ETV Bharat / state

Air pollution in Guwahati: দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গুৱাহাটীৰ পৰিৱেশ

author img

By

Published : Feb 7, 2023, 8:23 PM IST

ভয়ংকৰ বায়ু প্ৰদূষণৰ কৱলত পৰিছে গুৱাহাটী মহানগীৰ (Air pollution in Guwahati)। বিগত দুটা মাহত প্ৰদূষণ অধিক বেয়াৰ ফালে গতি কৰিছে । বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছে চিকিৎসকে ।

Air pollution in Guwahati
দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গুৱাহাটীৰ পৰিৱেশ

দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গুৱাহাটীৰ পৰিৱেশ

গুৱাহাটী, ৭ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত ভয়াৱহ বায়ু প্ৰদূষণ । বায়ুৰ সূচাংক ৩৩৯ৰ সীমা অতিক্ৰম কৰিছে (Air quality index of Guwahati)। গুৱাহাটী মহানগৰীত বিগত দুমাহৰ পৰা বায়ু প্ৰদূষণ বৃদ্ধি পাইছে যদিও চলিত মাহত ই আৰু অধিক বৃদ্ধি পাইছে (Guwahati Air Pollution)। এক ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ বায়ুৰ সূচাংক বেয়া আছিল যদিও ৫-৬ ফেব্ৰুৱাৰীত 'অতি বেয়া' হৈছে মহানগৰীৰ বায়ুৰ সূচাংক । যাৰ ফলত প্ৰদূষণৰ বাবে নানান ৰোগত আক্ৰান্ত হৈছে মহানগৰীৰ নাগৰিক ।

শিশুৰ পৰা বৃদ্ধলৈ হাঁওফাওঁজনিত ৰোগ, ছালৰ ৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে । দিল্লীতকৈও ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে গুৱাহাটীৰ বায়ু প্ৰদূষণ । বিগত প্ৰায় দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ সূচাংক 'অতি বেয়া' অৰ্থাৎ ৩৫০-৩৬০ লৈকে বৃদ্ধি পাইছে (Guwahati AQI very poor)। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সদৰী কৰিছে এই উদ্বেগজনক তথ্য । গুৱাহাটীত বায়ু প্ৰদূষণ সূচাংক ৪০০ৰ ওপৰত গ'লেই বিপজ্জনক সীমা অতিক্ৰম কৰিব ।

বিশেষকৈ মহানগৰীত জধে-মধে চলি থকা নিৰ্মাণকাৰ্যৰ ফলতে অভাৱনীয়ভাৱে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে । গুৱাহাটীৰ জু-ৰোড, মালিগাঁও আদিত দীৰ্ঘদিন ধৰি চলি থকা উৰণীয়া সেতুৰ লগতে বিভিন্ন স্থানত নলা-নৰ্দমাৰ নিৰ্মাণকাৰ্যৰ পৰা সৃষ্টি হোৱা ধূলিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে । তদুপৰি পানীৰ পাইপ বহুৱাৰ নামত খন্দা বাট-পথৰ ধূলি তথা অত্যাধিক হাৰত চলাচল কৰা যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাৰ লগতে কল-কাৰখানাৰ ধোঁৱাই বায়ুমণ্ডল কলুষিত কৰি আহিছে ।

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আহ্বান পানী ছটিৱাওক । নহ'লে অনাগত দিনত অধিক ভয়াৱহ হোৱাৰ দিশে গতি কৰিব গুৱাহাটী মহানগৰীৰ পৰিৱেশ । আনহাতে গুৱাহাটী মহানগৰীৰ বায়ু প্ৰদূষণক লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাইও মন্তব্য কৰিছে । প্ৰদূষিত গুৱাহাটীত ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'লে মাস্ক পিন্ধিবলৈ আহ্বান জনোৱাৰ লগতে গছ আৰু পথত পানী ছটিয়াবলৈ আহ্বান জনাইছে (GMCH superintendent urges public to wear mask)।

বায়ু প্ৰদূষণৰ বাবে কাহ,জ্বৰ, চৰ্দি আদিৰ যথেষ্ট ৰোগী চিকিৎসালয়লৈ আহিছে । আনহাতে ডায়েবেটিচ, কিডনী, হাঁওফাওঁজনিত ৰোগীসকলে অধিক সাৱধান হোৱা উচিত আৰু ঘৰৰ বাহিৰলৈ যোৱা কমাই দিবলৈ আহ্বান জনায় অধীক্ষকগৰাকীয়ে । ইফালে মহানগৰীৰ বায়ু প্ৰদূষণ সূচাংক আৰু মাত্ৰ ৪০-৫০ বৃদ্ধি পালেই বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাও ব্যক্ত কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে (Pollution Control Board report on pollution)। এতিয়া মহানগৰীৰবাসীৰ অপেক্ষা মাথো এজাক বৰষুণৰ, অন্যথা অনাগত দিনত আৰু অধিক শোচনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব মহানগৰবাসী ।

লগতে পঢ়ক :Golaghat Sahitya Sabha Laikhuta: গোলাঘাট জিলা সাহিত্য সভা অধিৱেশনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.