ETV Bharat / state

MLA Akhil Gogoi react on CM activity: মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিছে; অখিল গগৈ

author img

By

Published : Jan 29, 2023, 1:01 PM IST

বিধায়ক অখিল গগৈৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ । এইবাৰ তেওঁক শিৱসাগৰলৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ । সামাজিক মাধ্যমযোগে বিধায়ক অখিল গগৈয়ে উজাৰিলে ক্ষোভ (MLA Akhil Gogoi react in Social Media)।

MLA Akhil Gogoi fire against CM
বিধায়ক অখিল গগৈ

গুৱাহাটী,২৯ জানুৱাৰী: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ (MLA Akhil Gogoi unhappy with CM)। অৱশ্যে এইবাৰ অখিল গগৈ সৰৱ হোৱাৰ কাৰণ কিছু পৃথক । বিশেষ কাৰ্যসূচী লৈ শিৱসাগৰলৈ অহা মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিমন্ত্ৰণ নকৰিলে স্থানীয় বিধায়ক অখিল গগৈক (CM did not invite Akhil Gogoi to Sivasagar)। সেইবাবে দেওবাৰে পুৱাই সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়কগৰাকী ।

সামাজিক মাধ্যম যোগে বিধায়ক গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থাৎ ২৯ জানুৱাৰীত শিৱসাগৰলৈ যাব (Today CM Himanta Biswa Sarma in Sivasagar) । উদ্দেশ্য ৰংঘৰৰ ওপৰত লোৱা চৰকাৰী প্ৰকল্প সন্দৰ্ভত নাগৰিকসকলৰ লগত বাৰ্তালাপ কৰা । কিন্তু আচৰিত কথা যে, স্থানীয় বিধায়ক হিচাপে অখিল গগৈক এই আলোচনালৈ নিমন্ত্ৰণ কৰা হোৱা নাই ৷ এই বুলি অখিল গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

বিধায়ক গগৈয়ে কয় যে, ৰংঘৰৰ এই প্ৰকল্পৰ প্ৰথম প্ৰস্তাৱ তেৱেঁই উত্থাপন কৰিছিল (Rangghar Project)। এজন নিৰ্বাচিত বিধায়কক নিয়ন্ত্ৰণ নকৰাটো গণতান্ত্ৰিক কথা হয়নে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে, কেৱল আজিৰ সভালৈ নিমন্ত্ৰণ নকৰাই নহয় ,পদে পদে বিধায়কৰ পদ মৰ্যাদাক অপমান কৰা হৈছে । তেওঁ লগতে কয় যে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ তেওঁক আমন্ত্ৰণ কৰা হোৱাই নাই, অথচ সেইদিনা তেওঁ শিৱসাগৰতে আছিল (Republic Day in Sivasagar) । ইয়াৰ পূৰ্বৰ গণৰাজ্য দিৱস, স্বাধীনতা দিৱস আদিলৈকো তেওঁক আমন্ত্ৰণ কৰা হোৱা নাছিল । উপায়ুক্তক নিশ্চয় তেনেকৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ অভিযোগ কৰে ।

আনকি শিৱসাগৰ জিলাত ৰাজ্যিক ভিত্তিক অনুষ্ঠিত কৰা চৰকাৰী অসম দিৱসলৈকো তেওঁক আৰু নাজিৰাৰ বিধায়কক নিমন্ত্ৰণ কৰা নাছিল বুলিও অখিল গগৈয়ে কয় । এইবোৰ কথা বিধানসভাৰ অধ্যক্ষক লিখিতভাৱে অভিযোগ দিয়া বুলি সদৰি কৰি তেওঁ পুনৰ কয় যে, বিধায়কৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ অনা হৈছিল যদিও একো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল । তেওঁ বাৰম্বাৰ মুখ্যমন্ত্ৰীক লিখিত আৰু মৌখিকভাৱে জনোৱাৰ কথা সদৰি কৰি কয় যে, এয়া ফুটুকাৰ ফেনহে হৈছে ।

যোৱা ২৮ জানুৱাৰীত আমগুৰিৰ বিধায়কগৰাকীয়ে তেওঁৰ সমষ্টিৰ তলাতল ঘৰৰ চাৰিওফালে ঘূৰি তেওঁৰ অনুপস্থিতিত উপায়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যকৰী বিষয়াক মাতি আনি আঁচনি গ্ৰহণ কৰিবলৈ কাৰ ক্ষমতাত বলীয়ান হৈ নিৰ্দেশ দিছে বুলি প্ৰশ্ন তুলি ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে (Talatal Ghar in Sivasagar)। তাৰ দুদিনমানৰ আগত থাওৰা সমষ্টিৰ বিধায়কগৰাকীক লৈ স্কুল পৰিদৰ্শকে শিৱসাগৰ নগৰৰ বিদ্যালয় পৰিদৰ্শন কৰা বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰীৰ অনুগ্ৰহতে যে তেওঁলোকে ওভতগোৰে নাচিছে সেয়া খাটাং বুলি তেওঁ কয় ।

ইপিনে, অৰুণোদয় আঁচনি ৰূপায়ণতো শাসক দলৰ হস্তক্ষেপ ধৈৰ্যৰে চাই থকা বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘কোনদিনা ধৈৰ্যৰ বান্ধ ছিগে নাজানো’’ (Arunodaya Scheme)। অখিল গগৈয়ে লগতে কয় যে, আটাইতকৈ ভয়ানক কথাটো হ'ল যে তেওঁৰ শিৱসাগৰ বিধানসভা সমষ্টিত কয়লাৰ অবৈধ চিণ্ডিকেট চলাই আছে শাসকীয় দলৰ এগৰাকী বিধায়ক আৰু জিলা নেতা এজনে (Coal syndicate in Sivasagar)।

জিলা উপায়ুক্তক কয়লাৰ তথ্য বিচাৰি দিয়া চিঠিৰ উত্তৰ নিদি চিণ্ডিকেটত জড়িতসকলক ৰক্ষণাবেক্ষণ দিছে নে নিজে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছে সেয়াও তদন্ত কৰিবলগীয়া বিষয় বুলি তেওঁ কয় । মুখ্যমন্ত্রীক প্ৰশ্ন কৰি তেওঁ কয় ,‘‘নিৰ্বাচিত বিধায়কৰ ক্ষমতা কৰ্তন কৰি অথবা তেওঁলোকক অকাৰ্যকৰী কৰিবলৈ চক্ৰান্ত কৰি আপুনি গণতন্ত্ৰক হত্যা কৰা নাইনে ? এয়া এজন সাংবিধানিক মূৰব্বীৰ 'ৰাজধৰ্ম' হয়নে ?’’ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰক হত্যা কৰিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক:BBC Modi documentary : মুম্বাইৰ TISS চৌহদত বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.