ETV Bharat / state

Assam CM in Tripura: CPIMৰ এতিয়া কোনো অস্তিত্বই নাই; হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jan 9, 2023, 10:42 PM IST

ত্ৰিপুৰাত বিজেপিৰ জন বিশ্বাস ৰেলীত অংশগ্ৰহণ কৰি CPIMক চোকা ভাষাৰে সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ৷ ত্ৰিপুৰত 2023চনত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলিও দাবী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইতিমধ্যেই ৰাইজে CPIMক দেশৰ পৰা বাহিৰ কৰি দিছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM in Tripura
CPIMৰ এতিয়া কোনো অস্তিত্বই নাই: হিমন্ত বিশ্ব শৰ্মা

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী: ‘‘চিপিআইএম(CPIM)ৰ কথা বৰ্তমান কোনেও গুৰুত্ব নিদিয়ে ৷ ইতিমধ্যেই ৰাইজে CPIMক দেশৰ পৰা বাহিৰ কৰি দিয়াৰ লগতে CPIMক বৰ্জন কৰিছে ৷’’ ত্ৰিপুৰাৰ এক সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM slams CPIM in Tripura) ৷

উল্লেখ্য যে, ত্ৰিপুৰাৰ গোমতী জিলাৰ অমৰপুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত কিল্লাত বিজেপিৰ 'জন বিশ্বাস ৰেলী’(Jana Viswas Rally)ত সোমবাৰে অংশ গ্ৰহণ কৰে নেডাৰ(NEDA)ৰ আহ্বায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই সভাতেই CPIMৰ বিৰুদ্ধে সৰৱ হ’ল মুখ্যমন্ত্ৰীগৰাকী(Assam CM in Tripura) ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ‘‘ পূৰ্বে মই যেতিয়া ত্ৰিপুৰা ভ্ৰমণ কৰিছিলোঁ তেতিয়া মই বিশৃংখলতা, সংঘৰ্ষ, ধৰ্ষণ, হত্যা,হিংসা আদি দেখিছিলোঁ ৷ মুখ্যমন্ত্ৰী মানিক সাহাই (Tripura CM Manik Saha) CPIMৰ কাৰ্যকালৰ সময়ত কিল্লা অঞ্চলত প্ৰায় 80 গৰাকীলোকক হত্যা কৰা হৈছিল বুলি অৱগত কৰিছে ৷ কিন্তু বৰ্তমানৰ ত্ৰিপুৰাত পূৰ্বৰ সেই পৰিৱেশ নাই ৷ পূৰ্বৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ (Biplob kumar Deb) আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী মানিক সাহাই ত্ৰিপুৰাৰ ৰূপ সম্পূৰ্ণ ৰূপে সলনি কৰিলে ৷’’

ত্ৰিপুৰাৰ জনতাই বৰ্তমান CPIM ৰ ভুল শাসনৰ পৰা পৰিত্ৰাণ পোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘ভাৰতৰ জনসাধৰণো বৰ্তমান CPIMৰ প্ৰভাৱৰ পৰা মুক্ত ৷ বৰ্তমান CPIMৰ কথাত কোনেও গুৰুত্ব প্ৰদান নকৰে ৷ এতিয়া CPIMৰ কোনো অস্তিত্বই নাই ৷ ৰাইজে CPIMক বৰ্জন কৰি দেশৰ পৰা বাহিৰ কৰি দিছে ৷’’

লগতে নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘‘কেন্দ্ৰৰ লগতে ত্ৰিপুৰাত বিজেপি চৰকাৰে প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে কাম কৰি আছে ৷ কিন্তু CIPMৰ(CPIM govt in Tripura) কামৰ গতিবেগ অনি নিম্ন আছিল ৷’’ পূৰ্বৰ ত্ৰিপুৰাৰ CPIM চৰকাৰে সাধাৰণ আৰু দুখীয়া জনতাক শোষণ কৰিছিল, যাৰ পৰিণতিত CPIMৰ পতাকা ৰঙা হৈ পৰিল বুলিও তীব্ৰ সমালোচনা কৰে ৷

অনাগত 5 বছৰ যদি ত্ৰিপুৰাত বিজেপি চৰকাৰ নাথাকে তেন্তে ত্ৰিপুৰাত উন্নয়নৰ কাম-কাজ স্তব্ধ হৈ পৰিব আৰু পুনৰ গুণ্ডাৰাজে গা কৰি উঠিব বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷ লগতে 2023চনত পুনৰ ত্ৰিপুৰাত বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু জনতাক কেৱল বিজেপিয়েহে বিনামূলীয়া চাউল দিব পাৰে বুলিও দাবী ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

‘‘CIPMয়ে দাবী কৰিছিল যে আমি ৰাইজৰ বন্ধু, কিন্তু তেওঁলোকে বিনামূলীয়া চাউল যোগান ধৰিছিল নে ?’’ ভাষণ প্ৰসংগত এই কথাও উল্লেখ কৰে নেডাৰ আহ্বায়কগৰাকীয়ে ৷ এই দৰেই ত্ৰিপুৰাত CPIMক তুলা-ধুনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(Assam CM criticized CPIM) ৷

লগতে পঢ়ক: NIA files charge sheet: পশ্চিমবংগৰ সাম্প্ৰদায়িক হিংসাৰ গোচৰত ১৪ জনৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.