ETV Bharat / state

গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Nov 5, 2020, 7:57 PM IST

বৃহস্পতিবাৰে ইউনাইটেড ট্ৰাষ্ট অফ আছামে গুৱাহাটী ৰটাৰী ক্লাৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সাংবাদিকগৰাকীক মুক্তিৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰী সকলৰ মন্ত্যৱ্য 'মহাৰাষ্ট্ৰ চৰকাৰে জনতাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে। অৰ্ণৱ গোস্বামীক আটক কৰি দেশৰ সমগ্ৰ সংবাদ গোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে'।

arnab goswami arrest protest at guwahati
গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী,5 নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । মুম্বাই আৰক্ষীৰ হাতত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ পৰিপন্থী আখ্যা সচেতন মহলৰ। এটা পুৰণি বন্ধ হোৱা গোচৰৰ আলম লৈ পুৱতি নিশা নিজ বাসভৱনৰ পৰা মুম্বাই আৰক্ষীয়ে কোনো দাগী অপৰাধীৰ দৰে বলপূৰ্বকভাৱে উঠাই লৈ যোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে সকলোৱে।

গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ইপিনে গোস্বামীৰ গ্ৰেপ্তাৰ প্ৰসংগক লৈ দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ লগতে সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সমান্তৰালকৈ অসমতো ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে । সকলোৰে মন্তব্য এয়া অন্যায়, অবিচাৰ । মুম্বাই আৰক্ষীয়ে হিটলাৰী প্ৰথা লোৱাৰ অভিযোগ বিভিন্ন মহলৰ।

সাংবাদিকগৰাকীক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত বৃহস্পতিবাৰে ইউনাইটেড ট্ৰাষ্ট অফ আছামে গুৱাহাটী ৰটাৰী ক্লাৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সাংবাদিকগৰাকীক মুক্তিৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে। প্ৰতিবাদী সকলৰ মন্ত্যৱ্য 'মহাৰাষ্ট্ৰ চৰকাৰে জনতাৰ কণ্ঠৰুদ্ধ কৰিব বিচাৰিছে। অৰ্ণৱ গোস্বামীক আটক কৰি দেশৰ সমগ্ৰ সংবাদ গোষ্ঠীৰ অধিকাৰ খৰ্ব কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে'।

আনহাতে জেষ্ঠ্য সাংবাদিক হাইডৰ হুছেইনে উক্ত বিষয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় 'অৰ্ণৱ গোস্বামীৰ সংবাদ পৰিৱেশন শৈলী আৰু আদৰ্শগত অমিল থকাটো কোনো আচৰিত কথা নহয়। বলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰকৃত তথ্য উদঘাটন কৰাৰ স্বাৰ্থত গোস্বামীয়ে যি দৰে বাতৰি পৰিৱেশন কৰিছিল সেয়া সাংবাদিকতাৰ নীতিৰ বাহিৰত। তথাপিও দেশৰ এটা আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য সম্পাদকক এনেভাৱে বৰ্বৰভাৱে আটক কৰা কাৰ্যক গৰিহণা দিছো'।

গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ
উল্লেখযোগ্য যে সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইৰ ৰায়গড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে নিশা আলিবাগ কাৰাগৰৰ অস্থায়ী ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে ।

লগতে পঢ়কঃ সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.