ETV Bharat / state

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে ৰাজ্যবাসীলৈ ২০০ খন বৈদ্যুতিক বাছ উপহাৰ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:56 PM IST

Electric bus services: গুৱাহাটীত সোমবাৰে ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ২০০ খন বৈদ্যুতিক বাছৰ সেৱা মুকলি কৰে মুখ্যমন্ত্ৰীয়ে ৷ গুৱাহাটীৰ পৰা ইয়াৰ উপকণ্ঠ অঞ্চললৈ অহা-যোৱা কৰিব এইসমূহ বাছে ৷

Electric bus services
bus services in Guwahati

ৰাজ্যবাসীলৈ ২০০ খন বৈদ্যুতিক বাছ উপহাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 1 জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বহনক্ষম নগৰীয় যাতায়তৰ দিশত নতুন যুগৰ সূচনা কৰি ২০০ খন বৈদ্যুতিক বাছৰ সেৱা মুকলি কৰে । ২৬১ কোটি টকা ব্যয়ৰে আৰম্ভ কৰা এই বাছসেৱাই গুৱাহাটীৰ লগতে গুৱাহাটীৰ উপকূলীয় অঞ্চলতো যাত্ৰীক সকাহ প্ৰদান কৰিব । গুৱাহাটী স্মার্ট চিটি লিমিটেড (জিএছচিএল)ৰ আৰ্থিক অনুদানেৰে ৰূপায়ন কৰা হৈছে এই প্ৰকল্প । এই বাছসেৱা মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে এই বাছসেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি কয়, বৈদ্যুতিক বাছসমূহৰ পৰিকল্পিত ব্যৱহাৰে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত যাতায়তৰ দিশত বৈপ্লৱিক পৰিৱৰ্তন আনিব । যাৰ ফলত ই অনাগত দিনত পর্যায়ক্ৰমে মহানগৰত পৰম্পৰাগত ডিজেল বা জীৱাশ্ম ইন্ধনযুক্ত বাছৰ ব্যৱহাৰ পৰিহাৰ কৰাৰ বৃহত্তৰ লক্ষ্যত ই অৰিহণা যোগাব ।

২০২১ বৰ্ষৰ ১০ আগষ্টত অনুষ্ঠিত কেবিনেট বৈঠকত ব্যাপক কাৰ্বন নির্গমনৰ বৰ্ধিত সমস্যা প্ৰতিৰোধ কৰিবলৈ গুৱাহাটী স্মার্ট চিটি লিমিটেডৰ (জিএছচিএল) পৰা পুঁজি ব্যৱহাৰ কৰি ১০০ খন চিএনজি বাছ আৰু ২০০ খন বৈদ্যুতিক বাছ অধিগ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

এই বাছসমূহ গুৱাহাটী মহানগৰ আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলত চলাব আৰু চাৰ্জিং ষ্টেচনকে ধৰি অন্যান্য প্ৰয়োজনীয় আন্তঃগাঁথনি স্থাপনৰ কথা আছিল । এই ক্ষেত্ৰত এএছটিচিক আগন্তুক বিত্তীয় বৰ্ষত ৰাজ্যিক বাজেটৰ জৰিয়তে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সংস্থাপন বাবে পুঁজি যোগান ধৰাৰ বাবে দায়িত্ব দিয়া হৈছিল ।

সেই অনুসৰি, এএছটিচিয়ে ২০২৩ বৰ্ষৰ ১ জানুৱাৰীত ১০০ খন চিএনজি বাছৰ সেৱা মুকলি কৰিছিল আৰু এতিয়া ৰাষ্ট্ৰীয় উমৈহতীয়া যাতায়ত কাৰ্ডৰ (এনচিএমচি) সৈতে ২০০ খন বৈদ্যুতিক বাছৰ সেৱা প্ৰৱৰ্তন কৰিছে । গুৱাহাটী বেতকুছি আইএছবিটি, গুৱাহাটী এএছটিচি ৰূপনগৰ কেম্পাছ, মির্জা, বাইহাটা চাৰিআলি আৰু জাগীৰোডত প্ৰাৰম্ভিক অৱস্থাত চাৰ্জিং ষ্টেচন স্থাপন কৰা হয় । এই অত্যাধুনিক বৈদ্যুতিক বাছ সেৱাই নগৰীয়া যাতায়তৰ নতুন মান নির্ধাৰণ কৰিব ।

বৈদ্যুতিক স্থিৰতা নিয়ন্ত্ৰণ পদ্ধতি, বৈদ্যুতিক ব্ৰেক বিতৰণ প্ৰণালী, এয়াৰ চাচপেনশ্বন, ইন্টেলিজেন্ট ট্ৰান্সপোর্ট চিষ্টেমৰ (আইটিএছ) লগতে অন্যান্য উন্নত সুবিধাবোৰৰ ভিতৰত থাকিব পেনিক বুটাম ৷ উক্ত বৈদ্যুতিক বাহনসমূহ সম্পূর্ণৰূপে শীততাপ নিয়ন্ত্ৰিত হ’ব আৰু ই যাত্ৰীসকলক উৎকৃষ্ট আৰাম প্ৰদান কৰা আৰু বাস্তৱ-সময় নিৰীক্ষণৰ বাবে ইন-বিল্ট চিচিটিভি কেমেৰা আৰু জিপিএছ ট্ৰেকিঙৰ ব্যৱস্থা আছে ।

