ETV Bharat / state

Bagane Bagane Congress : বাগিচাই বাগিচাই 'কৰ্ণাটক মডেল’ৰ প্ৰতিশ্ৰুতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:48 PM IST

2024 ৰ লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসমত সাজু হৈছে বিৰোধী কংগ্ৰেছ দল ৷ উজনি অসমৰ বাগিচাই বাগিচাই এতিয়া ব্যস্ত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ ৷ কংগ্ৰেছে সকলো সভা আৰু জনসম্পৰ্কতে দিছে এলানি প্ৰতিশ্ৰুতি ৷

APCC President Bhupen Borah
বাগিচাই বাগিচাই প্ৰদেশ কংগ্ৰেছ

লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, 4 ছেপ্টেম্বৰ : “য’ত য’ত কংগ্ৰেছৰ চৰকাৰ চলিব ত’ত ত’ত আমি কৰ্ণাটক মডেলৰ চৰকাৰ চলাম ৷... আমি যেতিযা শাসনলৈ আহিম 500 টকাত গেছৰ চিলিণ্ডাৰ দিম ৷ ঘৰে ঘৰে 200 ইউনিট বিজুলী বিনামূলীয়াকৈ ৰাইজক দিম ৷...” এইদৰেই এতিয়া উজনি অসমত চাহ বাগানে বাগানে উদাত্ত কণ্ঠেৰে প্ৰতিশ্ৰতি দি দলীয় শক্তি বৃদ্ধিৰ ব্যাপক কচৰৎ চলাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ 2024 ৰ লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি অসমত সাজু হৈছে বিৰোধী কংগ্ৰেছ দল ৷ উজনি অসমৰ যিকোনো নিৰ্বাচনী ফলাফলত বিস্তৰ ভূমিকা পালন কৰে অসমৰ চাহ জনগোষ্ঠীয় ভোটাৰ সকলে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ এতিয়া ব্যস্ত উজনি অসমৰ বাগিচাই বাগিচাই ৷

“বাগানে বাগানে” শীৰ্ষক এক বিশাল কাৰ্যসূচীৰে উজনি অসমত চাহ বাগিচাসমূহত তৃণমূলৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ বাবে এক অভিযান হাতত লৈছে প্ৰদেশ কংগ্ৰেছে ৷ নেতৃত্ব দি বাগানে বাগানে পুৱাৰ পৰা সন্ধিয়ালৈ সভা পাতিছে, পাত তুলি থাকোতে চাহ শ্ৰমিকক লগ ধৰিছে খোদ এপিচিচিৰ সভাপতি ভূপেন বৰাই ৷ লগত প্ৰবীণ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰ আৰু প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা আদি ৷ কংগ্ৰেছে সকলো সভা আৰু জনসম্পৰ্কতে দিছে এলানি প্ৰতিশ্ৰুতি ৷ ৰাইজক বুজাইছে কৰ্ণাটক মডেল ৷ নিৰ্বাচনত জিকিলেই প্ৰতিশ্ৰুতি পূৰণ হ’ব কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ দৰে ৷

