ETV Bharat / state

এ পি এছ চি কেলেংকাৰী : এইবাৰ গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাস

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 4:11 PM IST

এ পি এছ চি কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত আৰক্ষী সেৱাৰ বিষয়া সুকন্যা দাসক গ্ৰেপ্তাৰ ৷ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP আছিল সুকন্যা দাস ৷

APS Officer Sukanya Das Arrested
ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাসক গ্ৰেপ্তাৰ

গুৱাহাটী, 4 ডিচেম্বৰ : এ পি এছ চি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন ৰাজপত্ৰিত বিষয়া ৷ সোমবাৰে আন এগৰাকী অভিযুক্ত বিষয়াক গ্ৰেপ্তাৰ হৈছে ৷ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ ADCP সুকন্যা দাসক ৷ 6 খনৰ বিপৰীতে সুকন্যা দাসৰ আছিল কেৱল 4 খনহে উত্তৰবহী ৷

সোমবাৰে এছ আই টিয়ে সোধা-পোছাৰ বাবে চি আই ডিৰ কাৰ্যালয়লৈ তলব কৰিছিল সুকন্যা দাসক ৷ পুৱাই চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল অভিযুক্ত ৰাজপত্ৰিত বিষয়া সুকন্যা দাস ৷ দীৰ্ঘসময় সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় বক্ৰপথেৰে এ পি এছ চিৰ চাকৰি লোৱা সুকন্যা দাসক ৷

এছ আই টিয়ে সুকন্যা দাসক আজি চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ পূৰ্বেও হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পিছতো সুকন্যা দাস এছ আই টিৰ ওচৰত হাজিৰ হোৱা নাছিল ৷ ব্যক্তিগত কাৰণত হাজিৰ হ’ব নোৱাৰিব বুলি পৰৱৰ্তী সময়ত হাজিৰ হোৱাৰ বাবে এছ আই টিৰ পৰা কিছু সময় বিচাৰিছিল বিষয়াগৰাকীয়ে ৷

ইফালে আজি কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মা আৰু কাছাৰৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাসক চি আই ডিৰ কাৰ্যালয়ত এছ আই টিয়ে জেৰা চলাই আছে ৷ উল্লেখ্য যে এ পি এছ চি কেলেংকাৰীৰ তদন্ত কৰা ন্যায়িক আয়োগে 34 জন ৰাজপত্ৰিত বিষয়াৰ জালিয়াতিৰ তথ্যসহ আঙুলিয়াই দিয়াৰ পিচত ৰাজ্য চৰকাৰে ইয়াৰে 23 জনক চাকৰিৰ পৰা নিলম্বন কৰিছে ৷ বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা তিনি বিষয়া ৰাকেশ দাস,অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : মহাভাৰতৰ যুদ্ধত কৌৰৱৰ দৰে বিজেপিয়েও লোকসভা নিৰ্বাচনত পৰাজয়বৰণ কৰিব: ভূপেন‌ বৰা‌

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.