Sahitya Akademy Award 2021 : বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

author img

By

Published : Dec 30, 2021, 5:48 PM IST

Anuradha Sharma Pujari
অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা ()

বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা(Anuradha Sharma Pujari conferred with Sahitya Akademy Award) । "ইয়াত এখন অৰণ্য আছিল" শীৰ্ষক উপন্যাসখনৰ বাবে এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে লেখিকাগৰাকীলৈ । লগতে মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে বাল(শিশু) সাহিত্য অকাডেমী বঁটা ।

গুৱাহাটী, ৩০ ডিচেম্বৰ: "মেৰেং" ৰ স্ৰষ্টা অনুৰাধা শৰ্মা পূজাৰীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা(Anuradha Sharma Pujari honoured with Sahitya Akademy Award) । জনপ্ৰিয় লেখিকা তথা সু-সাহিত্যিকগৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে তেওঁৰ অনবদ্য সৃষ্টি, বহুপঠিত উপন্যাস "ইয়াত এখন অৰণ্য আছিল"ৰ বাবে । সাহিত্যিকগৰাকীৰ আন কেইখনমান জনপ্ৰিয় উপন্যাস হ'ল- "সোণ হৰিণৰ চেকুৰ", "কাঞ্চন", "চাহেবপুৰাৰ বৰষুণ", "এজন ঈশ্বৰৰ সন্ধানত", "নীল প্ৰজাপতি" আদি । অসমীয়া সাহিত্যৰ ভাণ্ডাৰ চহকী কৰা এইগৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমীৰ সন্মান আগবঢ়োৱাটো সমগ্ৰ অসমীয়া জাতিৰ বাবে আনন্দৰ খবৰ(Sahitya Akademy Award 2021) ।

Sahitya Akademy to Anuradha Sharma Pujari
অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

বিদায় ল'বলৈ ওলোৱা বছৰটোৰ শেষৰ সময়খিনিত কবি নীলমণি ফুকনলৈ শেহতীয়াকৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান "জ্ঞানপীঠ" আৰু আজি অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা সঁচাকৈয়ে অসমীয়া সাহিত্য ক্ষেত্ৰৰ বাবেও সুখৰ বতৰা । আনহাতে, মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ বাল(শিশু) সাহিত্য অকাডেমী বঁটা(Bal Sahitya Award to Mrinal Kalita) । "বকুল ফুলৰ দৰে" শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে ।

অভিজিৎ বৰালৈ আগবঢ়োৱা হৈছে যুৱ অকাডেমী বঁটা ।

লগতে পঢ়ক:Assam Book Fair 2021 : গ্ৰন্থমেলাৰ বাকৰিত "জ্বলন্ত মহানগৰ আৰু অন্যান্য অনুদিত গল্প" উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.