ETV Bharat / state

অসম লোকসেৱা আয়োগ কেলেংকাৰীক লৈ গুৰুত্বপূৰ্ণ ৰায়দান ন্যায়ালয়ৰ

author img

By

Published : Sep 10, 2019, 9:16 PM IST

সমগ্ৰ দেশ জোকাৰি যোৱা অসম লোকসেৱা আয়োগ কেলেংকাৰী গোচৰত অভিযুক্ত 50 গৰাকী ৰাজপত্ৰিত বিষয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ৰায়দান অনুসৰি,পৰৱৰ্তী শুনানি অনুষ্ঠিত নোহোৱালৈকে এইসকল বিষয়াক তেওঁলোকৰ নিৰ্ধাৰিত সুবিধাসমূহ প্ৰদান কৰিবলৈ নিৰ্দেশনা দিছে ন্যায়ালয়ে ৷

অসম লোকসেৱা আয়োগ কেলেংকাৰী

গুৱাহাটী,10 ছেপ্তেম্বৰঃ সমগ্ৰ দেশ জোকাৰি যোৱা অসম লোকসেৱা আয়োগৰ মহাকেলেংকাৰী গোচৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰে আন এক গুৰুত্বপূৰ্ণ ৰায়দান ৷ কেলেংকাৰীত অভিযুক্ত হোৱা 50 গৰাকী ৰাজপত্ৰিত বিষয়াক লৈ উচ্চ ন্যায়ালয়ে প্ৰদান কৰে ৰায়দান ৷

গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এপিএছচি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা বিষয়াসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশনা জাৰী কৰিছিল অসম চৰকাৰে ৷ এই নিৰ্দেশনাৰ বিৰুদ্ধে 50গৰাকী বিষয়াই ন্যায়ালয়ৰ কাষ চাপিছিল ৷ পৰৱৰ্তী সময়ত ন্যায়ালয়ে বহুকেইগৰাকী বিষয়াৰ চাকৰিৰ বৰ্খাস্তৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছিল ৷

ইফালে এইসকল বিষয়াৰ সন্দৰ্ভতে মঙলবাৰে আন এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উক্ত অভিযোগৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত নোহোৱালৈকে এইসকল বিষয়াই আইন অনুসৰি পাবলগীয়া সুবিধাসমূহ চৰকাৰক প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰী কৰে ৷ এই কথা প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ফিৰোজ খানে ৷ অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি,পৰৱৰ্তী শুনানি অহা অক্টোৱৰ মাহৰ 24 তাৰিখে অনুষ্ঠিত হ'ব ৷

Intro:এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান




Body:প্ৰসংগঃ এ পি এছ চি মহা কেলেংকাৰী। মংগলবাৰে কেলেংকাৰীত অভিযুক্ত ৫০ ৰাজপত্ৰিত বিষয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এ পি এছ চি কেলেংকাৰীত জড়িত বিষয়াসকলক চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাৰ বিৰুদ্ধে ৫০ বিষয়াই কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ। ন্যায়ালয়ে কেইবাগৰাকীৰ চাকৰিৰ বৰ্খাস্তৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছিল। ইফালে বৰ্খাস্ত স্থগিত ৰাখিবলৈ নিৰ্দেশনা দিয়া বিষয়াসকলৰ ক্ষেত্ৰত সোমবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত বিষয়াসকলক তেওঁলোকৰ আইনী নিয়ম অনুসৰি পাবলগীয়া সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ফিৰোজ খানে জনোৱা মতে ২৪ অক্টোবৰত অনুষ্ঠিত হ'ব পৰৱৰ্তী শুনানি। উল্লেখযোগ্য যে বৰ্তমানো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হৈ আছে এ পি এছ চিৰ মূল খলনায়ক ৰাকেশ পাল।


Byte অধিবক্তা ফিৰোজ খান


Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.