Jihadi Controversy : সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ফেচবুক পেজৰ বিৰুদ্ধে আমছুৰ এজাহাৰ

author img

By

Published : Aug 6, 2022, 8:57 PM IST

AAMSU

সাম্প্ৰদায়িক মন্তব্য বিয়পাব বিচৰা ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে কলগাছিয়াত আমছুৰ এজাহাৰ দাখিল । ‘‘অসমীয়া পেজ’’ নামৰ ফেচবুক পেজটোৰ বিৰুদ্ধে কলগাছিয়াত তীব্র প্ৰতিক্ৰিয়া (reaction in Kalgasia against Assamese Facebook page) । স্পষ্টীকৰণ বৰপেটা জিলা আৰক্ষীৰ ।

জনীয়া, ৬ আগষ্ট : শেহতীয়াভাৱে অসমীয়া পেজ নামৰ এটা ফেচবুক একাউণ্টৰ দ্বাৰা বৰপেটা জিলাৰ জনীয়াৰ এখন মাদ্ৰাছাৰ পৰা হাজাৰ হাজাৰ তৰোৱাল বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি এক প্ৰচাৰ চলিছে । কিন্তু সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । যাৰ ফলত সৰৱ হৈছে কলগাছিয়া জিলা আমছু (Kalgasia AAMSU reacted at sword seized rumors in Madrassa) ।

আমছুৰ দাবী, দুষ্টচক্ৰই সামাজিক মাধ্যমত মাদ্ৰাছাৰ বিৰুদ্ধে এনে মিছা অপপ্ৰচাৰ কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ ষড়যন্ত্ৰ কৰিছে । ইয়াৰ উপৰি এনে ভুৱা প্ৰচাৰৰ দ্বাৰা ইছলাম ধৰ্মাৱলম্বীসকলৰ মনত বাৰুকৈয়ে আঘাত দিয়া বুলিও আমছুৰ দাবী ।

আনহাতে, এনে সাম্প্ৰদায়িক অপপ্ৰচাৰেৰে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলিও আমছুৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে শনিবাৰে কলগাছিয়া জিলা আমছুৰ এটা সঁজাতি দলে কলগাছিয়া আৰক্ষী থানাত উপস্থিত হৈ 'অসমীয়া পেজ'ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে (Kalgasia AAMSU FIR against Assamese facebook page) । লগতে উক্ত ফেচবুক পেজটোৰ বিৰুদ্ধে তদন্তমূলকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ।

সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত ফেচবুক পেজৰ বিৰুদ্ধে আমছুৰ এজাহাৰ

উল্লেখ্য, অসমত শেহতীয়াকৈ ভয়ানকভাৱে ঠন ধৰি উঠিছে মৌলবাদী শক্তি । ইতিমধ্যে মৰিগাঁও আৰু বৰপেটা জিলাত গ্ৰেপ্তাৰ হৈছে বহুকেইজন জেহাদী (Jihadi arrested in Assam) । শেহতীয়াভাৱে বৰপেটা জিলাতে গ্ৰেপ্তাৰ হৈছে ১০ জনকৈ জেহাদী ।

আনহাতে, জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত আটক হৈছে কেইবাজনো ব্যক্তি । মৰিগাঁৱৰ এখন মাদ্ৰাছাৰ শিক্ষক জেহাদীৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ লগতে প্ৰশাসনে উচ্ছেদ চলাইছে মাদ্ৰাছাখনত (Eviction on Madrassa linked with Jihadi) । একেদৰে অসম চৰকাৰেও অসমত থকা জেহাদী তথা মৌলবাদীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক :Crime Against Women: অসমত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.