Ansarullah Bangla Team: শিক্ষিত যুৱকক টাৰ্গেট কৰি সাম্ৰাজ্য বিস্তাৰৰ ভয়াৱহ পৰিকল্পনা আনছাৰুল্লাহ বাংলা টীমৰ

author img

By

Published : Aug 7, 2022, 5:15 PM IST

Ansarullah Bangla Team

ৰাজ্যত বিগত ৫ মাহত জেহাদীৰ ৫ টাকৈ ‘মডিউল' উৎখাত হোৱা ঘটনাই বহন কৰিছে ভয়াৱহ ইংগিত । তথ্য-প্ৰযুক্তিগতভাৱে অভিজ্ঞ ধৃত মুফটি মোস্তাফাই কৌশলেৰে বিয়পাইছিল জেহাদ । বাংলাদেশৰ নাগৰিক ধৃত মহম্মদ সুমনৰ লগত সম্পর্ক থকা মৰিগাঁৱৰ মুফটি মোস্তাফাই ২০১৭ চনত ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা ইছলামিক আইনৰ পি এইচ ডি গ্ৰহণ কৰিছিল । এবিটিয়ে অসমৰ একাংশ বিশেষজ্ঞৰ জৰিয়তে ৰাজ্যত জেহাদীৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে ।

গুৱাহাটী, ৭ আগষ্ট: ৰাজ্যখনত মৌলবাদীৰ উত্থানকলৈ শংকিত হৈ পৰিছে ৰাজ্য চৰকাৰ । শেহতীয়াকৈ ৰাজ্যত বিগত ৫ মাহত জেহাদীৰ ৫ টাকৈ ‘মডিউল' উৎখাত হোৱা ঘটনাই ভয়াৱহ ইংগিত বহন কৰিছে । লক্ষ্যণীয় বিষয় যে জেহাদীৰ পাঁচটা মডিউলৰ ভিতৰত মৰিগাঁৱৰ মৈৰাবাৰীৰ মুফটি মোস্তাফা আছিল অন্যতম । আল-কায়দাৰ ভাৰত উপ-মহাদেশৰ সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিয়ে(Ansarullah Bangla Team ) ধৃত মোস্তাফাক অসমত বিশেষজ্ঞ হিচাবে ব্যৱহাৰ কৰিছিল ।

শিক্ষক আৰু ইমাম হিচাবে মৈৰাবাৰীত জেহাদী কার্যকলাপ চলাই থকা মোস্তাফা এজন তথ্য-প্ৰযুক্তিৰ বিশেষজ্ঞ হিচাবে জেহাদীৰ সাম্ৰাজ্য বিস্তাৰত নিয়োজিত হৈছিল । সেয়ে সামৰিক বাহিনীয়ে মোস্তাফাক গ্ৰেপ্তাৰ(Jihadi Mufti Mustafa arrested) কৰাৰ সময়তেই তেওঁৰ পত্নীয়ে ম'বাইল ফোনটো কাঢ়ি নি ভাঙি পেলাইছিল । ভগা মোবাইল ফোনটো অসম আৰক্ষীয়ে জব্দ কৰি মাদাৰ ব’ৰ্ডৰ পৰা বহু তথ্য উদ্ধাৰ কৰিছে ।

উল্লেখ্য যে, বাংলাদেশৰ নাগৰিক ধৃত মহম্মদ সুমনৰ লগতো সম্পর্ক থকা মৰিগাঁৱৰ মুফটি মোস্তাফাই ২০১৭ চনত ভূপালৰ শিক্ষানুষ্ঠানৰ পৰা ইছলামিক আইনৰ পি এইচ ডি গ্ৰহণ কৰিছিল ।

ইয়াৰ পূৰ্বে মোস্তাফাই উত্তৰ প্ৰদেশ জামিয়া নামৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল । মহাৰাষ্ট্ৰতো অধ্যয়ন কৰা শিক্ষিত মোস্তাফাই তথ্য-প্ৰযুক্তিৰ বিষয়ে ব্যুৎপত্তি লাভ কৰিছিল । বিভিন্ন ৰাজ্যত অধ্যয়ন কৰা মৈৰাবাৰীৰ এইজন যুৱক যে জেহাদৰ নামত বিদ্ৰোহৰ বাবে সাজু হৈছিল, কোনেও ধৰিবই পৰা নাছিল । এবিটিৰ লগত সম্পর্ক থকা এইজন যুৱকে ২০১৮ চনত মৈৰাবাৰীৰ পিতৃৰ মাটিৰ ভাগ লৈ ধৰ্মীয় মাদ্ৰাছা স্থাপন কৰিছিল ।

