ETV Bharat / state

Artificial flood in Guwahati: কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 3:54 PM IST

Artificial flood
মহানগৰীত কৃত্ৰিম বান

চৰকাৰ আহে, চৰকাৰ যায়- কিন্তু মহানগৰবাসীৰ কৃত্ৰিম বানৰ সমস্যাহে সমাধান নহয় ৷ প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বেমহানগৰবাসীক কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে জন প্ৰতিনিধিয়ে ৷ কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকে পাহৰি যায় ।

মহানগৰীত কৃত্ৰিম বান

গুৱাহাটী, ১ অক্টোবৰ: শনিবাৰে আবেলি অহা এজাক মুষলধাৰ বৰষুণৰ পিছত এতিয়া মহানগৰবাসীয়ে বোকাৰ বাবে যাতায়াতত সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে । ঠায়ে ঠায়ে পানী শুকাইছে যদিও পথত একাঠু বোকা হৈ থকাত মহানগৰবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ । হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল-নবীন নগৰ, চানমাৰী আদিকে ধৰি বহু অঞ্চলৰ জনতাই পানী আৰু বোকাৰ মাজতে আজিও আৱদ্ধ হৈ আছে ।

কালি বৰষুণৰ পিছতেই জলবন্দী হৈ পৰে হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা, অনিল-নবীন নগৰ, চানমাৰী আদিকে ধৰি বহু অঞ্চলৰ জনতা । নিশা পৰ্যন্ত স্তব্ধ হৈ থাকে বহু অঞ্চলৰ যাতায়াত ব্যৱস্থা । দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক কৃত্ৰিম বান ৰোধৰ বাবে আবেদন-নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত সমাধান নহ'ল মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা । কৃত্ৰিম বান ৰোধত বিফল গুৱাহাটী পৌৰ নিগম তথা চৰকাৰ প্ৰশাসন ।

আনহাতে, এতিয়া বহু অঞ্চলৰ পৰা পানী ওলাই গৈছে যদিও বোকা আৰু দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলসমূহত । মহানগৰীৰ অধিক পানী হোৱা ঠাই হিচাপে চিহ্নিত অনিল নগৰৰ চাৰিওফালে এতিয়া বোকা আৰু দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে । মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে লোৱা পৌৰ নিগমৰ সকলো প্ৰচেষ্টা এতিয়া বিফল । চুপাৰ চাকাৰ, ৰ'বট আদিকে ধৰি কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে যিমান ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে । উন্নত কৌশল অৱলম্বন কৰাৰ পিচতো সমাধান নহ’ল গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতি ।

ইফালে, গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখন আঁচনি । ২০১৬-১৭ বিত্তীয় বৰ্ষত মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে গ্ৰহণ কৰা হৈছিল ৭ খন আঁচনি । ২০১৯-২০ বৰ্ষতো একে ধৰণৰ ৭ খন আঁচনিৰ নামত ব্যয় কৰা হৈছিল ৫.৯৯ কোটি টকা । কিন্তু ইমানৰ পিছতো আজি পৰ্যন্ত সমাধান হোৱা নাই গুৱাহাটীৰ কৃত্ৰিম বান । যাৰ বাবে বৰষুণ আহিলেই এতিয়া যেন বুকু কঁপে মহানগৰবাসীৰ । সকলোৱে এতিয়া এটাই প্ৰশ্ন কেতিয়া সমাধান হ'ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা ।

লগতে পঢ়ক:Ek Tarikh Ek Ghanta EK Sath: নগাঁৱত স্বচ্ছতাৰ বাবে এক ঘণ্টাত বিধায়ক ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.