ETV Bharat / state

Arunachal APPSC Scam: APPSC ৰ প্ৰশ্নকাকত ফাদিল কেলংকাৰীত নতুনকৈ ৭ জনক গ্ৰেপ্তাৰ

author img

By

Published : Jan 7, 2023, 2:18 PM IST

Arunachal APPSC Scam: 7 new arrested, case handed over to CBI
APPSC ৰ প্ৰশ্ন কাকত ফাদিল কেলংকাৰীত নতুনকৈ ৭ জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ

অৰুণাচলৰ লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত জড়িত থকাৰ অভিযোগত পুনৰ ৭ জনক গ্ৰেপ্তাৰ কৰিছে (Arunachal APPSC Scam) ৷ অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্ত কোষে গ্ৰেপ্তাৰ কৰিছে চৰকাৰী বিষয়াক কেইগৰাকীক ৷ যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছে বিষয়া কেইগৰাকীক ।

গুৱাহাটী, ৭ জানুৱাৰী : অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ বৰ্তমানৰ আটাইতকৈ ডাঙৰ খবৰটো হ’ল অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰী (Arunachal APPSC Scam)। এই কেলেংকাৰীয়ে যোৱা বছৰৰ শেষাৰ্ধৰ পৰা ৰাজ্যখনত জোকাৰণি অব্যাহত ৰাখিছে । ২০২২ চনত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ এ ই চিভিল মেইনছ পৰীক্ষাৰ সময়ত সংঘটিত প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগত অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্ত কোষে আৰু আন ৭ গৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে ।

যোৱা ৫ আৰু ৬ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়া কেইগৰাকীক । আনহাতে, অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত ফাদিল কেলংকাৰীৰ গোচৰৰ তদন্তৰ দায়িত্ব এছআইচিৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI লৈ হস্তান্তৰ কৰা হৈছে (APPSC Scam case handed over to CBI) ৷

মূল অভিযুক্ত টাকেত জেৰাঙৰ নাৰ্কো টেষ্ট কৰিব বুলি অৰুণাচল আৰক্ষীৰ এছআইচিৰ আৰক্ষী অধীক্ষক অনন্ত মিত্তালে সংবাদমেলত সদৰি কৰিছে শুকুৰবাৰে ৷ জেৰাঙৰ বিৰুদ্ধে নাৰ্কো টেষ্ট সম্পন্ন কৰাৰ প্ৰস্তাৱ অৰুণাচল লোকসেৱা আয়োগৰ আন বিষয়া আৰু সদস্যসকলৰ জড়িত আছে নে নাই সেইটো নিশ্চিত কৰাৰ বাবে দিয়া হৈছিল (APPSC question paper leakage scam) ৷

Arunachal APPSC Scam: 7 new arrested, case handed over to CBI
APPSC ৰ প্ৰশ্ন কাকত ফাদিল কেলংকাৰীত নতুনকৈ ৭ জন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ

এছ আই চিয়ে ইতিমধ্যে গোচৰৰ সকলো প্ৰাসংগিক নথি-পত্ৰ দেশৰ প্ৰধান তদন্তকাৰী সংস্থাটোক দাখিল কৰিছে । অৱশ্যে যেতিয়াই তদন্তকাৰী সংস্থাটোৱে এছ আই চিৰ পৰা সহযোগিতা বিচাৰিব তেতিয়াই সহযোগ কৰিব বুলি মন্তব্য এছ আই চিৰ অধীক্ষকক গৰাকীৰ । মূল অভিযুক্ত তাকেত জেৰাং আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলে বৃহৎ পৰিমাণৰ ধন, ভূমি আৰু আন সম্পত্তিৰ বিপৰীতে এপিপিএছচিয়ে অনুষ্ঠিত কৰা বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত গোপনে যোগান ধৰি আহিছিল ।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে যিহেতু এই বিশাল সম্পত্তিৰ মূল্যায়ন কৰা কঠিন হৈ পৰিছে আৰক্ষীৰ বাবে, সেয়েহে জেৰাঙৰ মালিকানাধীন সম্পত্তিৰ অধিক মূল্যায়নৰ বাবে ইডিক আবেদন দাখিল কৰা হৈছে । প্ৰশ্ন কাকত ফাদিল হোৱা কেলেংকাৰীটোৰ ক্ষেত্ৰত ইতিপূৰ্বে লাভ কৰা সম্পূৰ্ণ ৩৬ খন এজাহাৰ একত্ৰিত কৰি সত্য উন্মোচন কৰি বহু বিভাগৰ বিভিন্ন লোকক গ্ৰেপ্তাৰ কৰি গোচৰটোৰ তদন্ত চলাইছিল (CBI files another FIR in APPSC cash for job scam) ৷

ইফালে, বিগত দুদিনত চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰীৰ সৈতে জড়িত ছয়জন আৰক্ষী উপ পৰিদৰ্শক (এছ আই) আৰু এজন পি ডব্লিউ ডিৰ এ ইকে ধৰি মুঠ ৭ জনক গ্ৰেপ্তাৰ কৰিছে এছ আই চিয়ে । শ্বিলঙৰ উত্তৰ-পূব আৰক্ষী একাডেমীত (NEPA) প্ৰশিক্ষণ লৈ থকা অৱস্থাৰ পৰাজেমবাং দৰং (২৯), কংকেং গাৰু (২৮), যোম তালম (২৭), কালি যোমচা (২৮), পাকজুম গামলিন (২৬) আৰু কালিং জেৰাং (২৮)ক গ্ৰেপ্তাৰ কৰা হৈছে ৷