কেৱল সেয়াই নহয়, এই ২০০ খন বৈদ্যুতিক বাছৰ ভিতৰত ২০ খন বিশেষ হুইলচেয়াৰ সুবিধাৰে সজ্জিত, যি সামাজিক দায়বদ্ধতাৰ ভাৱনাৰে বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিব । এনে গুৰুত্বপূৰ্ণ সুবিধাৰ বাহিৰেও, ২০০ এএছটিচিৰ বৈদ্যুতিক বাছসেৱা হৈছে এক পৰিষ্কাৰ, অধিক বহনক্ষম ভৱিষ্যতৰ দিশত দৃষ্টান্তমূলক ৰূপান্তৰৰ বাবে এক কৌশলগত পদক্ষেপ । ইয়াৰ যোগেদি অসম চৰকাৰে ডিজেল- জীৱাশ্ম ইন্ধনযুক্ত বাছ সলনি কৰি গুৱাহাটী মহানগৰত ৰাজহুৱা পৰিবহনত কাৰ্বন ফুটপ্ৰিন্ট যথেষ্ট হ্ৰাস কৰিব ।

তেওঁ লগতে কয় ৰাজহুৱা পৰিবহনত মহিলাসকলে বিভিন্ন সময়ত আতিশয্য ভুগি আহিব লগা হয় । কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোনো উপযুক্ত প্ৰমাণ নাথাকে । যাৰ বাবে বাছ সমূহত চি চি টিভি স্থাপন কৰা হৈছে । পেট্ৰ’ল ডিজেল চালিত বাছ বন্ধ কৰাৰ লক্ষ্যৰে আৰু ২০০ খন বাছ ক্ৰয় কৰা হ'ব । পেট্ৰ’ল ডিজেল চালিত বাছ বন্ধ কৰাৰ লগতে যিসকল এই বৃত্তিৰে জড়িত হৈ আছে তেওঁলোককো বিকল্প সংস্থাপন দিয়া হ'ব ।

পেট্ৰল ডিজেল চালিত বাহন EV লৈ ৰূপান্তৰ কৰা বাবে ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰে । EV চাৰ্জিঙ ষ্টেচন আৰম্ভ কৰাৰ লগতে পেট্ৰল ডিপো সমূহকো এই চাৰ্জিঙ ষ্টেচন স্থাপনৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ । বিদ্যুৎ ব্যৱহাৰ আৰু উৎপাদনৰ লগতে কাৰ্বন নিগমন মুক্ত কৰাৰ লক্ষ্যৰে অহা তিনি মাহত ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ কাম সম্পূৰ্ণ কৰিব । তাৰ পিছত আৰু ২০০০ মেগাৱাট উৎপাদনৰ বাবে কাম কৰিব চৰকাৰে । LPG গেছ ব্যৱহাৰৰ পৰিৱৰ্তে পাইপ গেছ ব্যৱহাৰে সম্পূৰ্ণ প্ৰদূষণ ৰোধৰ লক্ষ্য চৰকাৰৰ বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, বৈদ্যুতিক বাছসমূহ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ১৩ টা পথত চলিব । সেই পথ কেইটা হৈছে খানাপাৰা-পল্টনবজাৰ-জালুকবাৰী-ধাৰাপুৰ, বশিষ্ঠ মন্দিৰ-পল্টনবজাৰ-জালুকবাৰী-ধাৰাপুৰ, নটবমা-পল্টনবজাৰ-জালুকবাৰী-ধাৰাপুৰ, চার্জফিল্ড-ভৰালুমুখ-কামাখ্যা মন্দিৰ, পল্টন বজাৰ (উলুবাৰী ভলভো পইন্ট)-খানাপাৰা-জাগীৰোড, চন্দ্ৰপুৰ-ফৰেষ্টগেট, খানাপাৰা-ছয়মাইল-চুপাৰমাৰ্কেট-গণেশগুৰি-চিৰিয়াখানা তিনিআলী-হাতীগড়-নাৰিকাল বস্তি-গীতামন্দিৰ-মথঘৰীয়া-নাৰেংগী-পাথাৰকুৱেৰী-বিষ্ণু নগৰ-বৰবাৰী-চাচল-ছয় মাইল-খানাপাৰা, পাঞ্জাবাৰী-চান্দমাৰী-জালুকবাৰী-ধাৰাপুৰ, জিএমচিএইচ-পল্টনবজাৰ-শুৱালকুচি, খানাপাৰা-পল্টনবজাৰ-বাইহাটা, খানাপাৰা-পল্টনবজাৰ-মির্জা, জিএমচিএইচ-পল্টনবজাৰ-এইমছ, ফৰেষ্টগেট-নুনমটি-চানমাৰী-ধাৰাপুৰলৈ চলিব ।

লগতে পঢ়ক: গুনীন চৌধুৰীৰ ‘মাটিৰ সুৰ- গণশিল্প আৰু প্ৰগতিবাদৰ কথা’ উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.