper Mill Scrap Auction) নামতো কমিছনৰ অংক । প্ৰদেশ কংগ্ৰেছৰ এই তথ্য মুখ্যমন্ত্ৰীৰ সোঁৱে-বাৱে থকা প্ৰশাসনিক বিষয়াই যোগান ধৰা বুলি মন্তব্য কৰিছে মনজিৎ মহন্তই ৷ লুণ্ঠনৰ এই সমস্ত বিষয়টো অসম বিধানসভাৰ আগন্তুক অধিবেশনত সজোৰে উত্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে মহন্তই ৷

Assam Paper Mill Scrap Auction
প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ৯ ফেব্ৰুৱাৰীঃ কাগজ কলৰ অস্থাৱৰ সম্পত্তি নিলাম কৰাৰ নামত বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে (Assam Paper Mill Scrap Auction)। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই (Manjit Mahanta APCC) কাগজ কলৰ সম্পত্তি নিলাম সন্দৰ্ভত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ।

তেওঁ কয় যে কেইবাশ বিষয়া-কৰ্মচাৰীৰ জীৱনলৈ অন্ধাৰ নমাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দুটা বৃহৎ কাগজ কল জাগীৰোড কাগজ কল (Jagiroad Paper Mill ) আৰু কাছাৰৰ পাঁচগ্ৰাম কাগজ কল (Cachar Paper Mill) লোকচান ভৰি থকাৰ নামত বন্ধ কৰি দিয়াৰ পিছত এইবাৰ জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ (স্ক্ৰেপ) বিক্ৰীৰ নামত বিয়াগোম জালিয়াতিৰ আশ্ৰয় লৈছে । স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৰ্বোচ্চ নিৰিখ দিবলৈ প্ৰস্তুত নিবিদাকাৰীক বঞ্চিত কৰি প্ৰায় ৫০ কোটি টকাৰ লোকচানত পছন্দৰ প্ৰতিষ্ঠানক জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ’ ক্ৰয়ৰ কাম দিবলৈ একপ্ৰকাৰ চূড়ান্ত কৰিছে ।

তেওঁ কয় যে ৰাজ্যৰ ৰাজকোষৰ ভয়ানক নাটনিৰ সময়ত নিজৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে এতিয়া ৰাজ্যৰ ৰাজকোষক প্ৰায় ৫০ কোটিৰো অধিক ধনৰ পৰা বঞ্চিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে । এই গুৰুতৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ । মনজিৎ মহন্তই অভিযোগ কৰি কয় যে সমগ্ৰ ৰাজ্যখনকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । তেওঁ কয় যে জাগীৰোড কাগজ কলৰ ‘স্ক্ৰেপ' বিক্ৰীৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে (Assam Industrial Development Corporation Limited) আহ্বান কৰা নিবিদা জাননীৰ প্ৰতি সঁহাৰি জনাই ছটা বিভিন্ন প্ৰতিষ্ঠানে জাগীৰোড কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ (স্ক্রেপ) ক্ৰয়ৰ বাবে নিবিদা দাখিল কৰিছিল । ইয়াৰে সৰ্বাধিক নিৰিখত (১৩১,৩৩,৩৩,৩৩৩ টকা) নিবিদা দাখিল কৰিছিল ‘শৈলজা কমাৰ্চিয়েল কনষ্ট্রাকচন প্ৰাইভেট লিমিটেড’ নামৰ থলুৱা মালিকানাধীন প্ৰতিষ্ঠানটোৱে ।

দ্বিতীয় সৰ্বাধিক নিৰিখ (১০৫,৫৫,৫৫,৫৫৫ টকা) আছিল ‘বজৰংবলী বাণিজ্য প্ৰাইভেট লিমিটেডে’ আৰু তৃতীয় সৰ্বাধিক নিৰিখ (৯৫ কোটি টকা) ‘চিনাৰ ষ্টীল ছেগমেণ্ট চেণ্টাৰ প্ৰাইভেট লিমিটেডে দাখিল কৰিছিল । কিন্তু এই সৰ্বোচ্চ নিৰিখত ‘স্ক্ৰেপ’ ক্ৰয় কৰিবলৈ নিবিদা দিয়া প্ৰথম তিনিওটা প্ৰতিষ্ঠানকে ক্ষমতাৰ জোৰত ‘অযোগ্য’ দেখুৱাই বাকী নিম্ন নিৰিখৰ নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটাক যোগ্যতাৰ মোহৰ মাৰি মুখ্যমন্ত্ৰীৰ পছন্দৰ দিলীপ গোৱেংকাৰ মালিকানাধীন প্ৰতিষ্ঠানক ৫০ কোটি টকাৰ লোকচানত কাম দিবলৈ প্ৰায় ঠিৰাং কৰি পেলোৱা হৈছে ।

