ETV Bharat / state

Assam Cabinet Meeting :পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম

author img

By

Published : Dec 3, 2021, 10:34 PM IST

Assam cabinet meeting
Assam cabinet meeting :পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম

পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম । শক্তি বিভাগক ৰাজ্য চৰকাৰে ঋণ আৰু অনুদান হিচাবে দিয়া সমূদায় ধন এতিয়া অংশীদ্বাৰিত্বলৈ ৰূপান্তৰ কৰা হ'ব। বিদ্যুৎ উপভোক্তাক সকাহ দিয়াৰ বাবে কেবিনেটৰ ৪৮০ কোটি টকাৰ অনুমোদন।

গুৱাহাটী,৩ ডিচেম্বৰ : মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত কইনাধৰাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়(CM Himantas cabinet meeting) । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল যোগে মন্ত্রী কেশৱ মহন্তই কেবিনেটৰ সিদ্ধান্ত সমূহ সদৰি কৰে । সেই অনুসৰি গৰুখুটিৰ প্ৰকল্প(Garukhuti agriculture project) অসমীয়া যুৱক-যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে আৰু ১০দিনৰ ভিতৰত প্ৰতিটো বিভাগৰ মন্ত্ৰীয়ে গৰুখুটি ভ্ৰমণ কৰিব ।

আনহাতে, পৌৰ সভাৰ নিৰ্বাচনত ই ভি এম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত (EVM in civic body election) কেবিনেটে গ্ৰহণ কৰে। আনহাতে অমিক্ৰন সন্দৰ্ভত বিশেষ এছঅ'পি(Sop on Omicron) ওলাব আৰু এই মুহূৰ্তত অসমত অমাইক্ৰন হলে প্ৰস্তুতি ৰখা হৈছে। অমিক্ৰন হয় নে নহয় পৰীক্ষাৰ বাবে কলিকতা আৰু পুনেলৈ নমুনা প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব । ইফালে অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্ত কাইলৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব ।

শক্তি বিভাগ কেবিনেটত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । শক্তি বিভাগক ৰাজ্য চৰকাৰে ঋণ আৰু অনুদান হিচাবে দিয়া সমূদায় ধন এতিয়া অংশীদ্বাৰিত্বলৈ ৰূপান্তৰ কৰা হ'ব । ঋণ হিচাবে ৯৩০ কোটি টকা আৰু অনুদান হিচাবে ৩,৩৫৯ কোটি টকা এ পি ডি চি এলক ৰাজ্য চৰকাৰে দিছিল । এই বৃহৎ ধনৰাশিৰ ঋণ আৰু অনুদানক ৰাজ্য চৰকাৰে অংশীদাৰিত্বলৈ ৰূপান্তৰ কৰিলে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ বিদ্যুৎ উপভোক্তাক সকাহ দিয়াৰ বাবে কেবিনেটে ৪৮০ কোটি টকা মোকলাই দিছে ।

সেইদৰে ক'অপাৰেটিভ সন্দৰ্ভত কেবিনেটৰ বিশেষ সিদ্ধান্ত। চেকচন সংশোধন কৰি একেঠাইত একাধিক ক'অপাৰেটিভ হোৱাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে চৰাইদেউ মেডিকেল কলেজৰ বাবে ৫৫৭ কোটি টকা আৰু বিশ্বনাথ মেডিকেল কলেজ(Biswanath medical college)ৰ বাবে ৫৬৪ কোটি টকা নাবাৰ্ডৰ পৰা লোৱা হৈছে । এতিয়াৰ পৰা লোক নিৰ্মাণ বিভাগৰ পৰা কোনো অভিযন্তা অন্য বিভাগলৈ ডেপুটেছনত যাব নোৱাৰিব। লোক নিৰ্মাণ বিভাগৰ বাহিৰে অন্য বিভাগৰ পৰা অভিযন্তা ডেপুটেছনত যাব পাৰিব ।

লগতে পঢ়ক : Separate Directorate for Divyangs : আমিনগাঁৱত ঘোষণা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.