ETV Bharat / state

G20 Summit 2023 : G20 সন্মিলন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল

author img

By

Published : Jan 30, 2023, 6:53 PM IST

G20 সন্মীলন(G20 Summit 2023) সন্দৰ্ভত সোমবাৰে ৰাজ্যিক বিজেপিৰ দুই মুখপাত্ৰই সংবাদমেল সম্বোধন কৰে ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা আৰু মনোজ বৰুৱাই সম্বোধন কৰে সংবাদমেলখন ৷ ভাৰতবৰ্ষৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই সন্মীলনৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাৰ লগতে আন বহু ক্ষেত্ৰৰ উন্নয়ণ সাধন হ’ব বুলি ধাৰণা কৰা হৈছে ৷

G20 Summit 2023
G20 সন্মিলন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল

G20 সন্মিলন সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদমেল

গুৱাহাটী, ৩০ জানুৱাৰী : ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ দৰে কঠিন সময়ত G20ৰ (G20 Summit 2023) সভাপতিত্ব লাভ কৰাটো ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ লগতে আনন্দৰ কথা ৷ G20 ত মুঠ ৩২ টা বিষয় সামৰি ২০০ খন বৈঠক অনুষ্ঠিত হ’ব সমগ্ৰ ভাৰতবৰ্ষত ৷ সোমবাৰৰ গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত (Assam BJP office) ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা আৰু মনোজ বৰুৱাই (Assam BJP spokesperson) G20 সন্মিলন সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে ৷

সংবাদমেলত প্ৰথমে G20 সন্মিলনত ভাৰতে অধ্যক্ষতা লাভ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে ৷ ৰাজ্যিক মুখপাত্ৰ পংকজ বৰবৰাই কয় যে G20 ৰ অধ্যক্ষতা এইবাৰ লাভ কৰিছে ভাৰতবৰ্ষই ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine war) দৰে কঠিন সময়ত G20 ৰ অধ্যক্ষতা লাভ কৰাটো ভাৰতৰ বাবে প্ৰত্যাহ্বান লগতে আনন্দৰ কথা ৷

G20 সন্মিলনৰ যোগেদি বিশ্বৰ বুকুত ভাৰতে গুৰুত্ব পাব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে বিভিন্ন দিশ সহজ হ’ব । লগতে বিজেপিৰ আন এজন মুখপাত্ৰ মনোজ বৰুৱাই কয় যে G20 সন্মিলনৰ জৰিয়তে দেশৰ কূটনৈতিক, অৰ্থনৈতিক, স্বাস্থ্য আৰু পৰ্যটন বিভাগৰ যথেষ্ট উন্নতি সাধন হ’ব ৷ বৰ্তমান বিশ্ব বেংক, বিশ্ব বাণিজ্য সংস্থা আদিৰ দৰে বিশ্ব সংস্থাসমূহৰ গাঁথনি পৰিবৰ্তনৰ কিছু প্ৰয়োজনীয়তা আছে ৷ G20 সন্মিলনৰ জৰিয়তে এয়াও সম্ভব হৈ উঠিব বুলি মন্তব্য কৰে মনোজ বৰুৱাই ৷

এই সন্মিলনত শিক্ষা সংক্ৰান্তীয় বৈঠকে ভাৰতৰ শিক্ষা ব্যৱস্থা উন্নত কৰিব ৷ আন্তঃ ৰাষ্ট্ৰীয় সীমান্তৰ ওপৰতো চলিব বৈঠক ৷ এনে কূটনৈতিক বৈঠকে চীনৰ সতে উত্তৰ-পূৰ্বাঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াব ৷ G20 সন্মিলনত মুঠ ৩২ টা বিষয় সামৰি ২০০ খন বৈঠক অনুষ্ঠিত হ’ব সমগ্ৰ ভাৰতবৰ্ষত ।

ইয়াৰে ৫ খন বৈঠক অনুষ্ঠিত হ’ব অসমত ৷ অসমৰ ডিব্ৰুগড়ত এখন আৰু গুৱাহাটীত ৪ খন বৈঠক অনুষ্ঠিত হ’ব (G20 summit in Guwahati)৷ ২০০ তকৈ অধিক বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব G20 সন্মিলনত ৷ G20 সন্মিলনৰ যোগেদি ভাৰতবৰ্ষই বিশ্বৰ বুকুত গুৰুত্ব লাভ কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে বিভিন্ন দিশ সহজ হ’ব বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক: Adani Hindenburg Dispute : ভাৰতৰ ওপৰত পৰিকল্পিত আক্ৰমণ; হিণ্ডেনবাৰ্গক প্ৰত্যুত্তৰ আদানিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.