আনহাতে সাত নম্বৰজন হ’ল নেকি ৰতন (২৮) নামৰ মেবো মহকুমাত কৰ্মৰত এজন সহকাৰী অভিযন্তা ৷ দীৰ্ঘকালীন জেৰা, কাৰিকৰী আৰু আৰ্থিক বিশ্লেষণৰ অন্তত ৫ আৰু ৬ জানুৱাৰীত এই সাতোজনক গ্ৰেপ্তাৰ কৰা হয় । শেহতীয়াকৈ এই সাতজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এই কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৪৬লৈ বৃদ্ধি পাইছে ৷ গ্ৰেপ্তাৰ হোৱা ৪৬ জনৰ ৩৬ জনেই চৰকাৰী বিষয়া ৷

কি দৰে সংঘটিত হৈছিল এই কেলেংকাৰী?

এতিয়াও গভীৰ ক্ষোভিত হৈ থকা অৰুণাচলৰ বিভিন্ন দল-সংগঠনে ৰাজ্য চৰকাৰৰ পৰা অধিক জৰুৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । বৰ্তমানলৈকে এই গোচৰৰ সৈতে জড়িত ৪৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, য’ত বহুকেইজন চৰকাৰী কৰ্মচাৰী আৰু দালাল আছে । এই তদন্ত চিবিআই আৰু এছআইচিয়ে অব্যাহত ৰাখিছে । ইতিপূৰ্বে অৰুণাচল ৰাজ্য চৰকাৰক দাখিল কৰা দাবীৰ ১৩ দফীয়া চনদ পূৰণ কৰাৰ দাবী জনাই শেহতীয়াকৈ সদৌ নিছি ছাত্ৰ সন্থাই ১২ ঘণ্টীয়া মূলধনী বন্ধও পালন কৰিছে ।

আয়োগে চলোৱা সহকাৰী অভিযন্তা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত গ্যামাৰ পাডাঙ নামৰ এজন সক্ৰিয় ৰাজহুৱা কৰ্মীয়ে যেতিয়া প্ৰথমবাৰৰ বাবে এফআইআৰ দাখিল কৰিছিল, তেতিয়া কোনেও ধাৰণাই কৰিব পৰা নাছিল যে ইমান এক বৃহৎ কেলংকাৰী পোহৰলৈ আহিব । তাৰ পিছৰে পৰা এই কেলেংকাৰীয়ে কঁপাই তুলিছে চুবুৰীয়া ৰাজ্য অৰুণাচল । অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰাক্তন উপ সচিব টাকেট জেৰাঙৰ নেতৃত্বত আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰশ্নকাকত বিক্ৰী কৰিবলৈ অসামৰিক কৰ্মচাৰী, অভিযন্তা, আৰু অন্যান্য চৰকাৰী বিষয়াই গঢ়ি তুলিছিল এক বৃহৎ ৰেকেট৷

টাকেট জেৰাঙকে ধৰি চক্ৰটোৰ অৰ্ধেককে ধৰি বক্ৰ পথেৰে ধনৰ বিনিময়ত চাকৰি লোৱা প্ৰাৰ্থীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । মূল অভিযুক্ত টাকেট জেৰাঙে অৰুণাচল লোকসেৱা আয়োগৰ উপ সচিব পদত ২০১৬ ত নিযুক্তি লাভ কৰাৰ পৰীক্ষা নিয়ন্ত্ৰণ আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰাৰ পিছৰে পৰা এই কেলেংকাৰী চলাই আহিছে বুলি ধাৰণা কৰা হৈছে ৷ এই কেলেংকাৰীত আৰু অধিক লোক জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে, আৰু তদন্তকাৰী সংস্থাসমূহে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ দাবী তুলিছে অৰুণাচলৰ দল-সংগঠন সমূহে ।

এই কেলেংকাৰীটো পোহৰলৈ অহা এটা চাঞ্চল্যকৰ আমোদজনক দিশ হ’ল— একাংশ পৰীক্ষাৰ্থীয়ে আগতীয়াকৈ প্ৰশ্নকাকত লাভ কৰাৰ পিছতো পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰা নাছিল । তাৰ ফলত ৰাজধানী ইটানগৰৰ সমীপৱৰ্তী নাহৰলগুণৰ হোটেল চান্দনীত পুনৰ প্ৰশ্নৰ উত্তৰ লিখোৱাৰো ব্যৱস্থা কৰোৱা হৈছিল । এই কেলেংকাৰীটোৰ তদন্ত একাংশ বঞ্চিত প্ৰাৰ্থীয়ে গোচৰ তৰাৰ পৰাই আৰম্ভ হৈছিল ।

অপৰিসীম সাহস আৰু নিষ্ঠা প্ৰদৰ্শন কৰি আদালতত তেওঁলোকক নিয়মিতভাৱে গোচৰটো অনুসৰণ কৰা দেখা পোৱা গৈছে । তেওঁলোকে যোগান ধৰা তথ্য-প্ৰমাণৰ ভিত্তিতে অধিকাংশ লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ব্যাপক চৰ্চা চলিছে ৷ CBI তদন্তই এই কেলিংকাৰীৰ চূড়ান্ত ফলাফল লাভ কৰে সেয়া এতিয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক: Human Trafficking in Guwahati: মহানগৰ আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.