ETV Bharat / state

Chinese CCTV cameras : দেশত চীনা চিচিটিভি কেমেৰা নিষিদ্ধৰ আহ্বান অৰুণাচলৰ বিধায়কৰ

author img

By

Published : Mar 6, 2023, 6:52 PM IST

Chinese CCTV cameras
দেশত চীনা চিচিটিভি কেমেৰা নিষিদ্ধৰ আহ্বান অৰুণাচলৰ বিধায়কৰ

দেশৰ আইন শৃংখলাৰ প্ৰতি ভাবুকি চীনা চিচিটিভি কেমেৰা । চিচিটিভি কেমেৰাবোৰ বেইজিঙৰ চকু-কাণ ৰূপে ব্যৱহৃত হ'ব পাৰে । এই দাবী অৰুণাচলৰ বিধায়ক নিনং ইৰিঙৰ (Ninong Ering appeal to PM Modi)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পত্ৰযোগে এই চিচিটিভি কেমেৰাবোৰ নিষিদ্ধ কৰিবলৈ আহ্বান জনালে বিধায়কজনে ।

গুৱাহাটী, ৬ মাৰ্চ : 'চীনা চিচিটিভি কেমেৰা ভাৰতত নিষিদ্ধ কৰক'- প্ৰধানমন্ত্ৰী মোডীলৈ আহ্বান পশ্চিম পাছিঘাটৰ বৰ্তমানৰ বিধায়ক নিনং ইৰিঙৰ ৷ চীন সীমান্তত থিয় দি ভাৰতক সদায় সুৰক্ষা দি অহা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এগৰাকী বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰযোগে জনোৱা এই বিশেষ আহ্বানে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে (Arunachal MLA appeal PM Modi to ban Chinese CCTV) ৷ চীনা চিচিটিভি কেমেৰাবোৰ বেইজিঙৰ চকু-কাণ ৰূপে ব্যৱহৃত হ'ব পাৰে বুলি শংকা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক নিনং ইৰিঙে ৷

৫ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা পত্ৰখন নিশালৈ টুইটাৰত ইৰিঙে ৰাজহুৱা কৰে (Ninong Ering on CCTV camera)৷ টুইটাৰত নিনং ইৰিঙে লিখিছে-"মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীলৈ ভাৰতীয় চৰকাৰী কাৰ্যালয়বোৰত চীনা CCTV system লগোৱাটো নিষিদ্ধ কৰিবলৈ এখন পত্ৰ লিখিছো ৷ সমগ্ৰ ভাৰতজুৰি ব্যৱহাৰ হোৱা এই CCTV সমূহ 'বেইজিঙৰ চকু-কাণ' ৰূপে ব্যৱহৃত হ'ব পাৰে ৷"

অৰুণাচলৰ বিধায়কগৰাকীয়ে চিচিটিভি নেটৱৰ্কত সততে ব্যৱহৃত ইণ্টাৰনেট প্ৰট'কল (আইপি) কেমেৰা আৰু ইণ্টাৰনেট চালিত ডিজিটেল ভিডিঅ' ৰেকৰ্ডিং (ডিভিআৰ) ডিভাইচসমূহ চীনৰ হেকাৰে কিদৰে ব্যৱহাৰ কৰি আহিছে সেই বিষয়েও উল্লেখ কৰিছে । এনে ক্ষেত্ৰত আহিব পৰা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ বৰ্তমানৰ আইন আৰু সজাগতা পৰ্যাপ্ত নোহোৱাৰ কথা উল্লেখ কৰি চীনা চিচিটিভি কেমেৰাসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটোলৈ আনিব পৰা ভয়াৱহ ভাবুকিৰ দিশটোৰ কথাও প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত উল্লেখ কৰে বিধায়কজনে (Chinese camera threat) ৷

বিভিন্ন দেশৰ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি ইৰিঙে চীনৰ পৰা আহিবলগীয়া ভাবুকিৰ বিষয়ে উল্লেখ কৰি কয় যে আমেৰিকা, ব্ৰিটেইন, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশে চীনৰ CCTVৰ পৰা অহা বিপদক স্বীকাৰ কৰি সচেতন হৈছে । কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁৰ পত্ৰখনত লগতে উল্লেখ কৰে যে চীনৰ আইন অনুসৰি চীনৰ প্ৰতিষ্ঠানসমূহে চোৰাংচোৱা তথ্য সংগ্ৰহত সহায় কৰাটো বাধ্যতামূলক । সেয়ে CCTV কেমেৰাসমূহ ভাৰতৰ বাবে বিপদজ্জনক হৈ পৰিছে ।