2014 ৰ লোকসভা নিৰ্বাচনত অসমৰ চাহ জনগোষ্ঠীয় ভোট বেংকৰ দুৰ্গ ভাঙি তচনচ হৈছিল কংগ্ৰেছৰ ৷ পৰৱৰ্তী সময়ত প্ৰতিটো নিৰ্বাচনতে চাহ জনগোষ্ঠীয় ভোটাৰৰ মাজত পুনৰাই দলীয় স্থিতি সবল কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে কংগ্ৰেছ দল ৷ বিভিন্ন আঁচনিৰে ভোটাৰ সকলক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈ আহিছে ৰাজ্যৰ বিজেপি চৰকাৰে ৷ কেন্দ্ৰত প্ৰায় 10 বছৰীয়া আৰু ৰাজ্যত প্ৰায় সাত বছৰীয়া বিজেপি শাসনৰ পিছত দেশৰ লগতে অসমতো ৰাজনৈতিক পৰিক্ৰমা আৰু পৰিৱেশ এইবাৰ বিৰোধীৰ “ভালকৈয়ে এঘঁড়ী যুঁজিম” সদৃশ ৷ সেয়ে হাই কমাণ্ডৰ নিৰ্দেশ অনুসৰি অসমত কংগ্ৰেছে লোৱা কাৰ্যসূচীৰ ভিতৰত “বাগানে বাগানে” কাৰ্যসূচীও অন্যতম ৷ এতিয়া বাগানে বাগানে কংগ্ৰেছে দিছে কংগ্ৰেছ শাসিত কৰ্ণাটক মডেলৰ প্ৰতিশ্ৰুতি ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নিজেই চাহ বাগিচা ভ্ৰমণসূচীৰ পৰা চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ লগতে অসমবাসীলৈ আগবঢ়াইছে এলানি প্ৰতিশ্ৰুতি ৷ কি কি প্ৰতিশ্ৰুতি ভূপেন বৰাৰ ? 1/ য’ত য’ত কংগ্ৰেছৰ চৰকাৰ চলিব ত’ত ত’ত কৰ্ণাটক মডেলৰ চৰকাৰ চলাব কংগ্ৰেছে, কংগ্ৰেছ যেতিয়া শাসনলৈ আহিব 500 টকাত গেছৰ চিলিণ্ডাৰ দিব ৰাজ্যবাসীক, 2/ কংগ্ৰেছৰ চৰকাৰ য’ত য’ত আহিব তাত 200 ইউনিট বিজুলী বিনামূলীয়াকৈ আগবঢ়াব কংগ্ৰেছে, 3/ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আহিলে গৃহলক্ষ্মী নামেৰে প্ৰতিগৰাকী মহিলাক 2000 টকাকৈ দিয়া হ’ব ৷ যিটো এতিয়া কৰ্ণাটকত কাৰ্যকৰী কৰিছে বুলি ৰাজহুৱা সভা সমূহত সগৌৰৱৰে ঘোষণা কৰিছে ভূপেন বৰাই ৷ 4/ কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাজ্য সমূহত OPS অৰ্থাৎ পুৰণি পেন্সন নীতি পুনৰ বলৱৎ কৰাৰ প্ৰতিশ্ৰুতি দিছে যাতে কৰ্মজীৱন সামৰাৰ পিছত স-সন্মানেৰে কৰ্মচাৰী সকল জীয়াই থাকিব পাৰে, ৫/ উচ্চ শিক্ষিত নিৱনুৱাসকলক কংগ্ৰেছৰ চৰকাৰ হ’লে প্ৰতি মাহে 3000 টকাকৈ; সংস্থাপন নোহোৱা পৰ্যন্ত দিয়াৰ ব্যৱস্থা কৰিব কংগ্ৰেছে, 6/ উচ্চ মাধ্যমিকতে শিক্ষা সামৰা নাইবা পলিটেকনিক আদি বৃত্তিমুখী ডিপ্লমা আদি লৈ নিৱনুৱা হৈ থাকিলে মাহে 1500 টকা আগবঢ়াব কংগ্ৰেছে ৷

এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসমত কৰ্ণাটক মডেলৰ কংগ্ৰেছ চৰকাৰৰ প্ৰতিশ্ৰুতি সমূহৰ একাংশহে ৷ আনকি প্ৰতিশ্ৰুতিসমূহ কৰ্ণাটকত ৰূপায়িত হৈছে নে নাই ইণ্টাৰনেটত, গুগলত বিচাৰি চাবলৈ প্ৰত্যয়েৰে আহ্বান এপিচিচিৰ সভাপতি গৰাকীৰ ৷ এই সন্দৰ্ভত সোমবাৰে পুৱা ডিব্ৰুগড়ত সংবাদমেলো সম্বোধন কৰে বৰাই ৷ এতিয়া কংগ্ৰেছৰ 'বাগানে বাগানে’ কাৰ্যসূচীয়ে কিদৰে প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষণীয় ৷ কিয়নো পুৰণি চাহ জনগোষ্ঠীয় নেতাৰ মুখ সমূহকে লগত লৈ যুঁজত নামিছে কংগ্ৰেছ দল ৷ এসময়ত বিজেপিয়ে আগবঢ়াইছিল গুজৰাট মডেলৰ প্ৰতিশ্ৰুতি ৷ এতিয়া কংগ্ৰেছে আগবঢ়াইছে কৰ্ণাটক মডেলৰ প্ৰতিশ্ৰুতি ৷ অসমত কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতি সমূহে ভোটাৰক বিশেষকৈ চাহ বাগিচাৰ ভোটাৰক কিমান আকৰ্ষণ কৰিব সেয়াও হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Karnataka Model in Assam: কৰ্ণাটক চৰকাৰৰ আৰ্হিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্য চলাবলৈ আহ্বান ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.