ETV Bharat / state

Alumni meet of GU:গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলনৰ আয়োজন

author img

By

Published : Apr 5, 2023, 8:43 AM IST

Alumni meet
ন-পুৰণি সতীৰ্থ সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ পৰিৱেশ হৈ পৰিছে প্ৰফুল্লময় ৷ বহু প্ৰতীক্ষিত দিন দুটা কাষ চাপি আহিছে (Madhav Bezbaruah Hostel alumni meet) ৷ তাকে লৈ উৎসুকতা আৰু ব্যস্ততা দুয়োটাই বৃদ্ধি পাইছে উদ্যোক্তা আৰু আৰু ন-পুৰণি ছাত্ৰসকলৰ মাজত ৷

ন-পুৰণি সতীৰ্থ সন্মিলন

গুৱাহাটী, 5 এপ্ৰিল : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ ন-পুৰণি সতীৰ্থ সন্মিলন ৭ আৰু ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব (Madhav Bezbaruah Hostel arrange alumni meet) । গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰাৱাস মাধৱ বেজবৰুৱা এক নং দুমহলীয়া ছাত্ৰাৱাসে ইতিমধ্যেই গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে ৷ ঐতিহ্যমণ্ডিত ছাত্ৰাৱাসটোৰ আৱাসীয়ে অসম তথা ভাৰতবৰ্ষৰ শিক্ষা-সাহিত্য-সংস্কৃতি-অৰ্থনীতি-ৰাজনীতি-সমাজনীতি ইত্যাদি ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠাকালৰে পৰা অৱদান আগবঢ়াই আহিছে (Madhav Bezbaruah Hostel of Gauhati University) ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ অন্যতম ব্যক্তি ডেকাবেজ খ্যাত মাধৱ চন্দ্ৰ বেজবৰুৱাৰ সন্মানাৰ্থে নামকৰণ কৰা ছাত্ৰাবাসটোৰ ন-পুৰণি আবাসীসকলৰ মিলনৰ অৰ্থে ৭ আৰু ৮ এপ্ৰিলত এখনি ‘সতীৰ্থ সন্মিলন’ৰ আয়োজন কৰা হৈছে ৷ গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰ অনুষ্ঠিত এখন সংবাদমেলত ন-পুৰণি সতীৰ্থ সন্মিলন উদযাপন সমিতিৰ উপদেষ্টা ড৹ অৱনী কুমাৰ ভাগৱতী, অৱসৰ প্ৰাপ্ত অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়, ড৹ হজৰত আলি, অধ্যাপক, পশ্চিম গুৱাহাটী মহাবিদ্যালয়, সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড৹ জগদীশ শৰ্মা,কাৰ্যকৰী সভাপতি ড৹ তপন দাস, পৰশ গাৰ্গ, সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই এই কথা সদৰী কৰে ৷

লক্ষ্যনীয় যে মাধৱ বেজবৰুৱা ছাত্ৰাৱাসৰ অসংখ্য প্ৰাক্তন আৱাসীয়ে অসমৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশত অতুজ্জল ভূমিকা গ্ৰহণ কৰি আহিছে ৷ ছাত্ৰাৱাসৰ কেইবাজনো প্ৰাক্তন আৱাসীয়ে উপাচাৰ্যৰ পদ অলংকৃত কৰিছে ৷ ৰাজ্যৰ উন্নয়নৰ লগত জড়িত আৰু সামাজিক দিশৰ গুৰুত্বপূৰ্ণ বিষয়ত প্ৰাক্তন আৱাসীয়ে কাম কৰি আছে ৷ উল্লেখ্য যে ৭ এপ্ৰিলৰ সতীৰ্থ সন্মিলনৰ অনুষ্ঠান গছপুলি ৰোপনৰে আৰম্ভ হ’ব ৷ গছপুলি ৰোপন কৰিব অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ শীৰ্ষ বিষয়া মানবেন্দ্ৰ দেৱ ৰয় আৰু অসম গৌৰৱ ড৹ ধ্ৰুৱজ্যোতি শৰ্মাই । উক্ত দিনাই অনুষ্ঠিত হ'বলগীয়া বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰিব অধ্যাপক ড৹ হজৰত আলিয়ে ৷ মিলানাভ গোস্বামী সোঁৱৰণী পাঞ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব শিৱসাগৰ জিলাৰ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াই, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা উদ্বোধন কৰিব অসমৰ বিশিষ্ট অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে (Alumni meet of Madhav Bezbaruah hostel of GU) ৷

৮ এপ্ৰিলৰ কাৰ্যসূচী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলনৰে আৰম্ভ হ’ব ৷ বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ হেমন্ত কুমাৰ নাথে (Gauhati University arrange alumni meet) ৷ আৱাসৰ পতাকা উত্তোলন কৰিব বিশ্ববিদ্যালয়ৰ শ্ৰেণী সমূহৰ সচিব ড৹ জগদীশ শৰ্মাই, ন-পুৰণি সতীৰ্থ সন্মিলনৰ পতাকা উত্তোলন কৰিব অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড৹ তপন দাসে, শ্বহীদ তৰ্পণ কৰিব সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাই ৷ সেইদিনা মাধৱ বেজবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আমাৰ মাজৰ পৰা হেৰাই যোৱা প্ৰাক্তন আবাসীসকলৰ পৱিত্ৰ স্মৃতিত স্মৃতি তৰ্পণ, স্মৃতিগ্ৰন্থ উন্মোচন, সতীৰ্থ সন্মিলন, মুকলি সভা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ মুকলি সভা উদ্বোধন কৰিব আবাসৰে প্ৰাক্তন আবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে ।

মুখ্য অতিথি হিচাবে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত ৷ নিমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকিব ড৹ ননী গোপাল মহন্ত আৰু চৈয়দ জাৰিৰ হুছেইন । স্মৃতিগ্ৰন্থৰ উন্মোচক হিচাবে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হিচাবে উপস্থিত থাকিব আৱাসৰে প্ৰাক্তন আৱাসী তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস । উক্ত অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, শিল্পী, সাহিত্যিক , বিশ্ববিদ্যালয়ৰ শিক্ষক ছাত্ৰ-ছাত্ৰী আদিৰ লগতে ছাত্ৰাবাসৰ ন-পুৰণি সতীৰ্থসকল উপস্থিত থাকিব ৷

লগতে পঢ়ক : MasterChef India 7 : তিনিচুকীয়াত মাষ্টাৰ চেফ ইণ্ডিয়া ৭ ৰ বিজয়ী নয়নজ্যোতি শ‌ইকীয়াক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.