Bhabesh Kalita remarks on Mallikarjun Kharge: ভৱেশ কলিতাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Dec 27, 2022, 4:29 PM IST

Bhabesh Kalita remarks on Mallikarjun Kharge
ভৱেশ কলিতাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ ()

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সন্দৰ্ভত কৰা অপমানসচূক মন্তব্যক লৈ জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ (Congress leader slams Bhabesh Kalita)। প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই তীব্ৰ সমালোচনা কৰে ভৱেশ কলিতাক । নিম্নৰুচি সম্পন্ন, শালীনতাহীন তথা শিষ্টাচাৰ বিহীন আখ্যা ভৱেশ কলিতাক ।

ভৱেশ কলিতাক তীব্ৰ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী,২৭ ডিচেম্বৰ : শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সন্দৰ্ভত অপমানসচূক মন্তব্য কৰিছিল (Derogatory remarks of Bhabesh Kalita)। ৰাষ্ট্ৰীয় নেতাগৰাকী সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কৰা তেনে মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰছ । কংগ্ৰেছৰ কেইবাগৰাকী বিধায়ক তথা নেতাই বিজেপি নেতা ভৱেশ কলিতাক তীব্ৰ সমালোচনা কৰা দেখা গৈছে ।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই (APCC IT cell president slams Bhabesh Kalita)। তেওঁ কয় যে নিম্নৰুচি সম্পন্ন, শালীনতাহীন তথা শিষ্টাচাৰ বিহীন এজন ব্যক্তি বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদত বহি আছে আৰু সেই কথা তেওঁৰ বক্তব্যত প্ৰকাশ পাইছে । ভৱেশ কলিতাক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁৰ দৰে এগৰাকী নেতাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দৰে ব্যক্তিক কুকুৰৰ লগত তুলনা কৰি মন্তব্য কৰাটো অতি দুৰ্ভাগ্যজনক । অতি সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা মল্লিকাৰ্জুন খাৰ্গেই ১১ বাৰকৈ ধাৰাবাহিকভাৱে নিৰ্বাচনত জয়ী হৈ আহিছে ।

তেওঁ অভিযোগ কৰা মতে ভৱেশ কলিতাই কেৱল মল্লিকাৰ্জুন খাৰ্গেকেই নহয় সমগ্ৰ ৰাজনৈতিক কুলটোকে অপমানিত কৰিছে । তেওঁ লগতে কয় যে এনেধৰণৰ কথাবাৰ্তাৰ বাবেই আজি নৱপ্ৰজন্মৰ ৰাজনৈতিক ক্ষেত্রখনৰ প্ৰতি অনীহা আহিছে তথা ঘৃণা উপজিছে । ছিণ্ডিকেটৰ টকাৰ বলত বলিয়ান হৈ ভৱেশ কলিতাই আবোল-তাবোল কথা কোৱা আৰম্ভ কৰিছে বুলিও অভিযোগ কৰি তেওঁ কয় যে ভৱেশ কলিতাই এনেবোৰ মন্তব্য কৰিলে তেওঁৰ কুকৰ্মৰ কথাও আমাৰ মনলৈ আহে (Congress leader Ratul Kalita slams Bhabesh Kalita)।

ভৱেশ কলিতাই ফুচকা বেপাৰীয়েও কংগ্ৰেছক ভাল নাপায় বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে যদি ফুচকা বেপাৰীয়ে কংগ্ৰেছক ভাল নাপায় তেন্তে হিমাচল প্ৰদেশত কংগ্ৰেছ কেনেকৈ জয়ী হ'ল । য'ত প্ৰধানমন্ত্রীগৰাকীয়ে বিভিন্ন সাজপাৰেৰে ভেশছন ধৰাৰ পাছতো কিন্তু হিমাচলত বিজেপি পৰাভূত হ'ল । আনহাতে হিন্দীবলয়ে বিজেপিক প্ৰত্যাখ্যান কৰা আৰম্ভ কৰা বুলিও প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই দাবী কৰে ।

হতাশাত ভোগা বাবেই ভৱেশ কলিতাই এনেধৰণৰ মন্তব্য কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে ন-বিজেপি আৰু পুৰণি কংগ্ৰেছৰ উপদ্ৰৱত এতিয়া পুৰণি বিজেপিৰ স্থান নোহোৱা হৈছে । প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই ভৱেশ কলিতাক বিজেপিৰ ৰাজ্যিক সভাপতি পদৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক :DAC Members Oath Ceremony : তীব্ৰ খামখেয়ালিৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিৰ শপত গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.