ETV Bharat / state

Assam Cabinet Meeting: কেবিনেট বৈঠককে ধৰি সকলো চৰকাৰী সভাৰ খৰচ কমাব চৰকাৰে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:37 PM IST

Assam Cabinet Meeting decisions
অসম কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

কেবিনেট বৈঠককে ধৰি চৰকাৰী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যয় সংকোচন কৰিব ৰাজ্য চৰকাৰে ৷ ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হয় এই সিদ্ধান্ত ৷ গুৱাহাটীৰ বাহিৰত কেবিনেট বৈঠক কৰোতে জিলা আয়ুক্তসকলে আৱৰ্ত ভৱন আৰু‌ পৰিদৰ্শন বাংলোৰৰো কোনো মেৰামতি কৰিব নোৱাৰিব ।

অসম কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ

গুৱাহাটী, ৯ অক্টোবৰ : ঋণৰ বোজাত ককবকাই থকা মুখ্যমন্ত্ৰী‌ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এইবাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যয় সংকোচন কৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । সোমবাৰে গুৱাহাটীৰ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এইধৰণৰ চৰকাৰী ব্যয় সংকোচনৰ বিভিন্ন সিদ্ধান্ত লোৱা দেখা গৈছে ।

কেবিনেট বৈঠকৰ অন্তত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰে । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ নামত জিলা আয়ুক্তসকলে আৱৰ্ত ভৱন আৰু‌ পৰিদৰ্শন বাংলোৰ কোনো মেৰামতি কৰিব নোৱাৰিব । জিলা আয়ুক্তসকলে কেবিনেট বৈঠকৰ বাবে খৰচ পাঁচ লাখলৈ সীমিত কৰিব লাগিব ।

আকৌ বিভিন্ন জিলাত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলৰ ভ্ৰমণৰ নামত জিলাই কোনো ধৰণৰ খৰচ কৰিব নোৱাৰিব । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অনুমোদন‌ সাপেক্ষে গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰা আৰু বিভিন্ন জিলাত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলৰ ভ্ৰমণৰ খৰচৰ ব্যৱস্থা কৰা হ'ব । উল্লেখযোগ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত এক নিদৰ্শনা জাৰি কৰিছে । এই নিৰ্দেশনাত কেবিনেটে অনুমোদন জনায় ।

ইপিনে কেবিনেট বৈঠকত নাবাৰ্ডৰ আৰ আই ডি এফ পুঁজিৰ পৰা অনুমোদিত হোৱা ৯৫০.৪৫ কোটি টকাৰে নিৰ্মাণ হ’বলগীয়া ৯০ টা গ্ৰাম্য পথ আৰু ৪ খন গ্ৰাম্য দলঙৰ তালিকাত অনুমোদন জনোৱা হয় ৷ আকৌ নতুকৈ গঠন হোৱা ছিপাঝাৰ পৌৰ‌সভা পৰিচালনা কৰাৰ বাবে শেহতীয়া Asssam State finance commission আৰু Central finance commission ৰ নিৰ্দ্ধাৰিত ধনৰাশি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় ।‌

আনহাতে কাজিৰঙাৰ কহৰাৰ 7 বিঘা 2 কঠা 10 লেচা ভূমিত ন্যায়িক আবাস গৃহ নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনায় । কেবিনেটত বিভিন্ন জিলাত ৰাজ্য চৰকাৰৰ অৰুণোদয় আচঁনিৰ সভা, চাইকেল‌ বিতৰণৰ সভা আৰু মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ সভা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ১১ আৰু‌ ১২ অক্টোবৰত সকলো জিলাতে অৰুণোদয় আচঁনিৰ সভা অনুষ্ঠিত কৰা হ'ব ।

১৩ অক্টোবৰত চাইকেল‌ বিতৰণৰ সভা অনুষ্ঠিত কৰা‌ হ'ব । ১৬ অক্টোবৰত মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ সভা অনুষ্ঠিত কৰা হ'ব । এই সভাসমূহত কোন‌ কোন কেবিনেট মন্ত্ৰী উপস্থিত থাকিব তাৰো তালিকা প্ৰস্তুত কৰা‌ হয় । চৰকাৰী ব্যয় সংকোচনৰ বাবে প্ৰতিখন জিলাত অনুষ্ঠিত হ’বলগীয়া এই সভাসমূহ একেখন‌‌ পেণ্ডেলতে অনুষ্ঠিত হ'ব বুলি মন্ত্ৰী বৰুৱাই সদৰী কৰে ।

লগতে পঢ়ক: Amrit Kalash Yatra: বিজেপিয়ে এতিয়া নিৰ্বাচনত প্ৰচাৰ চলাবলৈ দৰকাৰ নাই; যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.