তেওঁ লগতে কয় যে দিছপুৰৰ নিৰ্দেশত যোগ্যতাৰ বাছনিত উঠা আৰু ৫০ কোটিতকৈ অধিক টকাৰ কম নিৰিখত নিবিদা দাখিল কৰা প্ৰতিষ্ঠান তিনিটা হ’ল ক্ৰমে কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী (৮১ কোটি টকা), ছানৱাৰমল খেটাৱট (৭৫.২৫ কোটি টকা) আৰু ৱিন্দ্ৰা ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড (৭৫.১৫ কোটি টকা)।

ইয়াৰে ব্যৱসায়ী দিলীপ গোৱেংকাৰ (Dilip Goenka) ‘কে ডি আইৰণ এণ্ড ষ্টীল কোম্পানী’ক ৮২ কোটি টকাত সমস্ত কাম সপি দিবলৈ ইতিমধ্যে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডে সিদ্ধান্ত চূড়ান্ত কৰিছে । তেওঁ কয় যে সৰ্বাধিক নিৰিখত ‘স্ক্ৰেপ’ ক্ৰয় কৰিবলৈ নিবিদা দাখিল কৰা জনৈক ‘কলিতা’ক কৌশলেৰে বঞ্চিত কৰি অসমৰ ৰাজকোষত সোমাবলগীয়া ধনৰ ৫০ কোটি টকা দেখদেখকৈ লোকচান ভৰিবলৈ ওলোৱাৰ ৰহস্য কি?

তেওঁ ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট কৰাৰো দাবী জনায় । ইয়াৰ অন্যথা স্পষ্ট হৈ পৰিব যে থলুৱা ব্যৱসায়ীৰ প্ৰতিষ্ঠানক বঞ্চিত কৰি আৰু ৰাজকোষৰ এক বৃহৎ অংকৰ ধন লোকচান ভৰিবলৈ প্রস্তুত হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ।

তেওঁ লগতে কয় যে কংগ্ৰেছ বহু বছৰ ৰাজ্যৰ শাসনত আছিল । প্ৰশাসনত কংগ্ৰেছৰ মানুহ আছে । বহু শীর্ষ বিষয়াই এতিয়াও কংগ্ৰেছৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি চলিছে আৰু দুৰ্নীতি-অনিয়মৰ অনেক তথ্য সময়ে সময়ে কংগ্ৰেছক যোগান ধৰি আছে ।

তেওঁ কয় যে কংগ্ৰেছ দলে গোপনীয়তা ৰক্ষা কৰি চলে আৰু কোনো পৰিস্থিতিতে সেইসকলৰ পৰিচয় কংগ্ৰেছে ৰাজহুৱা নকৰে । জাগীৰোড কাগজ কলৰ এই গোপন জালিয়াতিৰ অধিক বিস্তৃত তথ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC President Bhupen Bora) হাতলৈ আহিব বুলি সদৰী কৰি তেওঁ কয় যে অচিৰেই এই সকলো তথ্য ৰাইজৰ আগত দাঙি ধৰা হ'ব ।

আনহাতে লুণ্ঠনৰ এই সমস্ত বিষয়টো অসম বিধান সভাৰ আগন্তুক অধিবেশনত সজোৰে উত্থাপন কৰি বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অভিসন্ধি উদঙাই দিবলৈ কংগ্ৰেছ বিধায়িনী দলৰ দলপতিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অনুৰোধ জনাব বুলি তেওঁ কয় ।

লগতে পঢ়ক: Hindenburg Research report on Adani firms : হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ তদন্ত সন্দৰ্ভত শুকুৰবাৰে হ'ব শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.