ETV Bharat / state

পৰেশ বৰুৱাক জীৱনৰ বাকী সময় অসমতে কটাবলৈ মাতিছে ড৹ শৰ্মাই

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 6:32 PM IST

সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক অসমলৈ উভতি আহিবলৈ পুনৰ এবাৰ অনুৰোধ জনালে মুখ্যমন্ত্ৰীয়ে ৷

ULFA I chief Paresh Baruah
ULFA I chief Paresh Baruah

পৰেশ বৰুৱাক জীৱনৰ বাকী সময় অসমতে কটাবলৈ মাতিছে ড৹ শৰ্মাই

গুৱাহাটী, ২৯ নৱেম্বৰ: আকৌ এবাৰ আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাক মূলসূঁতিলৈ ঘূৰি আহিবলৈ অনুৰোধ জনালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে গুৱাহাটীত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে পৰেশ বৰুৱা অসমলৈ উভতি আহিব লাগে ৷ বৰ্তমান তেওঁৰ বয়স চাগৈ 65 বছৰমান হৈছে ৷ গতিকে তেওঁ অসমলৈ উভতি আহি জীৱনৰ বাকী কালচোৱা ৰাইজৰ লগত থাকি অসমৰ বিকাশৰ বাবে কাম কৰা উচিত ৷

দেখা গৈছে যে, এফালে আলফাৰ একাংশ প্ৰাক্তন নেতাই চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ যো-জা চলাইছে আৰু আনফালে শেহতীয়াকৈ কেইবাজনো যুৱক আলফা(স্বা)লৈ ঢাপলি মেলিছে ৷ অৱশ্যে একাংশই বন্দুকৰ পথ ত্যাগ কৰি স্বাভাৱিক জীৱন আঁকোৱালি ল’বলৈ জংঘলৰ পৰা উলায়ো আহিছে ৷ আলফা-চৰকাৰৰ মাজৰ সাম্ভাব্য চুক্তিৰ প্ৰতি এতিয়ালৈকে সমৰ্থন আগবঢ়োৱা নাই পৰেশ বৰুৱাই ৷

ইফালে অতি শেহতীয়াভাৱে আলফা(স্বা)ৰ কেম্পত সদস্যক মৃত্যুদণ্ড বিহা ঘটনাক লৈ ব্যাপক চৰ্চা হৈছিল ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে পৰেশ বৰুৱাক এইদৰে অসমৰ যুৱকৰ জীৱন ধ্বংস নকৰিবলৈ আহ্বান জনোৱাৰ লগতে যুৱ প্ৰজন্মক নিজৰ জীৱনৰ নিশ্চয়তা নথকা পথত খোজ নিদিবলৈ অনুৰোধ জনাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত আলফা (স্বা) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ মাজত বাকযুদ্ধও হয় ৷

উল্লেখ্য যে বুধবাৰে চাৰিগৰাকীকৈ আলফা(স্বা)ৰ সদস্যই গুৱাহাটীত আত্মসমৰ্পণ কৰে ৷ তেওঁলোক হৈছে ক্ৰমে কেপ্টেইন বিক্ৰম অসম ওৰফে নয়ন পাতমাউত, দীপক হাতীবৰুৱা ওৰফে দিব্য অসম , মন্টু মৰাণ ওৰফে লেটেষ্ট অসম ওৰফে কুলাং মৰাণ আৰু পলাশ মৰাণ ওৰফে গোপাল অসম ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ হাতত অস্ত্ৰ-শস্ত্ৰও জমা দিয়ে কেডাৰকেইজনে ৷

মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি কয়, ‘‘এয়া মোৰ বাবে স্বাভাবিক কথা । যোৱা 20 বছৰে কোনোবাই আহিছে, কোনোবাই গৈছে । কিন্তু এতিয়া‌ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা মূল‌সূঁতিলৈ ঘূৰি অহাটো প্ৰয়োজন । সেইটোৱে মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে গুৰুত্বপূৰ্ণ কথা ।’’

লগতে পঢ়ক: স্বাধীন অসমৰ সপোন পৰিহাৰ কৰি মূলসূঁতিলৈ চাৰি আলফা (স্বা) সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.