ETV Bharat / state

ধৰ্মৰ ৰাজনীতি কৰি কংগ্ৰেছে দেশখনক টুকুৰা-টুকুৰ কৰিলে; ভৱেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 5:17 PM IST

BJP State President Bhabesh Kalita
চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত ভৱেশ কলিতা

আজি চাৰি ৰাজ্যত চলি আছে ভোট গণনা ৷ তিনি ৰাজ্যত বিজেপিয়ে অগ্ৰগতি লাভ কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ ‘‘আমাৰ কাৰণে সকলো নিৰ্বাচনে ফাইনেল’’ ক’লে ভৱেশ কলিতাই ৷

চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত ভৱেশ কলিতা

গুৱাহাটী, ৩ ডিচেম্বৰ : জাত-পাতৰ ৰাজনীতি কৰি, ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি কৰি কংগ্ৰেছে দেশখন টুকুৰা-টুকুৰ কৰিলে ৷ তেওঁলোকে আৰু ক’ত ভাৰত জোড়ো যাত্ৰা কৰিব ! তেওঁলোকৰ ককা, আইতা, নানাই ভাৰতখন শেষ কৰিলে । ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছক এশিকনি দিবলৈ সাজু হৈ আছে ৷ দেওবাৰে গণনা হোৱা চাৰি ৰাজ্যৰ ভোটৰ প্ৰসংগত এইদৰে কয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

কংগ্ৰেছৰ নেতৃত্বতেই অধিক সময় চৰকাৰ গঠন হৈছিল বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে সেই চৰকাৰে একো কৰিব নোৱাৰিলে ৷ কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে নিৰ্মাণ কৰা নৱভাৰতৰ জঁকাটোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাকাৰ ৰূপ দিয়া বুলি মন্তব্য কৰে ভৱেশ কলিতাই ৷ সেই কাৰণেই জনতাই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিছে বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷

আনহাতে কংগ্ৰেছে শেহতীয়া 5 ৰাজ্যৰ নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দিয়াৰ প্ৰসংগত ভৱেশ কলিতাই কয় যে বিজেপিৰ কাৰণে সকলো ‘ফাইনেল’ ৷ কংগ্ৰেছে নিজেই কোৱা অনুসৰি যিহেতু এয়া ছেমি ফাইনেল, সেই ছেমি ফাইনেলত যিহেতু কংগ্ৰেছ পৰাজয় হ’ল; সেয়েহে ফাইনেললৈ নগ’লেই কংগ্ৰেছ ৷ এই মন্তব্যও ভৱেশ কলিতাৰ ৷

ইফালে তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ প্ৰসংগত ভৱেশ কলিতাই কয় যে ৰাজ্যখনত পূৰ্বতকৈ বিজেপিৰ ফলাফল যথেষ্ট ভাল ৷ ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোটদান কৰিছে ৷ তেলেংগানাত পূৰ্বে বিজেপিৰ কেৱল এখন আসন থকাৰ কথা উল্লেখ কৰে কলিতাই ৷ ইয়াৰ বাবে ভৱেশ কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰে ৷

লগতে পঢ়ক : ভূপেন বৰাক সন্তুষ্ট কৰিবলৈ লুৰীণজ্যোতিৰ নিকৃষ্ট মন্তব্য: বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.