ধর্মীয় মাদ্ৰাছা স্থাপন কৰিয়েই একাংশ বছা বছা পৰিয়ালৰ শিশুক মাদ্ৰাছালৈ আনি জেহাদৰ শিক্ষা দিছিল আৰু তেওঁৰ জেহাদী কার্যকলাপৰ সমস্ত পুঁজি বাংলাদেশৰপৰা আহিছিল । ধৰা পৰাৰ পূৰ্বে তেওঁৰ মাদ্ৰাছাত ৪৩ জন শিক্ষার্থী আছিল আৰু যিকেইজনক জেহাদৰ প্ৰশিক্ষণ দিয়া হৈছিল বুলি জানিব পৰা গৈছে ।

আনহাতে মাদ্ৰাছাত প্ৰশিক্ষণ দিবলৈ বাংলাদেশৰ পৰাও জেহাদী আহিছিল (Madrasa run by Ansarullah Bangla Team Member)। এবিটিৰ অসমৰ শীর্ষ নেতা হিচাবে কৰ্মৰত মোস্তাফাই তথ্য-প্ৰযুক্তিৰে কোনেও ধৰিব নোৱাৰাকৈ বাংলাদেশত থকা এবিটিৰ নেতাৰ লগত সম্পর্ক স্থাপন কৰিছিল বুলি অসম আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিছে । তেওঁ যোগাযোগৰ বাবে ব্যৱহাৰ কৰিছিল উন্নত প্ৰযুক্তিৰ এপ । আৰক্ষীয়ে পোৱা তথ্য মতে মোস্তাফাই বেংকে যাতে সন্দেহ নকৰে তাৰো ব্যৱস্থা কৰিছিল ।

আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য মতে তেওঁৰ বেংকৰ কেইবাটাও একাউণ্টত কম কমকৈ টকা জমা হৈছিল । আনৰ নামত বেংকৰ একাউণ্ট খুলি সেইবোৰ একাউণ্টতো কম কমকৈ পুঁজি সংগ্ৰহ কৰিছিল । মোবাইল আৰু তথ্য-প্ৰযুক্তিৰ সকলো কাৰিকৰী দিশত পাৰ্গত এইজন জেহাদী নেতা জালত নপৰিলে আগন্তুক সময়ত অন্যান্য অঞ্চলতো জেহাদৰ সাম্ৰাজ্য বৃদ্ধি কৰিলেহেঁতেন । মাদ্ৰাছা আৰু মোস্তাফাৰ গৃহত আৰক্ষীয়ে জব্দ কৰা তথ্যৰ পৰাই তেনে কথাই পোহৰলৈ আহিছে ।

বিদেশৰ পৰা পুঁজি সংগ্ৰহ কৰা এইজন এবিটিৰ নেতাৰ সম্পৰ্কত 'নিয়া'ই অধিক তথ্য সংগ্ৰহৰ চেষ্টা কৰিছে । বাংলাদেশৰ এবিটি আৰু ধৃত বাংলাদেশী সুমনৰ লগত সম্পৰ্ক থকা মুফটি মোস্তাফাৰ এনে তথ্যৰ পৰাই স্পষ্ট হৈছে যে এবিটিয়ে আচলতে অসমৰ একাংশ বিশেষজ্ঞৰ জৰিয়তে ৰাজ্যত জেহাদীৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে ।

ইফালে বৰপেটাত গ্ৰেপ্তাৰ হোৱা বাংলাদেশৰ নাগৰিক মহম্মদ সুমনে মাদ্ৰাছাৰ শিক্ষকৰ উপৰি মছজিদৰ ইমাম হিচাপে কৰ্মৰত হৈ জেহাদৰ জাল পেলাইছিল । উল্লেখ্য যে শেহতীয়াকৈ বাংলাদেশৰ নিষিদ্ধ ঘোষিত সংগঠন এবিটিৰ হৈ অসমত কাম কৰা এজনৰ পাছত আনজনকৈ জেহাদী গ্ৰেপ্তাৰ হোৱা ঘটনাই ৰাজ্যবাসীক উদ্বিগ্ন কৰি তোলিছে (Jihadi arrested in Assam)।

লগতে পঢ়ক: Jihadi Controversy : সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ফেচবুক পেজৰ বিৰুদ্ধে আমছুৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.