ETV Bharat / state

Indrani Tahbuldar case: ইন্দ্ৰাণী তহবিলদাৰে নিজে প্ৰাণ দি বিজেপিত হৈ থকা দালালি উন্মোচন কৰি গ’ল; জিয়াউৰ ৰহমান

author img

By

Published : Aug 18, 2023, 7:35 PM IST

Indrani Tahbuldar case
Indrani Tahbuldar case

সংবাদমেল সম্বোধন কৰি বিজেপি বিৰুদ্ধে সৰৱ হ’ব অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান ৷ বিজেপিৰ শাসনত ৰাজ্যত চাকৰিৰ নামত ব্যাপক কেলেংকাৰী হৈ থকাৰ অভিযোগ ৷ ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যু সন্দৰ্ভতো মন্তব্য ৷

অসম জাতীয় পৰিষদৰ সংবাদমেল

গুৱাহাটী,১৮ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ ঘটনাই বহু সত্য উদঘাটন কৰি গৈছে ৷ বিজেপি চৰকাৰ আৰু বিজেপিৰ শাখা-প্ৰশাখাত বিয়াগোম অনিয়ম, দুৰ্নীতি-দালালি হৈ আছে ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ ।

শুকুৰবাৰে দলৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘ইন্দ্ৰাণী তহবিলদাৰৰ অস্বাভাৱিক মৃত্যু দুখজনক । কিন্তু ইন্দ্ৰাণীয়ে নিজে প্ৰাণ দি বিজেপিত যি দালালি হৈ আছে তাক উন্মোচন কৰি গ’ল । চাকৰিৰ নামত দালালি হৈ আছে । চাকৰি বিক্ৰী জনতা ভৱনৰ পৃষ্ঠপোষকতাত অটল বিহাৰী বাজপেয়ীৰ নামত থকা পৱিত্ৰ কাৰ্যালয়ৰ ভিতৰত অপবিত্ৰভাৱে চলি থকা দিশবোৰ উন্মোচন হৈছ ৷’’

তেওঁ লগতে কয় যে সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত দালাল ৰাজ চলিছে ৷ চৰকাৰে গাঁৱে-গাঁৱে, পঞ্চায়তে-পঞ্চায়তে ২০ হাজাৰ সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়া প্ৰক্ৰিয়া চলাই আছে আৰু তাৰ নামত বিজেপিৰ নেতা-কৰ্মীয়ে মুকলি বজাৰ চলাইছে সেয়া উন্মোচিত হল ।

তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে বিজেপি দলে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে কিন্তু এতিয়াও চাকৰিৰ নামত দুৰ্নীতি চলি আছে । নিবনুৱা সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই । APSC কেলেংকাৰী কথা অসমৰ ৰাইজে জানে ৷ APDCL, জলসিঞ্চন বিভাগ ,বন বিভাগ, কৃষি বিভাগত চাকৰিৰ কেলেংকাৰী দেখিবলৈ পোৱা গ’ল বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

তেওঁ আৰু কয়, ‘‘এতিয়ালৈকে ১ লাখ চাকৰিৰ কিমান চাকৰি দিলে সেয়া স্পষ্ট হোৱা নাই । চাকৰিৰ দিয়াৰ নামত দালালৰাজ চলি আছে । দিছপুৰৰ পৃষ্ঠপোষকতাত চলি আছে এই দালাল ৰাজ । জয়া কলিতাই পোনপটীয়াকৈ অভিযোগ উত্থাপিন কৰিছিল যে টকাৰ বিনিময়ত ভৱেশ কলিতাই চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।’’

এনেসমূহ অভিযোগ উত্থাপন কৰি চাকৰিৰ নামত যি দুৰ্নীতি সংঘটিত হৈ আছে তাৰ বিৰুদ্ধে ৰাজ্যপাল, মুখ্যমন্ত্ৰীক ন্যায়িক তদন্ত কৰাৰ বাবেও দাবী জনায় জিয়াউৰ ৰহমানে ৷

লগতে পঢ়ক: Rajen Gohain resigns: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদাৰ পৰা পদত্যাগ ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.