ETV Bharat / state

Cm Criticizes Media: সংবাদ মাধ্যমে অযথা বিতৰ্ক নকৰিব বুলি কিয় ক’লে মুখ্যমন্ত্ৰী শৰ্মাই ?

author img

By

Published : Mar 31, 2023, 10:42 PM IST

ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীত চপোৱা সন্দৰ্ভত সংবাদ মাধ্যমক অযথা বিতৰ্কৰ সৃষ্টি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ দুবছৰৰ পিচত সিদ্ধান্ত ভুল প্ৰমাণিত হ’লে প্ৰত্যাহাৰ কৰাৰ আশ্বাস (CM criticizes media) ৷

Assam CM challenging Arvind Kejriwal
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বান কেজৰিৱালক

সংবাদ মাধ্যমক জগৰীয়া কৰিলে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, 31 মাৰ্চ: অসমৰ বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীত ছপোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, ‘‘পাঠ্যপুথি ইংৰাজীত চপালে তাতে কি হ’ল, আপোনালোকে অযথা বিতৰ্কৰ সৃষ্টি নকৰিব । আমি পূৰ্বতেই সিদ্ধান্ত লৈছিলোঁ, এতিয়া ইংৰাজী হৈছে ভালহে হৈছে । দুখীয়া লোকৰ ল’ৰা-ছোৱালী ডাক্তৰ, ইঞ্জিনীয়াৰ হ’ব ভালহে পাব লাগে । অন্তত দুবছৰলৈ ইয়াকলৈ বিতৰ্ক নকৰিব । দুবছৰৰ পিচত যদি এয়া ভাল সিদ্ধান্ত নহয় বুলি প্ৰমাণ হয় তেতিয়া আমি প্ৰত্যাহাৰ কৰিম এই সিদ্ধান্ত ।’’

ইফালে কংগ্ৰছ বিধায়িনী দলৰ তথ্য আগতীয়াকৈ পোৱা বুলি কোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছ দলে বিশেষাধিকাৰ ভংগৰ অভিযোগ তোলা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হি মন্ত বিশ্ব শৰ্মাই ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘মোৰ লগতটো কংগ্ৰেছৰ প্ৰায় সকলোৱে কথা পাতে । তাত মই লুকুৱাব লগীয়া কি আছে ? কোনোবাই প্লেনত যাওঁতে পাতে, কোনোবাই ৰেলত যাওঁতে পাতে । আন কোনোবাই আকৌ ফোন কৰে নহ’লে লগ পালে কথা পাতে । কথা পাতে যেতিয়া পাতে বুলিয়ে কম ।’’(Assam CM slams Arvind Kejriwal)

সাংবাদিকক ওলোটাই প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মই ইমান বছৰ কংগ্ৰেছত থাকিলোঁ । কংগ্ৰেছত কি হৈ আছে মই গম নাপাম নেকি ? মোৰ মৃত্যুৰ আগদিনালৈ কংগ্ৰেছৰ কথা গম পাই থাকিম । অৱশ্যে এজনে অকলে কিবা পাতিলে বেলেগ কথা ৷ দুজনে যেতিয়া কথা পাতে মই তেতিয়া গম পামেই ।’’ ইয়াৰ বাবে কংগ্ৰেছে সভা পাতি কিবা লাভ আছে নেকি বুলি কটাক্ষ কৰে (Assam CM slams APCC)।

লগতে পঢ়ক: Dilli ki Yogshala Programme : দিল্লীত বন্ধ বিনামূলীয়া যোগ শ্ৰেণী, মোডী-চাক্সেনাক দোষাৰোপ কেজৰিৰ

অৰবিন্দ কেজৰিৱাল সম্পৰ্কেও মন্তব্য কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনত বিকল্প ৰাজনৈতিক শক্তি হিচাপে আপক গঢ়ি তোলাৰ লক্ষ্যৰে অহা 2 এপ্ৰিলত গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত এখন সমাবেশত অংশ গ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । নিৰ্বাচনৰ পূৰ্বে দলৰ ভেটি অধিক মুজবুত কৰাৰ বাবে অসম ভ্ৰমণলৈ অহা দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ শীৰ্ষ নেতাগৰাকীৰ আগমনক কেন্দ্ৰ কৰি স্বাভাৱিকতে আপৰ নেতা-কৰ্মী সকলৰ মাজত দেখা গৈছে ব্যপক উৎসাহ উদ্দীপনা (Arivnd Kejriwal to visit Assam) ।

ইয়াৰ বিপৰীতে অসমত আপৰ উত্থানক লৈ যেন ভিতৰি ভিতৰি শংকিত হৈ পৰিছে শাসক দল বিজেপি । কেজৰিৱালৰ সমাবেশক লৈ চলি থকা ৰাজনৈতিক চৰ্চাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিক লৈ সততে প্ৰশ্ন কৰা দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক এইবাৰ উভতি ধৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । কেজৰিৱালক ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি প্ৰত্যাহ্বান জনায় কয়, ‘‘সাহস আছে যদি মোৰ বিৰুদ্ধে 2 এপ্ৰিলৰ জনসভাত কিবা দুৰ্নীতিৰ অভিযোগ দিয়ক কেজৰিৱালে । মই পিচদিনাই কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিম ।’’(Himanta Biswa Sarma challenged Kejriwal)

লগতে পঢ়ক: PM Modi degree controversy : কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা আদালতৰ

দুৰ্নীতিত জড়িত বুলি প্ৰশ্ন কৰা কেজৰিৱাললৈ হিমন্ত বিশ্বৰ শৰ্মাৰ মুকলি প্ৰশ্ন, ‘‘মোৰ বিৰুদ্ধে দুৰ্নীতিৰ কিবা গোচৰ আজিলৈ দেখিছে নেকি ?’’ ড৹ শৰ্মাই কয়, ‘‘দিল্লীৰ বিধানসভাত কেজৰিৱালে মোৰ বিৰুদ্ধে দুৰ্নীতিৰ কথা কৈ কি লাভ ? প্ৰত্যুত্তৰ দিবলৈ মই তাত নাথাকোঁ ৷ কিন্তু যদি 2 এপ্ৰিলত মোৰ বিৰুদ্ধে এটাও দুৰ্নীতিৰ কথা কয় তেন্তে চিছোদিয়াৰ দৰে অৱস্থা হ’ব কেজৰিৱালৰ ৷’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.