ভাৰতৰ প্ৰতি চীনে শত্ৰুতা প্ৰদৰ্শন কৰা ঘটনাৰো উদাহৰণ উল্লেখ কৰি ৰাজনীতিবিদজনে লিখিছে- "বৰ্তমানৰ অৱস্থাত যেতিয়া চীনে বাৰে বাৰে কেৱল আমাৰ এল এ চিৰ প্ৰতিয়ে নহয়, ভাৰতৰ আই টি আন্তঃগাঁথনিতো আক্ৰমণ কৰি শত্ৰুতা প্ৰদৰ্শন কৰিছে ৷ সেয়ে চীনৰ এই সম্ভাব্য ভাবুকি ৰোধ কৰিবলৈ ভাৰতে এতিয়া নিশ্চিতভাৱে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিব লাগিব । সেয়েহে মই অনুৰোধ কৰিম যে আপোনালোকে ভাৰত চৰকাৰৰ কাৰ্যালয়ত চীনৰ চিচিটিভি ব্যৱস্থা স্থাপনৰ ওপৰত তৎকালীনভাৱে নিষেধাজ্ঞাৰ নিৰ্দেশ দিয়ক।"

চীনা সীমান্তৰ প্ৰহৰী ৰাজ্যখনৰ অভিজ্ঞ ৰাজনীতিবিদজনে কিছু পৰামৰ্শও আগবঢ়াইছে এই সন্দৰ্ভত ৷ তেঁওৰ পৰামৰ্শ- চীনৰ চিচিটিভি নিষিদ্ধ কৰাৰ পাছত জনসজাগতা অভিযান আৰম্ভ কৰিব পাৰি য'ত মানুহক ঘৰত চীনা চিচিটিভি ব্যৱহাৰ কৰাৰ বিৰুদ্ধে সচেতন কৰিব পৰা যাব । তেওঁ লগতে পত্ৰখনত উল্লেখ কৰিছে যে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এটাৰ প্ৰতিবেদনত চীন ৰাষ্ট্ৰখনৰ পৃষ্ঠপোষকতাত সন্দেহযুক্ত চীনা হেকাৰৰ দ্বাৰা চাইবাৰ চোৰাংচোৱাগিৰি অভিযান চলোৱা বুলি দাবী কৰা হৈছে ।

২০২২ চনৰ জুন মাহত প্ৰকাশিত এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে হেকাৰসকলে উত্তৰ ভাৰতৰ কমেও সাতটা "লোড ডিস্পেচ" চেণ্টাৰত গুৰুত্ব আৰোপ কৰিছিল । এইসকলে লাডাখৰ ভাৰত-চীন সীমান্তৰ সমীপত গ্ৰীড নিয়ন্ত্ৰণ আৰু বিদ্যুৎ বিক্ষিপ্তকৰণৰ বাবে অভিযান চলাইছিল ।

তেওঁ লগতে প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনাই কয়, "কেন্দ্ৰৰ এক হিচাপত দেখা গৈছে যে সমগ্ৰ ভাৰততে ২০ লাখতকৈ অধিক চিচিটিভি স্থাপন কৰা হৈছে, ইয়াৰে ৯০ শতাংশতকৈয়ো অধিক CCTV কেমেৰা চীন চৰকাৰৰ আংশিক মালিকানাধীন কোম্পানীয়ে নিৰ্মাণ কৰিছে । এইক্ষেত্ৰত আটাইতকৈ চিন্তনীয় কথাটো হ'ল ইয়াৰে আধাতকৈ অধিক CCTV ভাৰতৰ চৰকাৰী বিভাগত সংস্থাপন কৰা হৈছে । সেয়েহে মই অনুৰোধ কৰিম যে আপোনালোকে ভাৰত চৰকাৰৰ কাৰ্যালয়ত চীনৰ চিচিটিভি ব্যৱস্থা স্থাপনৰ ওপৰত তৎক্ষণাত নিষেধাজ্ঞাৰ নিৰ্দেশ দিয়ক।" অৰুণাচলৰ বয়োজ্যেষ্ঠ ৰাজনীতিবিদজনৰ দেশৰ নিৰাপত্তাৰ লগত জড়িত এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক :Conrad Sangma to form govt: অনিশ্চয়তাৰ অৱসান; মেঘালয়ত পুনৰ হ’ব কনৰাড চাংমাৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.