ETV Bharat / state

Womens Reservation Bill: মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 8:26 PM IST

মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত দিয়া ভাষণৰ জৰিয়তে দেশবাসীৰ ওচৰত প্ৰকৃত সত্য দাঙি ধৰাৰ বাবে মল্লিকার্জুন খৰ্গে, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক ধন্যবাদ জ্ঞাপন ভূপেন বৰাৰ। কেৱল বাঃ বাঃ ল’বৰ বাবেই মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিছে সেয়া এতিয়া আৰু দেশবাসীৰ বুজিবলৈ বাকী নাই বুলি কয় তেওঁ ৷

APCC President Bhupen Borah
মহিলা সংৰক্ষণ বিধেয়ক

গুৱাহাটী,২১ ছেপ্টেম্বৰ : বহু চৰ্চিত “মহিলা সংৰক্ষণ বিধেয়ক’’ বা “নাৰী শক্তি বন্দন অধিনিয়ম’’ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ অৱশ্য ভূপেন বৰাই বিধায়কখনৰ বিপৰীতে বিধেয়কখন সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই কৰা মন্তব্যৰ ক্ষেত্রতহে বিশেষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

বৃহস্পতিবাৰে ভূপেন বৰাই নিজৰ প্ৰতিক্ৰিয়াত কয় যে মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত চলা আলোচনাকালত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় সমিতিৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে বিধেয়কখনৰ প্ৰতি সমর্থন জনাই প্রদান কৰা বলিষ্ঠ ভাষণে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে হৃদয়ো জয় কৰিবলৈ সমৰ্থ হৈছে ৷

তেওঁ কয় যে, মহিলা সংৰক্ষণ বিধেয়কক লৈ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দেখা সপোনৰ কথা উল্লেখ কৰি ছোনিয়া গান্ধীয়ে প্ৰদান কৰা ভাষণৰ পিছতে এই বিধেয়কখনক লৈ বিজেপি চৰকাৰে দেখুওৱা তৎপৰতাত যে কোনো আন্তৰিকতা নাই সেয়াও সমগ্র দেশবাসীয়ে উপলব্ধি কৰিবলৈ সমৰ্থ হৈছে ৷

একেদৰে সাংসদ ৰাহুল গান্ধীয়ে জাতি গণনা কৰিবলৈ দাবী জনাই দিয়া বলিষ্ঠ আৰু যুক্তিপূর্ণ ভাষণেও কোটি কোটি দেশবাসীৰ অন্তৰ জয় কৰিছে ৷ মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত দিয়া ভাষণৰ জৰিয়তে দেশবাসীৰ ওচৰত প্ৰকৃত সত্য দাঙি ধৰাৰ বাবে ভূপেন বৰাই তিনিওগৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰে ৷

সভাপতি বৰাই কয় যে যি সময়ত বিজেপিয়ে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰি উক্ত বিশেষ অধিৱেশনত কেৱল বাঃ বাঃ ল’বৰ বাবেই মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিছে সেয়া এতিয়া আৰু দেশবাসীৰ বুজিবলৈ বাকী নাই ৷ বিজেপিয়ে মহিলাসকলে এতিয়াই সংৰক্ষণ পোৱাতো মুঠেই নিবিচাৰে বুলি সদৰী কৰি সভাপতি বৰাই কয় যে কেৱল চমকৰ বাবেহে বিধেয়কখন উত্থাপন কৰিছে ৷ সেয়ে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকার্জুন খাৰ্গেই কবীৰৰ দোহাৰ জৰিয়তে বিজেপিক বুজাই দিছে যে কংগ্ৰেছে মহিলা সংৰক্ষণ আইন ২০২৪ চনতে প্রযোজ্য হোৱাতো বিচাৰে ৷

একেদৰে ছোনিয়া গান্ধীয়েও মহিলাসকলে আৰু কিমান বছৰ অপেক্ষা কৰিব লাগিব বুলি প্রশ্ন কৰিছে বুলি বৰাই কয় ৷ বৰাই লগতে কয় যে মহিলা সংৰক্ষণ বিধেয়কক লৈ মোদী চৰকাৰ ছিৰিয়াছ হোৱা হ’লে আজিৰ পৰা তিনি বা চাৰি বছৰ আগেই সেয়া উত্থাপন কৰি ২০২৪ পৰা কাৰ্যকৰী কৰিলেহেঁতেন ৷ কিন্তু সেয়া বিজেপিয়ে কৰা নাই ৷ বিজেপি চৰকাৰে জি-২০ সন্মিলনক লৈ বৰ বৰ কথা কৈ ফুৰিছে ৷ কিন্তু জি-২০ সন্মিলনত ভাগ লোৱা দেশসমূহৰ ভিতৰত ভাৰতেই একমাত্র দেশ যিখন দেশে ২০২১ চনত লোকপিয়ল নকৰিলে বুলি বৰাই অভিযোগ কৰে ৷

ক’ভিড মহামাৰীৰ দোহাই দি মোদী চৰকাৰে আজিলৈকে লোকপিয়ল কৰা নাই বুলি সদৰী কৰি বৰাই কয় যে ১৮৮১ চনৰ পিছত প্ৰথমবাৰৰ বাবে সময়মতে লোকপিয়ল কৰা হোৱা নাই ৷ বিশ্বৰ আগশাৰীৰ দেশ বাদেই, জি-২০ৰ ভাৰতৰ দৰে আন উন্নয়নশীল দেশসমূহেও ২০২১ত লোকপিয়ল কৰিছে ৷

এতিয়া লোকপিয়লৰ দোহাই দি মহিলা সংৰক্ষণ বিধেয়ক ২০২৯ তহে প্রযোজ্য হ'ব বুলি কৈছে ৷ পিছে এই আচল কথাটো লুকুৱাই বিধেয়কখন উত্থাপন কৰাটোক লৈহে মোদী চৰকাৰে ঢোল কোবাই ফুৰিছে বুলি বৰাই কয় ৷ এইবোৰ কথাই সংসদত কংগ্ৰেছৰ নেতাসকলে উদঙাই দিছে বুলি সদৰী কৰি তেওঁ কয় যে দেশবাসীয়ে বিজেপি চৰকাৰৰ কৌশল বুজিবলৈ আৰু বাকী নাই ৷

লগতে পঢ়ক : Protest Against BJP Govt: প্ৰৱেশ নিষিদ্ধ ! কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ; বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.