ETV Bharat / state

কংগ্ৰেছ দলে কেতিয়াও ৰাইজক বন্ধকত থৈ ধাৰ লোৱা নাই: দাবী কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:28 PM IST

Ratul Kalita Criticizes Minister Pijush Hazarika
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা

মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা ৷ হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ অযথা ব্যয় কৰা বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰাটো হাস্যকৰ বুলি কয় কলিতাই ৷

মন্ত্ৰী পীযুষ হাজৰীকাক সমালোচনা ৰাতুল কলিতাৰ

গুৱাহাটী, 9 ডিচেম্বৰ : "অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী পীযুষ হাজৰীকাই আমাৰ কংগ্ৰেছ দলৰ, লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে যি মাননি ধাৰ্য কৰা হৈছে, তাক লৈ সমালোচনা কৰিছে ৷ যিখন বিজেপি চৰকাৰে অসমৰ ৰাইজক বন্ধকত থৈ হাজাৰ হাজাৰ কোটি টকাৰ ধাৰ লয়, হেলিকপ্টাৰ উৰুৱাই, চল্লিশ কোটি টকীয়া পেণ্ডেল সাজি আছে, সেইখন চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কংগ্ৰেছ দলৰ এই মাননি লোৱাক লৈ সমালোচনা কৰাটো হাস্যকৰ ৷" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাৰ ৷

লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে মাননি ধাৰ্য কৰাক লৈ কংগ্ৰেছক মন্ত্ৰী পীযুষ হাজৰীকাই কৰা সমালোচনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতা ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ পৰা আবেদন আহ্বান কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ এই সন্দৰ্ভত জাৰি কৰা জাননীত 1 লাখ টকাৰ ডিমাণ্ড ড্ৰাফ্টসহ ইচ্ছুক প্ৰাৰ্থীয়ে অসমৰ 14 টা লোকসভা সমষ্টিৰ বাবে আবেদন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে ৷

প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা এনেদৰে মাননি সংগ্ৰহ কৰা কাৰ্যক সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীৰ সমালোচনা সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই কয় যে অসমৰ ৰাইজক বন্ধকত ৰাখি হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ অযথা ব্যয় কৰা বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰাটো হাস্যকৰ ৷ কংগ্ৰেছ দলে ৰাইজক বন্ধকত থৈ কেতিয়াও এনেদৰে ধাৰ লোৱা নাই ৷ কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ পৰা মাননি সংগ্ৰহ কৰা কাৰ্যক সমালোচনা কৰাটো সম্পূৰ্ণ ৰূপে হাস্যকৰ বুলি কয় কলিতাই ৷

তেওঁ লগতে কয় যে, কংগ্ৰেছ দলে ঋণ-ধাৰ লৈ ৰাইজৰ ধনৰ শৰাধ কৰা নাই ৷ কংগ্ৰেছ নেতা ৰাতুল কলিতাই মন্ত্ৰী পীযুষ হাজৰীকাক কটাক্ষ কৰি কয় যে সাহস আছে যদি ৰাইজৰ ধন অপচয় কৰা কাৰ্য বন্ধ কৰক ৷ লগতে বন্ধ কৰক বিলাসিতা ৷ ৰাইজৰ ধনৰে বিলাসিতা কৰা মন্ত্ৰী এগৰাকীয়ে কংগ্ৰেছৰ মাননি লোৱা কাৰ্যক সমালোচনা কৰাটো হাস্যকৰ বুলি তেওঁ কয় ৷

লগতে পঢ়ক : ডাঙৰ ডাঙৰ কথা কোৱা ভূপেন বৰা নিমাত কিয়: সাংসদ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.