ETV Bharat / state

২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব অসমৰ অংগনবাদী-আশাকৰ্মীয়ে

author img

By

Published : Sep 20, 2021, 10:12 PM IST

চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা কৰিছে অংগনবাদী কৰ্মচাৰী আৰু সহায়িকা, আশাকৰ্মী আৰু ৰান্ধনী কৰ্মীসকলে । মুঠ ১৫ টা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব কৰ্মীসকলে ৷

Anganwadi workers to join nationwide strike
২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব অসমৰ অংগনবাদী-আশাকৰ্মীয়ে

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : অংগনবাদী কৰ্মচাৰী আৰু সহায়িকা, আশাকৰ্মী আৰু ৰান্ধনী কৰ্মীসকলে ঐক্যবন্ধ হৈ চৰকাৰী বঞ্চনাৰ প্ৰতিবাদত ২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচীৰ ঘোষণা কৰিছে । আঁচনিভুক্ত কৰ্মচাৰী সকলক সংশ্লিষ্ট বিভাগৰ নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়ক, মাননীৰ সলনি মজুৰী প্ৰদান কৰক, ন্যূনতম মজুৰী প্ৰদান কৰা, অৱসৰৰ সময়ত অৱসৰকালীন সুবিধা প্ৰদান কৰাৰ লগতে সামাজিক সুৰক্ষা প্ৰদানকে ধৰি মুঠ ১৫ টা দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব ৷

সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি আশা ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহনে কয়, আই চি ডি এছ , এন এইচ এম , এম ডি এম-কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত দেশৰ কেইবাখনো বৃহৎ আঁচনিৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলে ঐক্যবদ্ধ হৈ চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে অহা ২৪ ছেপ্টেম্বৰত দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে । অসমতো এই ধৰ্মঘট পালন কৰা হ'ব ।

২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব অসমৰ অংগনবাদী-আশাকৰ্মীয়ে

দেশত এনে কৰ্মচাৰী আছে ১ কোটি ৬ লাখ । অসমত ২ লাখ ৭৩ হেজাৰ। শিশু আৰু মহিলাৰ যতন লোৱাৰ বাবে চৰকাৰে ঘোষণা কৰি থকা বিভিন্ন প্ৰকাৰৰ আঁচনি বাস্তৱ ৰূপায়নৰ বাবে কাম কৰি আছে কৰ্মচাৰী সকলে । চৰকাৰী কাম কৰে, কিন্তু চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিয়ে ।

লগতে পঢ়ক: নিশ্চিত হ’ল সুস্মিতা দেৱৰ ৰাজ্যসভালৈ যাত্ৰা !

চৰকাৰে কৰ্মচাৰীক মজুৰী বা দৰমহা নিদিয়ে; সামান্য মাননিৰ বিনিময়ত তেওঁলোকে জনকল্যাণৰ সেৱা আগবঢ়াই আছে বুলি অভিযোগ উত্থাপন কৰে আশা ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহনে । কেন্দ্ৰীয় চৰকাৰে অংগনবাদী কৰ্মীক মাহিলি ৪,৫০০ টকা, সহায়িকাক ২২৫০ টকা, আশা কৰ্মীক ৩০০০ টকা আৰু ৰন্ধন কৰ্মচাৰীক মাহিলি ১০০০ টকা মাননি দিয়ে ।

আনহাতে, ক'ভিড আক্ৰান্ত হৈ বহু আশা কৰ্মী তথা অংগৱাড়ী কৰ্মী সহায়িকা মৃত্যুমুখত পৰিছে । কিন্তু দুৰ্ভগীয়া পৰিয়ালক কোনো সাহাৰ্য প্ৰদান নকৰিলে মোডী চৰকাৰে । আশা কৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, ৰন্ধন কৰ্মীসকল চৰকাৰীভাৱে শোষিত-বঞ্চিত আৰু চৰকাৰীভাৱে নিৰ্যাতিত । এনে শোষণ বঞ্চনা আৰু নিৰ্যাতনৰ প্ৰতিবাদ জনাই ২৪ ছেপ্টেম্বৰত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হ'ব জানিবলৈ দিয়ে আশা ইউনিয়নৰ সভানেত্ৰী টুটুমণি লাহনে ।

উল্লেখ্য যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আঁচনিভুক্ত কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিব আৰু জিলা অথবা অঞ্চলভিত্তিত প্ৰতিবাদী সভাৰ আয়োজন কৰিব কৰ্মীসকলে ৷

লগতে পঢ়ক: জনজাতিকৰণ বিচাৰি প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীলৈ তেজেৰে চিঠি লিখিব আক্ৰাছুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.