ETV Bharat / state

Appointment controversy: বিজ্ঞাপন নোহোৱাকৈয়ে 19 জনক স্থায়ী নিযুক্তি বিধানসভাত

author img

By

Published : Jun 12, 2023, 7:10 PM IST

বিজ্ঞাপনহীন নিযুক্তিৰ বিতৰ্কৰ আৱৰ্তত অসম বিধানসভা ৷ 19 গৰাকী প্ৰাৰ্থীক বিজ্ঞাপন তথা পৰীক্ষা নপতাকৈয়ে দিলে স্থায়ী নিযুক্তি ৷ এই পৰ্যন্ত বিধানসভাৰ অধ্যক্ষ নাইবা সচিবালয়ৰ তৰফৰ পৰা এই বৈষম্যমূলক তথা অনিয়ম প্ৰসংগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

Appointment controversy in Assam Assembly
Appointment controversy

গুৱাহাটী, 12 জুন: অসম বিধানসভাত নিযুক্তি প্ৰক্ৰিয়াত অনিয়মৰ বিতৰ্কই দখল কৰিছে সংবাদ শিৰোনাম ৷ অসম চৰকাৰে মাত্ৰ কেইদিনমান পূৰ্বে অভাৰলেপিঙৰ বিতৰ্কৰ বাদে কোনো বিশেষ বিতৰ্কৰ সূত্ৰপাত নঘটোৱাকৈ প্ৰায় 44,000 চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে ৷ তাৰ বিপৰীতে খোদ বিধানসভাতেই অনিয়মেৰে 19 জনক নিযুক্তি দিয়া প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ সূত্ৰপাত ঘটিছে ৷ শেহতীয়াভাৱে শুকুৰবাৰে 9 জুনত 19 গৰাকী লোকক চাকৰি নিয়মীয়াকৰণ কৰি বিধানসভা সচিবালয়ৰ বিভিন্ন পদত স্থায়ী নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷

এই নিযুক্তি প্ৰক্ৰিয়াক লৈ বিধানসভা সচিবালয়ৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ কাৰণ নিযুক্তি প্ৰক্ৰিয়াত এই পদসমূহৰ বাবে দিয়া হোৱা নাছিল কোনো বিজ্ঞাপন । এই 19 গৰাকীৰ ভিতৰত 10 গৰাকী নিম্ন বৰ্গৰ সহায়ক, এগৰাকীকৈ টাইপিষ্ট, কেয়াৰ টেকাৰ, কাউণ্টাৰ এছিছষ্টেণ্টসহ ৬ গৰাকীকৈ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে ৷ কেৱল সাক্ষাৎকাৰ অনুষ্ঠিত কৰিয়েই দিয়া হৈছে এইসমূহ নিযুক্তি ৷

লগতে পঢ়ক: Water pipe explosion: মহানগৰীৰ জল বিস্ফোৰণৰ ঘটনাক সাধাৰণ ঘটনা আখ্যা জিলা আয়ুক্তৰ

মন কৰিবলগীয়া যে শেহতীয়াকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ খৰচ কমাবলৈ অসংবেদনশীল মন্তব্য কৰাৰ লগতে নিজৰ আবাসগূহত 22 টা AC লগাই বিতৰ্কৰ শিৰোনাম দখল কৰিছে ৷ ৰাজ্যজুৰি সমালোচনা সন্মুখীন হৈছে অধ্যক্ষ দৈমাৰী ৷ সামাজিক মাধ্যমতো ব্যৱহাৰকাৰীৰ দ্বাৰা প্ৰচুৰ ট্ৰলৰ সন্মুখীন হৈছে তেওঁ ৷ তাৰ মাজতে খোদ বিধানসভাতে 19 টা চাকৰিৰ পদত নিযুক্তিত অনিয়মৰ বিতৰ্কই অধ্যক্ষগৰাকীৰ ভূমিকাক লৈয়ো প্ৰশ্ন তুলিছে ৷

এফালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত লিখিত পৰীক্ষাৰ পিচতহে সাক্ষাৎকাৰ পাতি নিযুক্তি দিছে ৷ আনফালে, বিশ্বজিৎ দৈমাৰী অধ্যক্ষ ৰূপে থকা অসম বিধানসভাৰ সচিবালয়ত বিজ্ঞাপন আৰু লিখিত পৰীক্ষা অবিহনেই কিয় নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

পূৰ্বৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ দিনত অস্থায়ী কৰ্মচাৰীৰূপে নিযুক্ত 109 জনক অস্থায়ী নিযুক্তি দিছিল ৷ এই 109 জনৰ মাজৰ পৰা ৰহস্যজনকভাৱে মাত্ৰ 19 জনক বাছি বাছি সংগোপনে বিজ্ঞাপন অবিহনে নিযুক্তি দিয়া হ’ল সেই লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক: Abdul Khaleque slams Assam Govt: GMDA ক ধমক দিবলৈ মুখ্যমন্ত্ৰীক চেলেঞ্জ সাংসদ খালেকৰ

লগতে অভিযোগ উত্থাপন হৈছে যে, এই 19 জনৰ উপৰিও পূৰ্বৰ সকলো অস্থায়ী কৰ্মচাৰীক বঞ্চিত কৰি যোৱা দুটা বছৰত অস্থায়ী ৰূপে নিযুক্তি লাভ কৰা একাংশ বিশেষ বছা বছা কৰ্মচাৰীকহে একেদৰেই বিজ্ঞাপন অবিহনেই নিযুক্তি দিয়াৰ প্ৰস্তুতি চলিছে বিধানসভা সচিবালয়ত । এই পৰ্যন্ত বিধানসভাৰ অধ্যক্ষ নাইবা সচিবালয়ৰ তৰফৰ পৰা এই বৈষম্যমূলক তথা অনিয়ম প্ৰসংগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.